এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা।। পৌৰাণিক উপন্যাস।। Part-06||

            

 বৃত্ৰাসুৰক বধি অৱশ হৈ পৰিছিল দেৱেন্দ্ৰ । বৃত্ৰাসুৰক অনুসৰণ কৰোঁতে দেৱেন্দ্ৰই  কেনেকৈনো মৰতত প্ৰৱেশ কৰিছিল   তলকিবই পৰা নাছিল  । ক্লান্ত দেহেৰে দেৱৰাজে মৰতত ভ্ৰমি ফুৰিছিল । যেতিয়া সৰযুৰ নিৰ্মল জল দেখা পাইছিল শৰীৰৰ ক্লান্তি দূৰ কৰাৰ মানসেৰে দেৱেন্দ্ৰই স্নান কৰাৰ লোভ সামৰিব পৰা নাছিল ।  সৰযুৰ জলতে দেৱেন্দ্ৰই শৰীৰৰ মল আঁতৰাইছিল । তেতিয়াৰ পৰাই এই স্থানৰ নাম হয় মলদ; আৰু সৰযুৰ সিপাৰে  দেৱেন্দ্ৰই অন্ন গ্ৰহণ কৰি দূৰ কৰিছিল ক্ষুধা ; সেয়ে সেই স্থানৰ নাম হয় তেতিয়াৰ পৰা  কৰুষ । যেতিয়া জানিব পাৰিছিল দেৱেন্দ্ৰই সেই স্থানৰ গৰাকী যক্ষৰাজ সুকেতু উদাসীন ৰাজ্য শাসনত , তেতিয়া আৰ্যগোষ্ঠীৰ তপৰ বাবে উপযুক্ত হ’ব বুলি ভাবি সহজেই দখল কৰিছিল উক্ত  স্থান   আৰু  অগস্ত্যক কৰিছিল  অৰ্পণ  । উদ্দেশ্য আছিল তপ কৰি সেই স্থানত দেৱতাৰ কল্যাণ সাধিব অগস্ত্যসহ  তপস্বীগণে ।  ফলশ্ৰুতিত তাত গঢ় লৈ উঠিছিল অগস্ত্যৰ আশ্ৰম । সেই আশ্ৰমলৈকে   বেগাই  দৌৰিছিল তাৰকাই ।

      

          তীব্ৰ বেগেৰে  শৰীৰৰ সমস্ত  শক্তিৰে  দৌৰিছিল  তাৰকা-------কিন্তু সৌৱা কি !! অদূৰত যেন অগ্নিশিখাই কাৰোবাক আগুৰি ধৰিছে । ভাঁহি আহিছে  মৰণকাতৰ আৰ্তনাদ ; সচকিত হ’ল তাৰকা । সেয়াচোন চিৰ পৰিচিত আপোনজনৰ আৰ্তনাদ!! হয় , সেয়া সুন্দৰ আৰ্তনাদ !! উন্মাদিনীৰ  দৰে আগুৱাই গৈছিল   তাৰকা । নিয়তিৰ কি পৰিহাস!! তাৰকা পোৱাৰ পূৰ্বে ভস্ম হৈ গৈছিল  সুন্দৰ শৰীৰ !! অগস্ত্যৰ তপোবলে ভস্ম কৰিছিল  সুন্দক । 'হা স্বামী ' বুলি তাৰকাই কৰিছিল আৰ্তনাদ । হিয়া ঢাকুৰি কান্দিছিল তাৰকাই । বুজিছিল , সৰ্বহাৰা হ’ল তাই !!  ইমান দুখ সহে কেনেকৈ ? স্বামীৰ ভস্ম বুকুত সাৱটি  শোকাতুৰা তাৰকা   অচেতন  হৈ  পৰি  গৈছিল ---

      

