ভাওনা, ভাওনাৰ পৰিৱৰ্তন আৰু বৰ্তমান ভাওনাৰ প্ৰাসংগিকতা
চিত্ৰপট বা চিত্ৰ অংকিত পটক প্ৰধান অৱলম্বন হিচাপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা নাটৰ জৰিয়তে অসমীয়া ভাওনাৰ যি যুগান্তকাৰী ইতিহাস ৰচনা কৰিছিল, সেয়া সৰ্বজনবিদিত।চিহ্ণযাত্ৰা কোনো লিখিত নাট নহয়*।পৰৱৰ্তী সময়ত শংকৰদেৱৰ হাততেই অসমীয়া নাটৰ জন্ম হয়। প্ৰথমখন অসমীয়া নাট শংকৰদেৱৰ পত্নী প্ৰসাদ।
পত্নী প্ৰসাদৰ পাছত শংকৰদেৱে ক্ৰমে কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয় নাট ৰচনা কৰে।
শংকৰদেৱৰ হাতত অসমীয়া নাটৰ আদিপৰ্ব ৰচনাৰ পৰৱৰ্তী সময়তে মাধৱদেৱৰ হাতত ঝুমুৰা নামে এক নব্য শৈলীৰ নাট ভাওনাৰ সৃষ্টি হয়।
যদিও শংকৰ, মাধৱৰ নাটসমূহক একেলগে অংকীয়া ভাওনা বা অংকীয়া নাট বুলি এক সুকীয়া বিভাগত ৰখা হয়, তথাপি মাধৱদেৱৰ ঝুমুৰাসমূহত শংকৰী নাটসমূহতকৈ পৰিবৰ্তিত ৰূপ এটা পৰিলক্ষিত হয়।
শংকৰদেৱ মাধৱদেৱৰ পৰৱৰ্তী সময়ত ৰচিত নাটসমূহ শংকৰদেৱৰ আৰ্হিতে ৰচিত হ'ল যদিও শ্লোকৰ সংখ্যা হ্ৰাস পালে আৰু নাটৰ সংলাপৰ ভাষা পোনপটীয়া আৰু ঘৰুৱা অসমীয়া শব্দ ব্যৱহাৰ হ'ল।শংকৰদেৱে অসমীয়া ভাষাৰ কালিকাযুক্ত তথা জতুৱা প্ৰকাশভংগী ব্যৱহাৰ কৰি ব্ৰজাৱলী নামে যি কৃত্ৰিম অথচ উচ্চস্তৰীয় ভাষাত নাটসমূহ ৰচনা কৰিছিল তাত নিহিত আছিল― এক ভাষাৰ ঠেক গণ্ডীৰ পৰা নাট ভাওনাক মুক্ত কৰি সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ মহানতম প্ৰয়াস।কিন্তু শংকৰোত্তৰ যুগৰ পৰা অসমত বিশেষকৈ সত্ৰসমূহক কেন্দ্ৰ কৰি উজনি অসমত যি মাতৃভাষাৰ নাট ৰচনাৰ উজান উঠিল সেই পৰম্পৰাই শংকৰদেৱৰ নাট্যাদৰ্শৰ মূল জুমুধিটোৰ বাদে সামগ্ৰিক দিশতে পৰিবৰ্তন লাভ কৰিলে।
