ৰাক্ষসৰাজ সুকেশৰ আছিল তিনি পৰাক্ৰমী পুত্ৰ---মাল্যবান , সুমালী আৰু মালী । পাতাল জিনি তিনিও প্ৰৱেশিছিল মৰতত আৰু প্ৰথমে ৰাজ্য পাতিছিল লংকাত। শাসনত দক্ষ বাবে সুমালীয়ে লৈছিল শাসনৰ ভাৰ, জ্যেষ্ঠ মাল্যবান আছিল পৰামৰ্শ দাতা আৰু কণিষ্ঠ মালী আছিল ৰাক্ষস সেনাৰ সেনানায়ক । উদ্দেশ্য আছিল তিনিওৰে ত্ৰিলোক বিজেতা হোৱাৰ । সেয়ে সাগৰ বেষ্টিত লংকাতেই জানো সীমাবদ্ধ হৈ থাকিব তিনিও দুৰ্দ্দান্ত দুৰাকাংক্ষী ৰাক্ষস ? মাথো সুযোগৰ অপেক্ষাত আছিল স্বৰ্গ আক্ৰমণৰ !!
দেৱতাই বুজিছিল ৰাক্ষসৰ অভিপ্ৰায় ; হৈছিল ভীতিগ্ৰস্ত!! নাৰায়ণো হৈছিল চিন্তিত ৰাক্ষসৰ আগ্ৰাসন আৰু দেৱতাৰ ভীতি দেখি । সেয়ে নাৰায়ণেই ৰচিছিল কৌশল দেৱতাৰ ভীতি মোচনৰ । সচৰাচৰ হোৱাৰ দৰে দেৱৰ্ষি হৈছিল মাধ্যম আৰু নুবুজি দেৱ- নাৰায়ণৰ ষড়যন্ত্ৰ তিনিও ৰাক্ষসে অহংকাৰত মত্ত হৈ স্বৰ্গ আক্ৰমণৰ হেতু হৈছিল ধাৱমান । আৰম্ভ হৈছিল সৰগত দেৱাসুৰ সংগ্ৰাম ; ভয়ংকৰ সংগ্ৰাম । ভৱা নাছিল ৰাক্ষস ভাতাত্ৰয়ে নাৰায়ণো যে ৰক্ষক হ’বহি দেৱ সমাজৰ ; কৰিবহি ৰণ ৰাক্ষসৰ বিৰুদ্ধে । আচৰিত কৰি ৰাক্ষস সেনাক হাতে চক্ৰ ধৰি নাৰায়ণে প্ৰাণ ল’লে দাম্ভিক মালীৰ । ৰাক্ষসৰ ৰণুৱা ঘোঁৰা ৰণত পৰিল । উদ্যমী দেৱসেনাৰ প্ৰাণঘাতি আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ লৈ পলাই আহিছিল জ্যেষ্ঠ আৰু মাজু ৰাক্ষস ।
কিন্তু দুৰ্ভাগ্যই লগ এৰা নাছিল ৰাক্ষসৰ । দেৱতা প্ৰৱেশিছিল লংকাপুৰীতো । ৰাজ্য ৰাখো বুলি প্ৰাণেপণে যুঁজিছিল সুমালী আৰু মাল্যবানে । কিন্তু নোৱাৰিলে দেৱতাক ৰোধিব ; দখল কৰিছিল দেৱতাই স্বৰ্ণলংকা আৰু ঋষি বিশ্ৰবা - দেৱবৰ্ণিনীৰ তনয় কুবেৰক অলকাপুৰীৰ লগতে স্বৰ্ণলংকাৰ দায়িত্বও নাৰায়ণে অৰ্পণ কৰিছিল ।
ভাতৃহাৰা , ৰাজ্যহাৰা হৈ মাল্যবান আৰু সুমালীয়ে আশ্ৰয় লৈছিলগৈ পাতালত । ভাতৃৰ বেজাৰত কান্দিছিল মাল্যবানে । কিন্তু সুমালী আছিল নিৰ্বিকাৰ , যেন কিবা চিন্তাত নিমগ্ন । হঠাত কুটিলতাৰ ইষৎ হাঁহি বিয়পি পৰিছিল সুমালীৰ মুখ মণ্ডলত । ক্ৰমে হাঁহি অট্টহাস্যত হৈছিল পৰিণত । মাল্যবান চমকি উঠিছিল ! কেনেদৰে এই দুখৰ বেলাত অট্টহাস্য কৰিব পাৰে ভাতৃ সুমালীয়ে ? বিস্মিত নেত্ৰে জ্যেষ্ঠই চাই ৰৈছিল মাথো মাজুৰ মুখলৈ !!
