নিশা গভীৰ হৈ আহিছে ; জগতবাসী নিদ্ৰা গৈছে । কিন্তু ‘তাৰকাবন’ৰ এক নিভৃত কোণত অকলে বহি আছে তাৰকা , নিশাচৰী তাৰকা । ভাৱত বিভুৰ । চাৰিওফালে নিতাল নিস্তব্ধ । ৰিব ৰিব বতাহ চাটিয়েও ক্ৰমে অশান্ত হৈ ধুমুহাৰ ৰূপ লোৱাৰ আগজাননী দিছে । এনে আগজাননী যদি তাৰকাৰ জীৱনটো---- ?? ----- অবিন্যস্ত , শুষ্ক অবাধ্য চুলি টাৰিয়ে বৰকৈ আমনি কৰিছে তাৰকাক । কিয় নকৰিব ? কত দিন যে হ’ল চুলিটাৰীৰ যতন লোৱা নাই । অথচ আন নাৰীৰ দৰে তাৰকাৰো জানো অতিকে প্ৰিয় নাছিল এই কেশ ; সুন্দইওটো প্ৰশংসা কৰিছিল এই কেশৰ ! হয়তো চুলি টাৰীয়েও অভিমান কৰিছে তাৰকাক , সেয়ে আজি হৈছে ইমান অবাধ্য । অনিচ্ছাকৃত ভাৱে তাৰকাৰ হাতখন শিৰৰ দিশে আগবাঢ়ি গ’ল । কিন্তু এয়া কি !!! নিজৰে ৰাঙলী হাতখন দেখি চমকি উঠিল তাৰকা । ভাৱৰ বিভুৰতা ভাঙিল ; কিয় নহ'ব হাত ৰাঙলী ….? প্ৰতিজ্ঞাবদ্ধ তাৰকা ! আৰু এয়াটো কোনো হেঙুল বোলোৱা হস্ত নহয়, তপস্বীৰ ৰক্তৰে ৰঞ্জিত আজি তাৰকাৰ দুহাত । এয়া কি দেখিছো ? হঠাত তাৰকাৰ দুচকুৰেচোন বৈ আহিছে দুধাৰি অশ্ৰু !! নিশাচৰীয়ে জানো ক্ৰন্দন কৰে ? পাৰে জানো অৱলা নাৰীৰ দৰে হিয়া ধুনি কান্দিব ? ---- আচৰিত , এয়া কান্দিছে , নিশাচৰী তাৰকাই কান্দিব ধৰিছে ! কাৰোবাৰ নাম যেন কৰিছে উচ্চাৰণ ! কাৰ --? অ' লৈছেচোন তাই নিজ পিতৃৰে নাম----
“ হে পিতা, চোৱা আজি তোমাৰ কন্যাক । তোমাৰ কন্যা তাৰকা আজি নহয় অৱলা ; আজি তোমাৰ কন্যা নহয় দুৰ্বলা; আজি মই নৰ ৰক্তস্নাতা নিশাচৰী তাৰকা ।” -----হুকহুকাই কান্দি উঠিল তাৰকা । পাখি লগা কাঁড়ৰ দৰে তাৰকাৰ মন উৰা মাৰিলে শৈশৱলৈ, পিতাৰ কাষলৈ--আৰু তাৰকাৰ লগতে আমাৰো সৌভাগ্য হৈছে তাৰকাৰ অতীতত ভুমুকি মৰাৰ ---
যক্ষৰাজ সুকেতু , ষোড়শী তাৰকাৰ পিতৃ সুকেতু এক বিশাল ৰাজ্যৰ গৰাকী । নিজ কক্ষত বহি আছে সুকেতু । এখোজ দুখোজকৈ তাৰকা পিতৃৰ কক্ষলৈ আগুৱাই গ’ল । নহয় ব্যতিক্ৰম , আজিও পিতা সুকেতু চিন্তাত নিমগ্ন । পিতৃৰ এনে চিন্তাম্বিত ৰূপ তাৰকাৰ বাবে নতুন নহয় । যেতিয়াৰ পৰা জনা - বুজা হৈছে তেতিয়াৰ পৰাই তাৰকাই দেখি আহিছে পিতৃক এনে উদাস - বিষন্ন ৰূপত । কন্যা হৈ বাৰু কেনেকৈ সহে তাৰকাই পিতৃৰ এনে উদাসীন ৰূপ ! তাৰকা সুকেতুৰ সমীপ পালে ; কিন্তু সুকেতুৰ ভাৱৰ যতি নপৰিল । একেই উদাসীন ভাৱ, যেন পাষাণ মূৰ্তি !
-- “ প্ৰণাম পিতা , আশীৰ্বাদ দিয়ক কন্যাক ।"
-- অ’ তাৰকা ……
পিতৃৰ এনে ভাৱ লেশহীন ব্যৱহাৰে আজি অতিষ্ঠ কৰিলে তাৰকাক । ধৈৰ্যৰ বান্ধ চিঙিল; আন কন্যাৰ দৰে তাৰকায়ো বিচাৰে পিতৃৰ সান্নিধ্য । তেনে সৌভাগ্য আজিলৈকে নিমিলিল তাৰকাৰ । সেয়ে আজি কিছু অভিমানী সুৰে তাৰকাই পিতৃক কৰিলে প্ৰশ্ন ---
-- “ পিতা, নিদিলা আশীৰ্বাদ, কন্যা বুলিও আঁকোৱালি নল'লা । কিয় পিতা ---?”