বৃটিছ শাসনকালত শ্বেক্সপিয়েৰৰ নাট্যশৈলীৰ অমিত্ৰাক্ষৰ ছন্দৰ আৰ্হিত সংলাপ ৰচনাৰ ধাৰাটো অসমীয়া ভাওনাৰ মাজত বেয়াকৈ নিহিত হৈ পৰিল। যাৰ কৰাল প্ৰভাৱৰ পৰা আজিকোপতি অসমীয়া ভাওনা আঁতৰিব পৰা নাই। এইক্ষেত্ৰত গণেশ গগৈৰ শকুনি প্ৰতিশোধ নাটক আৰু অতুলচন্দ্ৰ হাজৰিকাৰ নন্দ দুলাল নাটকৰ প্ৰভাৱো মন কৰিবলগীয়া। শংকৰোত্তৰ কালৰ পৰা বৃটিছ পৰৱৰ্তীকাললৈকে অসমত যি মাতৃভাষাৰ নাট ভাওনা ৰচিত হৈ আহিছিল তাৰ আটাইতকৈ দুখলগা দিশটো হৈছে অতিমাত্ৰা কল্পনাৰ প্ৰয়োগেৰে কাল্পনিক নাটৰ ৰচনা আৰু অদ্ভুত ভাষাশৈলী এটাৰ প্ৰয়োগ। আৰু এটা তাৎপৰ্যপূৰ্ণ কথা এয়ে যে শংকৰদেৱৰ নাটৰ মূল বক্তব্য আছিল― "কৃষ্ণস্তু ভগৱান স্বয়ং", তথা কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰেই শংকৰদেৱৰ নাটৰ মূল উদ্দেশ্য। গতিকে শংকৰদেৱৰ নাটত কৃষ্ণভিন্ন অন্য দেৱ দেৱীৰ পয়োভৰ একেবাৰেই কম। যি আছিল সেয়া কৃষ্ণৰে লীলা প্ৰকাশৰ সুবিধাৰ্থেহে সংযোজন কৰা হৈছিল। কিন্তু পৰৱৰ্তীকালৰ বঙলুৱা ঠাঁচ, ফৌজীয়া নাটৰ আৰ্হিত যি মাতৃভাষাৰ নাট ৰচনাৰ পৰম্পৰা আহি পৰিল তাত কৃষ্ণ চৰিত্ৰৰ সমান্তৰালকৈ শিৱ, দুৰ্গা, কালী, গণেশ প্ৰভৃতি দেৱতাৰ মাহাত্ম্য প্ৰকাশ ঘটিবলৈ ধৰিলে। মনকৰিবলগীয়া যে শংকৰদেৱৰ দৰ্শনত শাক্ত আৰু গাণপত্য মতবাদৰ কোনো স্থান নাই। অৱশ্যে শিৱায় বিষ্ণু ৰূপায় বুলি শিৱক কৃষ্ণৰে পূৰ্ণস্বৰূপ হিচাপে গ্ৰহণ কৰা হয়।
বৰ্তমান ভাওনাৰ আধ্যাত্মিক আৰু তাত্ত্বিক দিশটো বহু পৰিমাণে উপেক্ষা কৰি কেৱল লোকৰঞ্জনৰ দিশকহে গুৰুত্ব দিয়া দেখা যায়। আধুনিক সময়ত মনোৰঞ্জন পাব পৰা সাংস্কৃতিক দিশ তথা সম্বল অনেক গতিকে ভাওনাৰ প্ৰতি কোনো কোনো ঠাইত আকৰ্ষণ কমি কেৱল শংকৰী ঐতিহ্য বুলি পৰিচয় দিবলৈহে ভালপোৱা হ'ল। এই কথাটো ভাওনাৰ লগত জড়িত বা সচেতন সমাজে গুৰুত্বসহকাৰে ল'ব লাগে।
তদুপৰি ব্যস্ত সময়ৰ যুগধৰ্মৰ দোহাই দি আমি ভাওনাৰ নাটসমূহ বিকৃতভাৱে অস্ত্ৰোপচাৰ কৰি ভুৰুকাত হাতী ভৰাবলৈ চেষ্টা কৰি থকাযেন ভাৱ হয়। ৰাতিটো লগা এখন নাট যেতিয়া আধুনিক ব্যস্ততাৰ দোহাই দি তিনিঘণ্টা চাৰিঘণ্টাত শেষ কৰিব লগা হয়, গতিকে স্বাভাৱিকতে মূল সূঁতিৰ পৰা ভাওনা আঁতৰি অহাটো স্বাভাৱিক।
