এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা।। পৌৰাণিক উপন্যাস।। Part-02||

 


       তাৰকা।। পৌৰাণিক উপন্যাস।। 

পিতৃৰ বাক্যই ব্যথিত কৰিছিল তাৰকাক । তথাপি কন্যাৰ দায়িত্ব   পালন  তাই  হেমাহি কৰা নাছিল  ।  কন্যাৰ প্ৰতি থকা পিতৃৰ  মনোভাৱ মিথ্যা প্ৰমাণিত কৰিব তাৰকাই ; প্ৰমাণ কৰিব  কন্যাইও ল’ব পাৰে পুত্ৰৰ স্থান । দেখুৱাব তাৰকাই , লৈছিল দৃঢ় সংকল্প ; পিতাক সুখ প্ৰদানেই হ’ব তাৰকাৰ জীৱনৰ একমাত্ৰ লক্ষ্য । 
        
      স্পষ্টকৈ মনত পৰিছে তাৰকাৰ ---এদিন অপৰাহ্ন বেলাত পিতৃ আহিছিল কন্যাৰ কাষলৈ । মৰমেৰে  'আই তাৰকা' বুলি যেতিয়া পিতৃয়ে সম্বোধন কৰিছিল নিজ কৰ্ণকে বিশ্বাস কৰিব পৰা নাছিল তাৰকাই । এয়া  স্বপ্ন  নহয়টো  ? সম্ভাষণ জনাবলৈও পাহৰি গৈছিল তাৰকাই । স্থবিৰ হৈ মাথো অপলক দৃষ্টিৰে চাই আছিল পিতৃলৈ । কন্যাৰ এনে ৰূপ দেখি সুকেতুও হৈছিল চিন্তিত । স্নেহ বিগলিত সুৰে “ কি হৈছে তোৰ আইজনী ”  বুলি তাৰকাৰ শিৰত  যেতিয়া  বুলাই দিছিল পিতৃৰ  হাত  আৱেগ সামৰিব নোৱাৰিছিল  তাই ; পোন প্ৰথমবাৰৰ বাবে  পিতৃক  সাৱটি ধৰিছিল  । মনত  আছে  তাৰকাৰ  বুকুৰ মাজত কন্যাক লৈ সুকেতুৱে সেই  ক্ষণতে  তাৰকাক দিছিল  গাভৰু কালৰ সেই ঈপ্সিত বতৰা, বিবাহৰ বতৰা । আলফুলে হাত বুলাই  সুকেতুৱে কৈছিল  কন্যাৰ বাবে  নিৰ্বাচিত  কৰিছে  তেওঁ  এজন যোগ্য পাত্ৰ । সুধিছিল পিতৃয়ে--- ‘ আছে নেকি আই তোমাৰ   বিবাহত কিবা আক্ষেপ ?’  আৱেগত  একো ক’ব পৰা নাছিল তাৰকাই ; মৌন হৈ মাথো সোমাই আছিল  পিতৃৰ  বুকুৰ  মাজত । ঈপ্সিত  পিতৃৰ  প্ৰেমক  হাতত  পাই  প্ৰাণ  ভৰাই  ল'ব বিচাৰিছিল  তাই  ; জানিব  বিচাৰিছিল  আছেনে  পিতৃৰ  হৃদয়ত  কন্যাৰ  প্ৰতি  নিভাঁজ  প্ৰেমৰ  স্পন্দন !!    

      কন্যাৰ মৌনতাক সন্মতি বুলি মানি লৈ উৎফুল্লিত হৈছিল সুকেতু ;  ঘোষণা কৰিছিল  অচিৰেই  আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন  কৰিব কন্যাৰ বিবাহ ৰাক্ষসৰাজ সুন্দৰ লগত । প্ৰফুল্লিত হৈ সুকেতু আঁতৰি গৈছিল ; সম্বিত ঘূৰি আহিল তাৰকাৰ ।   বৰপ্ৰাৰ্থী ৰূপে পিতৃয়ে  এয়া কাৰ  নাম কৰি গ’ল উচ্চাৰণ ?-- সুন্দ !! এক ৰাক্ষস !! 

