ধুমুহা অহাৰ উপক্ৰম ঘটিছিল যদিও নাহিল ; বৰ্তমান প্ৰকৃতি শান্ত - সমাহিত । কিন্তু অশান্ত তাৰকাৰ মন । পুনৰ ভাৱৰ যোৰা লগোৱাৰ চেষ্টা কৰিলে তাৰকাই । ভাৱৰ তন্ময়তা ক'ত ভাঙিছিল ? --------- বেছি পৰ নালাগিল; যি 'অগস্ত্য ' নাম তাৰকাৰ বাবে ঘৃণনীয় সেই 'অগস্ত্য ' নামে আজি সহায় কৰিলে তাৰকাক অতীত মন্থনৰ যোৰা লগোৱাত !! অ স্বামীৰ মুখতেইতো শুনিছিল তাৰকাই প্ৰথম এই অগস্ত্যৰ নাম-------
স্পষ্টকৈ মনত পৰিল তাৰকাৰ , পুত্ৰৰ নাম শুনি স্তম্ভিত হৈ পৰা তাৰকাক অভয় বাণী শুনাইছিল স্বামীয়ে---“ প্ৰিয়ে , তুমি চিন্তা নকৰিবা । একো অনিষ্ট কৰিব নোৱাৰে আমাৰ সন্তানক ঋষি অগস্ত্যই । নোৱাৰে দিব অগস্ত্যই সিহঁতক অভিশাপ।”
----“ অভিশাপ--!!” চিৎকাৰ কৰি উঠিছিল তাৰকাই । '' কিয় , কি দোষত , কি অভিশাপ দিব পাৰে ঋষিয়ে আমাৰ সন্তানক ? ''
উত্তৰ দিব নোৱাৰি বিব্ৰত হৈ পৰিছিল সুন্দও । কেনেদৰে সান্ত্বনা দিব তাৰকাক !! কি কৰিব , নকৰিব উৱাদিহ পোৱা নাছিল সুন্দই । বাতুলৰ দৰে কৈছিল মাথো----------------
“ প্ৰিয়ে , শুনিছোহে মাথো সত্য নহ'বও পাৰে --- বাৎসল্য ক্ৰীড়াত অতিষ্ঠ হৈ অগস্ত্যই দিছে আমাৰ দুই পুত্ৰক অভিশাপ ৰাক্ষস হোৱাৰ ।”
-----“ ৰাক্ষস ---!!"--- বাকৰুদ্ধ হৈ গৈছিল তাৰকাৰ । ধূসৰ দেখিছিল চাৰিওফালে । সম্বিত হেৰুৱাই পেলাইছিল তাৰকাই । কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল সুন্দ । এফালে অভিশপ্ত পুত্ৰৰ বাৰ্তা , আনফালে অচেতন তাৰকা ! শেষত চেতনাহীন তাৰকাক কাৰেঙতে এৰি সুন্দ দৌৰিছিল মাথো অগস্ত্যৰ আশ্ৰমলৈ ।
মিথ্যা বাৰ্তা পোৱা নাছিল সুন্দই । পূৰ্বতে যোৱাৰ দৰে সেই অভিশপ্ত দিনটোত মাৰীচ আৰু সুবাহু গৈছিল ঋষি অগস্ত্যৰ আশ্ৰমলৈ । আশ্ৰমত পূৰ্ণোদ্যমে চলি আছিল যজ্ঞ । যজ্ঞস্থলীত আছিল সুস্বাদু সম্ভাৰ । লোভ সামৰিব নোৱাৰিছিল তাৰকাৰ পুত্ৰদ্বয়ে । সুবাহুক অপেক্ষা কৰিবলৈ কৈ মাৰীচ গোপনে , সতৰ্কতাৰে আগুৱাই গৈছিল যজ্ঞৰ সম্ভাৰৰ দিশে । কিন্তু ব্যৰ্থ হৈছিল মাৰীচৰ প্ৰয়াস । দৃষ্টিত পৰিছিল মাৰীচ অগস্ত্যৰ এজন শিষ্যৰ --- 'নিলে , যজ্ঞৰ সম্ভাৰ নিলে’ বুলি চিঞৰি উঠিছিল অগস্ত্যৰ শিষ্যজন ।
হতভম্বিত মাৰীচ স্থবিৰ হৈ পৰিছিল ; কাৰণ ভবা নাছিল মাৰীচে কাৰোবাৰ দৃষ্টিত পৰিব বুলি । ৰৈ গৈছিল অগস্ত্যৰ মন্ত্ৰ পাঠ ; যজ্ঞৰ অসম্পূৰ্ণতাত ক্ৰোধিত হৈছিল অগস্ত্য । শিষ্যগণে বুজাইছিল মাৰীচক ; অনুৰোধ কৰিছিল যজ্ঞৰ সম্ভাৰ ঘূৰাই দিবলৈ । কিন্তু মাৰীচ নাছোৰবান্দা , কদাপি নিদিয়ে ঘূৰাই সি হাতলৈ অনা দ্ৰব্য । যেতিয়া মাৰীচ-সুবাহুৰ প্ৰকৃত পৰিচয় জানিব পাৰিছিল অগস্ত্যই ক্ৰোধত চিঞৰি উঠিছিল তেওঁ শিষ্যগণক ----- " অশিষ্ট, কদাচাৰী ৰাক্ষস পুত্ৰৰপৰা নকৰিবা তোমালোকে আশা সদাচাৰৰ ।’’