বহুতে বিহুৰ পৰিৱৰ্তনৰ লগত মিলাই ভাওনাৰ পৰিৱৰ্তনৰ কথা যুক্তিৰে ক'ব বিচাৰে। কিন্তু এয়া কোনোপধ্যেই মানি ল'ব নোৱাৰি। বিহু হৈছে লোকনৃত্য, লোকবাদ্য আৰু লোকগীতৰ সমাহাৰৰ ৰংৰসপূৰ্ণ নাচ-গান। আনহাতে ভাওনা হৈছে তাল-মান,লয়, মাৰ্গীয় নৃত্য, গীত, বাদ্যৰে সুসংবদ্ধ, আধ্যাত্মিক ভাৱসিক্ত নিয়মত বন্ধিত এক উচ্চস্তৰীয় অভিনয় প্ৰকৰণ। গতিকে ভাওনাৰ ক্ষেত্ৰত অধিক পৰিৱৰ্তনে ভাওনাৰ পবিত্ৰতা যে হ্ৰাস কৰিছে সেয়া ধুৰুপ। ভাওনা কৰা ব্যক্তি হিচাপে চালে এই কথা মানি লোৱাত কষ্টকৰ হ'ব কিন্তু বিশ্বমানত নিৰপেক্ষভাৱে চালে এই কথাই জলজল পটপট হৈ পৰিব।
এতিয়া আহিল বৰ্তমান ভাওনাৰ প্ৰাসংগিকতাৰ প্ৰশ্ন!
প্ৰথম কথা ভাওনা অসমীয়া জাতিৰ স্বাভিমান, এক মহান ঐতিহ্য। যি অসমীয়া নাট্য পৰম্পৰাক সৰ্বভাৰতীয় স্তৰৰ পৰা পৃথক কৰি ৰাখিছে। গতিকে স্বাভাৱিকতেই অসমীয়া ভাওনাৰ প্ৰাসংগিকতা চিৰযুগমীয়া।
ভাওনাক ব্যৱসায়ৰ সাধন কৰি পেলোৱাটো বহুক্ষেত্ৰত খাপচৰা যেন লাগে। কিন্তু বৰ্তমান চৰকাৰী কৰ্মসংস্থাপনলৈ বাট নাচাই বহু শিক্ষিত যুৱকে নিজা সংস্কৃতিৰ ঘাইখুঁটা সদৃশ ভাওনাকেই উপাৰ্জনৰ পথ হিচাপে লোৱাটো আদৰণীয় বুলি ক'বই লাগিব।
আনহাতে যিদৰে এচাম নতুন মুখ ভাওনাৰ প্ৰতি আকৃষ্ট হৈ ওলাই আহিছে, একেদৰে এচাম নতুন মুখে অপ্ৰয়োজনীয় বুলি ভাওনাক এৰাই যাবও ধৰিছে। স্কুলীয়া শিক্ষাৰ লগত জাতীয় ঐতিহ্যবাহক ভাওনাৰ প্ৰাসংগিকতা সম্পৰ্কে যদি ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিব পৰা যায় তেন্তে ভাওনাক ধৰি ৰাখিব পৰা যাব। তদুপৰি ভাওনাৰ পবিত্ৰতা আৰু আধ্যাত্মিকতাত আঘাত হানিব পৰা উপসৰ্গসমূহ আঁতৰাই নতুনচামক ভাওনাৰ প্ৰতি অন্তৰাত্মাৰ আবাহনেৰে আকৰ্ষিত কৰিব লাগিব। ভাওনাৰ পৰা ধৰ্ম শিক্ষাতকৈ সংস্কৃতিৰ শিক্ষা দিয়াটো বৰ্তমান বেছি প্ৰাসংগিক। সেইবাবে ভাওনাত ইচ্ছা গ'লেই যি টি বিষয় বা গীত বা বাদ্য সংযোজন কৰা অনুচিত,এই কথা সকলোৱে গুৰুত্ব সহকাৰে লোৱা উচিত।
যুগল কিশোৰ নাথ , গোলাঘাট
――◆◆◆――
0 Comments