       কিছু ক্ষণ পৰি আছিল  তাৰকা সেই  স্থানতে  । লাহে লাহে চেতনা ঘূৰি  আহিছিল  । কিমান দুখ আৰু সহিব তাৰকাই ! সুখ আহিছিল  তাৰকাৰ জীৱনলৈ মাথো  বিদ্যুৎলতা হৈ !! ক্ৰমে   তাৰকাৰ মুখ মণ্ডলত ভাঁহিছিল ক্ৰোধৰ দাবানল । নয়নে বৰষিব যেন অগ্নি শিখা । ক্ৰোধাম্বিত তাৰকাই চিঞৰি চিঞৰি মাতিছিল ---- “অগস্ত্য” , “ অগস্ত্য” ----

      

          অগস্ত্যৰ আগমণ ঘটিছিল  তাৰকাৰ সন্মুখলৈ ।  সঠিক অনুমান কৰিছিল ঋষিয়ে  কোন হ’ব পাৰে এই নাৰী ? তথাপি সুধিছিল ---------“ কিয়  আমাৰ নাম এনেদৰে  অশিষ্টাচাৰভাৱে   উচ্চাৰণ  কৰিছা  ?” 

    

    এপলক  ক্ৰুদ্ধ  দৃষ্টি  তাৰকাৰ অগস্ত্যৰ ওপৰত । এফালে সংসাৰ জ্বলি ছাৰখাৰ হ'ল তাৰকাৰ, আনফালে অগস্ত্যৰ আপত্তি শিষ্টাচাৰত !! ভাবি আচৰিত হৈছিল  তাৰকা --- ‘কেনেকৈ এনেহেন তপোধৰে কৰিলে অন্যায় ? কেনেদৰে  অবোধ শিশুক দিলে অভিশাপ ? কেনেদৰে  পিতৃহাৰা কৰিলে  শিশুক ? কেনেদৰে  সধবাক   বিধবাত    কৰিলে  পৰিণত ?’

      

      প্ৰচণ্ড ঘৃণা উপজিল তাৰকাৰ অগস্ত্যৰ প্ৰতি । সেয়ে দ্বিধাহীন ভাৱে ঘৃণিত সুৰত ঋষিক  প্ৰশ্ন কৰিছিল  তাই  --“ ঋষিবৰ , বালকৰ বাৎসল্য কি আপোনাৰ  সহ্য নহ'ল ? কি দোষে আপুনি মোক দিলে বৈধব্য, বিচ্ছেদ আৰু বিষাদৰ যান্ত্ৰনা  ?”

  

            তাৰকাৰ  প্ৰশ্নত  অগস্ত্য কিছুপৰ মৌন হৈ ৰৈছিল  । মৌনতা ভাঙি অগস্ত্যই শুনাইছিল প্ৰবোধ বাণী ----- “ চোৱা তাৰকা , ইচ্ছাকৃতভাৱে তোমাক মই দিয়া নাই সন্তাপ । মোৰ তপোবলক, মোৰ যজ্ঞক অপমান কৰিলে তোমাৰ আত্মীয় গণে । সেয়ে অপৰাধ কৰাৰ দণ্ড ভুগিলে তেওঁলোকে । বিধাতাৰ লিখন বুলি মানি লৈ তুমি এই স্থানৰপৰা প্ৰস্থান  কৰা ।”

    

    অগস্ত্যৰ বাণীত শান্ত নহ'ল তাৰকাৰ ক্ৰোধ ; বৰঞ্চ ঘিঁউহে ঢালিলে উমি উমি জ্বলিব ধৰা জুইকুৰাত  । আঃ ইমান অহংকাৰ ঋষিৰ নিজ তপোবলক লৈ !! গৰজি উঠিছিল তাৰকা ------- 

   

  “ অগস্ত্য , যি  তপোবলে নিচিনিলে বালকক, যি তপোবলে নিচিনিলে  বৈধব্যৰ বেদনাক তেনে তপোবলক মই শতবাৰ দিওঁ  ধিক্কাৰ ।” 