      নিমিষতে সকলো আনন্দ উল্লাস ম্লান পৰি গ’ল তাৰকাৰ । বিস্মিত, শংকিত হ’ল তাৰকা ; কেনেদৰে পিতাই  নিজৰ একমাত্ৰ জীক অৰ্পণ কৰিব এক ৰাক্ষসৰ হাতত  !! বৰ নিষ্ঠুৰ, স্বাৰ্থপৰ যেন লাগিল  পিতৃক   !! ওৰে ৰাত্ৰি মাথো কান্দিছিল তাৰকাই । দোষাৰোপ কৰিছিল বিধাতাক-- - “হে বিধাতা , যদি জনমেই ল’ব লাগে মই সুকেতুৰ গৃহে , কিয়  পুত্ৰৰূপে মোক  জনম  নিদিলা !!”
    
      সুন্দ, তাৰকাৰ  বাবে  পিতৃৰ নিৰ্বাচিত বৰ, জাতত ৰাক্ষস !! যক্ষ হৈ  নিজ  কন্যাক সুকেতুৱে অৰ্পণ কৰিব ৰাক্ষসক !! কিন্তু  কিয়  ? কোন  এই  সুন্দ ? 
      
      জম্ভ ৰাক্ষসৰ সুদক্ষ তনয় সুন্দ । এজন উচ্চাকাংক্ষী বীৰ ৰাক্ষস । এখন এখনকৈ ৰাজ্য জয় কৰি আৰ্জিছে সুনাম, সমসাময়িক অন্য বীৰ যক্ষ, ৰক্ষৰপৰা আদায় কৰিছে সমীহ । সুকেতুকো  প্ৰভাৱিত কৰিছে সুন্দৰ বীৰত্বই । কন্যা তাৰকাৰ বাবে সেয়ে সুকেতুৱে  নিৰ্বাচন কৰিছে সুন্দক !! উদ্দেশ্য ---- ভৱিষ্যতে কন্যাৰ দৰে ৰাজ্যও সুন্দক কৰিব অৰ্পণ ! অৱশ্যে অপুত্ৰক সুকেতুৰ বাবে ইয়াৰ বাহিৰে অন্য উপায়ো নাছিল ।
    
    পূৰ্বতে দেখা নাই তাৰকাই সুন্দক । জ্ঞাত হৈছে মাথো  সুন্দ  এক ৰাক্ষস !! পিতৃৰদ্বাৰা  নিৰ্বাচিত ! পিতাক সুখ প্ৰদানেই যিহেতু  লৈছে সংকল্প ,  সেয়ে  পিতৃৰ  ইচ্ছাৰ  বিৰোধীতা  নকৰিলে তাৰকাই  ।  মানস পটত  মাথো কল্পনাৰে অংকন কৰিছে তাৰকাই সুন্দ  ৰাক্ষসৰ এক অদ্ভুত ( ভয়ানক) ছবি !!  
                                          
    
        বিবাহৰ দিন ধাৰ্য্য কৰাত সুকেতুৱে পলম নকৰিলে  । আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সুন্দ- তাৰকাৰ বিবাহ সম্পন্ন  হৈছিল  ।  বৰৰূপী সুন্দ ৰাক্ষস সভাত উপস্থিত হ’ল । কইনা সাজে তাৰকাকো অনা হৈছিল বিবাহ মণ্ডপলৈ । অপূৰ্ব , যেন সৰগৰ অপেস্বৰী নামি আহিছে ধৰালৈ কইনা সাজে  তাৰকাৰ ৰূপত ! সুকেতুৰ নয়ন  সিক্ত । অতদিনে কন্যাৰ প্ৰতি উদাসীন হৈ থকা সুকেতুৰ হৃদয়ে  কৰিছিল হাহাঁকাৰ ।  হয়তো সুকেতুৰ হৈছিল উপলব্ধি একমাত্ৰ কন্যা তাৰকা আৰু কিছু ক্ষণৰ পাছত হ’বগৈ---- উসঃ আৰু ভাবিব নোৱাৰিছিল  সুকেতুৱে । নিৰৱে অলক্ষিতে চকুৰ অশ্ৰু মোহাৰিলে পিতৃয়ে । আনফালে তাৰকাৰ হৃদস্পন্দন বাঢ়িব ধৰিছিল  । আঁৰ চকুৰে শংকিত ,  উৎকণ্ঠিত মনে তাৰকাই সুন্দলৈ দৃষ্টি নিক্ষেপ কৰিছিল  । চাব খুজিছিল কিমান ভয়ানক  হ’ব পাৰে  পিতৃ  নিৰ্বাচিত  তাৰকাৰ  পতিদেৱ !! 