আঃ , ৰাক্ষস সম্বোধন ! পিতৃ নিন্দা সহিব নোৱাৰি মাৰীচ - সুবাহুৱেও তৰ্ক কৰিছিল ঋষিৰ লগত । ঋষিৰ তপ - যজ্ঞক কৰিছিল তাচ্ছিল্য । খঙত অস্থিৰ হৈ পৰিছিল অগস্ত্য । কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল তাৰকা তনয়ৰ । নাজানিছিল সিহঁতে ঋষিৰ শক্তিক ! বুজা নাছিল কিমান ভয়ানক হ’ব পাৰে তপৰ মহিমা ! কোনে বুজাব ? কোনে বাধা দিব তাৰকা তনয়ক ঋষিক তাচ্ছিল্য কৰাত ? যি ভয় আছিল সেয়াই ঘটাৰ উপক্ৰম ঘটিছিল । অগস্ত্যই কমণ্ডলুৰ জল হাতত লৈছিল !! সজাগ হৈছিল স্বৰ্গৰ দেৱগণ, সজাগ হৈছিল বসুন্ধৰা ; কিন্তু নাই, তথাপি সচেতন হোৱা নাছিল তাৰকাৰ তনয় । কৰি গৈছিল মাথো ঋষিক অনৰ্গল তিৰস্কাৰ ! ভৎসনা !
অৱশেষত অগস্ত্যই মন্ত্ৰ মাতিলে ! ক্ৰোধত ৰক্তাভ অগস্ত্য , কঁপি উঠিছিল অগস্ত্য আৰু এয়া কি ওলাইছিল অভিশাপৰূপে অগস্ত্যৰ মুখৰ পৰা-- “ অহংকাৰী বালক, যা দিলো অভিশাপ তুৰন্তে ৰাক্ষসত তহঁত হ পৰিণত ।” ---- মন্ত্ৰপুত পানী অগস্ত্যই দিছিল চটিয়াই । কিবা বুজাৰ পূৰ্বেই ৰাক্ষসত পৰিণত হৈছিল মাৰীচ- সুবাহু ।
আনফালে কিমান সময় অচেতন হৈ পৰি আছিল নাজানিছিল তাৰকাই । সম্বিত ঘূৰাই পাই তাৰকাই বিচাৰিছিল স্বামীক । ই কি ! স্বামী নাই কাষত! বুজি উঠিছিল তাই ক’ত যাব পাৰে স্বামী ? জানে স্বামীক, সিৰাই সিৰাই চিনে স্বামীক । ক্ৰোধাম্বিত হৈ যদি সুন্দৰৰ জাগে ৰাক্ষসত্ব , তেতিয়া …..!! নাই, নাই আৰু ভাবিব নোৱাৰিলে তাৰকাই । স্বামীৰ ঢাল হওঁ বুলি সুন্দৰী তাৰকা দৌৰিছিল মাথো অগস্ত্যৰ আশ্ৰমলৈ ------'
অগস্ত্য , আছে তেওঁৰ জন্ম - ৰহস্য ! জন্মক লৈ বহু মতান্তৰ !! নহয় গৰ্ভজাত তেওঁ, উৰ্বশী তেওঁৰ মানস জননী ।
সৰগৰ অপেস্বৰী উৰ্বশী ; এক অনুপম সৃষ্টি নাৰায়ণৰ । ধৰ্মৰ সন্তানৰূপে এবাৰ ভগবান বিষ্ণুৱে নৰ আৰু নাৰায়ণ নামে ঋষিৰূপে মৰতত অৱতাৰ লৈছিল । যুৱাৱস্থাত নৰ আৰু নাৰায়ণে কৰিছিল তপ। আৰু দেৱেন্দ্ৰ ! সৰ্বদা তপস্যাত ভীতিগ্ৰস্ত ! স্বৰ্গহাৰা হওঁ বুলি সকলোৰে তপস্যাক কৰে সন্দেহ ! তাৰ ফলশ্ৰুতিত নাৰায়ণৰ তপৰ উদ্দেশ্যকো সন্দেহ কৰি বসন্ত , কামদেৱৰ সৈতে সৰগৰ বাচি বাচি সুন্দৰী অপেস্বৰীক পঠিয়াই দিছিল নৰ আৰু নাৰায়ণৰ তপ ভঙ্গৰ অৰ্থে । এফালে আদেশ পালন নকৰিলে দেৱৰাজৰ ক্ৰোধ, আনফালে নৰ-নাৰায়ণৰ তপভঙ্গ কৰি অভিশপ্ত হোৱাৰ আশংকা !! বিমোৰত পৰিছিল দেৱ- অপেস্বৰীগণ । বাধ্যত পৰি দেৱ - অপেস্বৰীয়ে মৰতত আহি নৰ-নাৰায়ণৰ তপস্যা ভঙ্গৰ উদ্দেশ্যে প্ৰয়াস চলালে । বসন্তৰ পৰশত প্ৰকৃতি হৈছিল বিনন্দীয়া; কামদেৱে জুৰিছিল বাণ আৰু অপেস্বৰীৰ ৰূপত প্ৰাণ পাই উঠিছিল যৌৱনে । নৰ আৰু নাৰায়ণে নেত্ৰ মেলিছিল ; শংকিত হৈ দেৱ - অপেস্বৰীয়ে লৈছিল আঁঠু তেওঁলোকৰ চৰণত --------------