( সুকেতু নিমাত ) --আচৰিত হ’ল তাৰকা ।।
হয়তো ৰাজ্যৰ বিষয়ত পিতৃ চিন্তিত !! মন প্ৰফুল্ল হওক বুলিয়ে পুনৰ তাৰকাই ক’লে-- “ চিন্তা নকৰিবা পিতা । আমাৰ ৰাজ্যৰ এক ক্ষুদ্ৰ অংশ শত্ৰুৱে দখল কৰাৰ বাৰ্তা ময়ো পাইছো । কিন্তু তোমাৰ দৰে বীৰৰ বাবে তাক উদ্ধাৰ কৰাটো তেনেই সহজ-----”
তাৰকাৰ বক্তব্য শেষেই হোৱা নাছিল । কিন্তু , এয়া কি ! সুকেতুৰ মুখ মণ্ডলত দেখিছোঁ ক্ৰোধৰ দাবানল !! আশংকা কৰাৰ পূৰ্বেই হ’ল বিস্ফোৰণ--- “ কাৰবাবে মই সেই অঞ্চল কৰিম উদ্ধাৰ ? কোনে কৰিব শাসন মোৰ পাছত এই বিশাল ৰাজ্যত ? যাওক , শেষ হৈ যাওক মোৰ ৰাজ্য । জীৱিত কালতে দেখি যাঁও মই নিঃশেষ হোৱা মোৰ ৰাজ্য । সৃষ্টিকৰ্তা নহ’ল মোৰ প্ৰতি সদয় । কন্যাই ল'ব নোৱাৰে কদাপি পুত্ৰৰ স্থান----------’’’’’ বাতুলৰ দৰে প্ৰলাপ বকি গ'ল সুকেতুৱে ।
পিতৃৰ এনে আচম্বিত আচৰণ আৰু ৰুঢ় বচন কল্পনাতীত আছিল তাৰকাৰ বাবে । হতভম্ব হৈ গ’ল তাৰকা । এয়া কি কৈছে পিতৃয়ে ? পিতৃৰ উদাসীনতাৰ কাৰণ তেন্তে কন্যাহে !! আঃ ইমান দুখ , ইমান অবজ্ঞা কেনেদৰে সহে তাৰকাই ? তাৰকাই কিয় , হয়তো কোনো সন্তানেই সহিব নোৱাৰিব পিতৃৰ এনে অনাদৰ !! আৰু শুনিব নোৱাৰিলে তাৰকাই । দুচকুৰে বৈ অহা অশ্ৰুক বাধা দি ৰাখিব নোৱাৰিলে তাৰকাই । উৰ্দ্ধগামী কান্দোনৰ বেগক জোৰকৈ হেঁচি বেগাই ওলাই আহিল তাৰকা । পিতৃৰ আগত ক্ৰন্দন কৰি সহানুভুতি আদায়ৰ চেষ্টা কৰিব নোখোজে তাৰকাই ।। কন্যাৰ দ্ৰুত প্ৰস্থানত হুঁচ আহিল পিতৃৰ । কি কৈ পেলালে তেওঁ ? যাক লৈ মনৰ নৈৰাশ্য গোপনে বুকুত কঢ়িয়াই ফুৰিছিল আজি তেওঁৰ আগতেই অনিচ্ছাকৃত ভাৱে প্ৰকাশ কৰিলে ! বৰ অসহায়বোধ কৰিলে সুকেতুৱে--
বিৰিঞ্চি ভক্ত সুকেতু । বিবাহৰ বহু দিনলৈ সন্তানৰ মুখ নেদেখা সুকেতুৱে সৃষ্টিকৰ্তাক তপস্যা কৰি লৈছিল সন্তান প্ৰাপ্তিৰ বৰ । আশা কৰিছিল এক পুত্ৰ সন্তানৰ । কিন্তু বিধিৰ বিধান কোনে সলাব ; সুকেতুৱে পিতৃত্ব লভিল , কিন্তু এক কন্যা সন্তানৰ ! তাৰকাৰ পিতৃত্ব !! সুখী নহ’ল সুকেতু । পুনৰ সৃষ্টিকৰ্তাক তপ কৰি বিচাৰিলে পুত্ৰ সন্তান । সৃষ্টিকৰ্তাই বুজাইছিল সুকেতুক -- ‘ পুত্ৰ সন্তান নাই সুকেতুৰ ভাগ্যত ; কন্যাক লৈয়ে হোৱা সন্তুষ্ট ।’ কিন্তু বিৰিঞ্চিৰ বুজনি অসাৰ ; আকোঁৰগোজ সুকেতুও , লাগে বলবান উত্তৰাধিকাৰী । অৱশেষত বিৰিঞ্চিয়ে দিলে আশীৰ্বাদ ---------- “ অৱলা হৈ নাথাকে তাৰকা , সময়ত সহস্ৰ হস্তীৰ সমান বলৰ গৰাকী হ’ব তাৰকা । যক্ষ, ৰক্ষ, নাগ কিন্নৰ,দেৱ আৰু সাধাৰণ মনুষ্যৰ হাতত তাৰকাৰ নহ’ব মৃত্যু ।'' অন্তৰ্ধান হৈছিল সৃষ্টিকৰ্তা, সন্তুষ্ট নহ'লেও সান্ত্বনা লভিছিল সুকেতুৱে । কিন্তু , এয়া জানো হ’ব পাৰে কোমলাঙ্গী নাৰীৰ বাবে আশীৰ্বাদ !!
আগলৈ..............
0 Comments