      হঠাত  উজ্জ্বল  হৈ  উঠিছিল তাৰকাৰ  মুখ । ভ্ৰম  হোৱা  নাইতো  তাৰকাৰ ! নিজকে  চিকুটি  চাইছিল তাৰকাই ।  প্ৰত্যয় জন্মিছিল, যি দেখিছিল  সেয়াই  বাস্তৱ  ।  ক’ত কল্পনাৰে অংকন কৰা  ৰাক্ষসৰ ভয়ংকৰ ৰূপ, আৰু এয়া কি বৰৰূপী সুন্দ !! অনুপম , সৌম্য, গাম্ভীৰ্য আৰু তাৰুণ্যৰ দ্বীপ্তিৰে দ্বীপ্তমান সুন্দ । প্ৰথম দৃষ্টিতে যিকোনো নাৰীক মোহিত কৰিব পৰা এক সুন্দৰ যুৱ ৰাক্ষস! উপযুক্ত বৰেই নিৰ্বাচন কৰিছে পিতৃয়ে । নিজকে অপৰাধী যেন লাগিছিল তাৰকাৰ !  পিতৃৰ বিৰুদ্ধে যে কি ধাৰণা কৰিছিল!! ছিঃ, নিজকে ধিক্কাৰ দিছিল  তাৰকাই । কৃতজ্ঞতা জনাইছিল  তাই মনতে পিতৃৰ প্ৰতি , লগতে অদৃশ্যজনৰ ওচৰত  মাগিছিল  ক্ষমা  ভিক্ষা । 
  
      বৰমাল্য পিন্ধাঁওতে এপলক দৃষ্টি পৰিছিল তাৰকাৰ বৰৰূপী সুন্দৰ নয়নত । আস, ইমান আকুলতা আছে তেওঁৰ নয়নত তাৰকাৰ প্ৰতি!! লাজত জয় পৰি গৈছিল তাৰকা । মঙ্গলময় ধ্বনি আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদেৰে সম্পন্ন হৈছিল  সুন্দ- তাৰকাৰ বিবাহ ।
      
             ভবাৰ দৰে সুকেতুৱে কাৰ্য সম্পাদন কৰিলে । যোগ্য জোঁৱাইৰ হাততে ৰাজ্য অৰ্পণ কৰি পৰলোক প্ৰাপ্তি ঘটে সুকেতুৰ । আনহাতে স্বামী সুন্দৰ  প্ৰেমত তাৰকায়ো স্বৰ্গসুখ লভিলে । মিথ্যা নকয় নয়নে ; সেই যে বিবাহৰ বৰমাল্য অৰ্পণ কৰোঁতে তাৰকাই দেখা পাইছিল প্ৰেমৰ আকুলতা বৰৰূপী  সুন্দৰ নয়নত , তাৰ অভিজ্ঞতা লভিছিল তাৰকাই পাছত স্বামীৰ সঙ্গত । প্ৰেমেৰে বোৱাই দিছিল  স্বামীয়ে  তাৰকাক । স্বামীৰ বিশাল বক্ষৰ জিপাল উপত্যকাত বৈ থকা প্ৰেমৰ নদীত সাঁতুৰি-নাদুৰি ভাগৰা নাছিল মৰম আকলুৱা তাৰকা । আৰু সুন্দ ; তাৰকাৰ দৰে ৰূপৱতী , গুণৱতী পত্নীৰ সান্নিধ্যত ৰাক্ষসত্ব পৰিহাৰ কৰি নিজকে ধন্য মানিছিল , হৈছিল তৃপ্ত । দুয়োৰে সংসাৰে পূৰ্ণতা লভিছিল , আগমণ ঘটিছিল তেওঁলোকৰ জীৱনলৈ দুই অমূল্য ৰতনৰ । প্ৰথমে মাৰীচ আৰু পাছত সুবাহু ৰূপে । 

                                                                                                                             আগলৈ...

Post a Comment

0 Comments