“ ক্ষমা, ক্ষমা কৰক প্ৰভু; দেৱৰাজৰ আজ্ঞা মানি আমি অধমে আপোনাসৱৰ তপ ভঙ্গৰ বাবে কৰিলো দুঃসাহস । কৃপা কৰি আমাক ক্ৰোধ নকৰিব ।”
সকলোৱে ভাবিছিল নিগমে মৰিলো আজি । কিন্তু , পালনকৰ্তাই জানো উচিত - অনুচিত বিচাৰ নকৰাকৈ কাৰোবাক দণ্ড দিব ? সকলোকে আচৰিত কৰি নাৰায়ণে হাঁহিছিল; পুতৌ জন্মিছিল দেৱৰাজৰ ওপৰতহে । কি যে মূৰ্খামী দেৱ পুৰন্দৰৰ; জগতৰ পালনকৰ্তাক অপেস্বৰীৰ দ্বাৰা কৰাব খোজে মোহিত !!
দেৱেন্দ্ৰৰ গৰ্ব চূৰ্ণ কৰোঁ বুলি সেই ক্ষণতে নাৰায়ণে নিজ উৰুৰপৰা সৃষ্টি কৰিলে এক অনুপমা, সৰ্বাংগ সুন্দৰী, নৃত্যাংগনা নাৰী যি তুলনাবিহীন । নাৰায়ণৰ উৰুৰপৰা সৃষ্ট বাবে সুন্দৰীৰ নাম নাৰায়ণেই দিলে উৰ্বশী আৰু দানৰূপে আগবঢ়ালে দেৱ পুৰন্দৰলৈ । দেৱেন্দ্ৰই নিজৰ ভুল বুজি ক্ষমা ভিক্ষা মাগিলেহি নৰ আৰু নাৰায়ণৰ ওচৰত আৰু দান গ্ৰহণ কৰি উৰ্বশীক স্থান দিলে স্বৰ্গপুৰীত । ৰূপৰ মাধুৰী আৰু নৃত্যৰ ছন্দেৰে স্বৰ্গপুৰীক আলোড়িত কৰি তুলিছিল উৰ্বশীয়ে ।
মিত্ৰবৰুণ নামে দেৱহিতৈষী ঋষিয়ে এসময়ত এক যজ্ঞৰ আয়োজন কৰিছিল য’ত উপস্থিত আছিল এই অপৰূপা উৰ্বশী । যৌৱনৰ হেন্দোলনি উঠিছিল যজ্ঞস্থলীত; কামজ্বৰত জৰ্জৰিত হৈছিল মিত্ৰবৰুণ । কামাসক্ত মিত্ৰবৰুণে আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰিছিল নিজকে; হৈছিল বীৰ্য স্খলন !! আৰু সেই বীৰ্য্য ধৰি ৰাখিছিল এক কুম্ভত । ঋষিৰ অৱস্থা দেখি উৰ্বশীয়ে মাথো হাঁহিছিল । সময়ত সেই কুম্ভৰ পৰাই জনম লভিছিল অগস্ত্যৰ । সেয়ে কুম্ভজন্মা নামেৰেও পৰিচিত হৈছিল অগস্ত্য । ( ঋক্ বেদ )
অগস্ত্যৰ আশ্ৰম , অতি মনোৰম । একালত এই স্থান আছিল তাৰকাৰ পিতৃ সুকেতুৰ অধীনত । সুকেতুৰ উদাসীনতাৰ সুযোগত দেবেন্দ্ৰই এই স্থান দখল কৰি প্ৰদান কৰে অগস্ত্যক । উদ্দেশ্য আছিল তপ-যজ্ঞাদিৰ যোগেদি দেৱতাৰ শ্ৰী বঢ়াব মৰতৰ তপস্বীগণে । পাছে, দেৱেন্দ্ৰইনো কেনেদৰে এই স্থান হস্তগত কৰে সেই বিষয়ে জানিবলৈ যাব লগিব অন্য এক অধ্যায়লৈ; দেৱাসুৰ সংগ্ৰামলৈ, দেৱ-বৃত্ৰাসুৰ সংগ্ৰামলৈ------
2 Comments
আমাৰ অপৈণত লিখনিকো স্থান দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ
ReplyDeleteস্বাগতম
Delete