      তাৰকাৰ দৰে  এগৰাকী নাৰীৰ  মুখত  এনে কটু নিন্দাবাণী অগস্ত্যৰ বাবে আছিল সপোনৰো অগোচৰ । তাতে আকৌ কৰিছে তপোবলক নিন্দা !!  আঃ অসহ্য ই অগস্ত্যৰ বাবে । জ্বলি পকি উঠিছিল অগস্ত্য -- “ আঃ তাৰকা , পুত্ৰই কৰিলে যজ্ঞক অপমান, স্বামীয়ে প্ৰকাশিলে ৰাক্ষসত্ব, আৰু নাৰী হৈ তই প্ৰকাশিচ ৰাক্ষসী চৰিত্ৰ !! সাৱধান   তাৰকা , তপোবলক অপমান কৰা বাবে তোকো মই দিম  ভীষণ  অভিশাপ----!!” 

      

      সৰ্বহাৰা  তাৰকাৰ আৰু  সমীহ  নাছিল ঋষিৰ  অভিশাপলৈ । কাল সৰ্পিনীৰ  দৰে ক্ৰোধাম্বিত ৰূপে মাৰো বুলি অগস্ত্যক হৈছিল উদ্যত । অগস্ত্যইও পলম নকৰি মন্ত্ৰপুত জল দিছিল  চটিয়াই আৰু দিছিল অভিশাপ ---- “ যা তাৰকা , তয়ো ৰাক্ষসীত  পৰিণত  হ  !!” 


              মন্ত্ৰপুত জল পৰিছিল তাৰকাৰ শৰীৰত  । থমকি ৰৈছিল তাৰকা । সেই সুযোগতে অগস্ত্য আঁতৰি গ'ল  । তীব্ৰ যন্ত্ৰনাত কেকাইছিল তাৰকাই ! প্ৰতিশোধৰ দাবানলত দহিছিল  তাৰকা । মসৃণ চৰ্ম তাৰকাৰ হৈছিল ৰুক্ষ ! শীতল কেশ হৈছিল শুষ্ক ! মিষ্টভাষিনী , সদাচাৰিনী তাৰকা ক্ৰমে পৰিণত হৈছিল কটুভাষিনী , কদাচাৰিনী  এক  নিশাচৰীত  !! 

      

      কেনেদৰে , কি আশাৰে ঘূৰি   যাব  শূন্য কাৰেঙলৈ । প্ৰজাইও কদাচাৰী , পিশাচিনী  বুলি  আৰু  আদৰি নলয় তাৰকাক  । অৰণ্যই হৈছিল তাৰকাৰ আলয় । পুত্ৰ, পুত্ৰ বুলি ডাকিব ধৰিছিল তাৰকাই আৰু হঠাত আহিছিল ক’ৰবাৰপৰা ৰাক্ষস ৰূপত মাৰীচ-সুবাহু । কোনে কাক দিব সান্ত্বনা!! তিনিওৰে মাজত উঠিছিল  কান্দোনৰ ৰোল । অৱশ্যে  নিশাচৰৰ কান্দোন কিমান পৰনো !! নিমিষতে জ্বালামুখীত তিনিও হৈছিল  পৰিণত । লৈছিল পণ নিধন কৰিব অগস্ত্যক; তপস্বী শূন্য, যজ্ঞ শূন্য কৰি দিব ধৰণী । অট্টহাস্যত জগত চমকি উঠিছিল । আৰম্ভ হৈছিল ধৰণীত তেতিয়াৰ পৰাই অনিৰুদ্ধ ধাৰে তপস্বী  নিধন যজ্ঞ ; অতি নিষ্ঠুৰতাৰে । পাছে দেৱতাৰ দুশ্চিন্তা বৃদ্ধি কৰি , তপস্বীৰ আতংকক তীব্ৰ কৰি তাৰকাৰ লগত সংযুক্ত  হৈছিল অন্য এক নাম, যাৰ নামেই পৰিচয়---লংকাপতি দশানন !! পাছে  ৰাৱণৰ  লংকা  প্ৰাপ্তিৰ  পথ  ইমান  সহজো  নাছিল ..........

Post a Comment

0 Comments