জ্যেষ্ঠ ভ্ৰাতাৰ মনৰ দুৰ্বোধ্যতা দূৰ কৰি সুমালীয়ে কৈছিল--- “ দাদা, কূট কৌশল নহয় কেৱল দেৱতাৰ সম্পদ । আমিও ৰচিম কূট কৌশল!! যি বিশ্ৰবা নন্দনক দেৱতাই দিছে আমাৰ পৰা কাঢ়ি লোৱা স্বৰ্ণলংকাৰ দায়িত্ব , সেই বিশ্ৰবাৰ গৃহতে আমি ৰোপণ কৰিম ষড়যন্ত্ৰৰ বট বৃক্ষ । সময়ত তাতেই লাগিব দেৱতাৰ বাবে অতি বিষাক্ত ফচল!!
সুমালীৰ কথনৰ তাৎপৰ্য সম্পূৰ্ণৰূপে বুজিব পৰা নাছিল মাল্যবানে । লক্ষ্য কৰিছিল মাথো আশাৰ জ্যোতিৰে জ্যোতিৰ্ময় হৈ পৰা সুমালীৰ বদন । নিশ্চয় ৰাক্ষসৰ কল্যাণৰ যে এক ফলদায়ক আঁচনি চিন্তিছে সুমালীয়ে সেই বিষয়ে নিশ্চিত হৈছিল মাল্যবান ।
সুমালীসৃষ্ট ষড়যন্ত্ৰৰ নায়িকা হ’বলৈ স্বেচ্ছাই আগুৱাই আহিছিল তেওঁৰে কন্যা কৈকসী
( নৈকেসী ) । দৃঢ়, আত্মবিশ্বাসী কণ্ঠৰে কৈকসীয়ে প্ৰতিশ্ৰুতি দিছিল পিতা সুমালীক -------
“ ৰাক্ষসৰ কল্যাণ, পিতাৰ সন্মান ঘূৰাই আনিবলৈ অৰ্পণ কৰিম মোৰ জীৱন ।” পিতৃৰ বাবে সৰ্বচ্চ ত্যাগ কৰিবলৈ আগুৱাই আহিছিল ইতিহাসত অন্য এগৰাকী কন্যা --- কৈকসীৰ ৰূপত !! সতিনী হ’বলৈও প্ৰস্তুত হৈছিল কৈকসী !!
ৰাক্ষসৰ কৌশল সফল হৈছিল । চল কৰি কৈকসী বিশ্ৰবাৰ দ্বিতীয় পত্নীত পৰিণত হৈ জননী হৈছিল ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ নামে তিনি পুত্ৰ আৰু শূপৰ্ণখা নামে এক কন্যাৰ । সুমালী আনন্দিত হৈছিল ; দেখিছিল সপোন জ্যেষ্ঠ নাতি ৰাৱণে ৰাক্ষসৰ ভাগ্যৰবি পুনৰ উদিত কৰাব ।
সময় বাগৰিছিল ; কৈকসীৰ তিনিও পুত্ৰ যুৱকত পৰিণত হৈছিল । কিন্তু অস্থিৰ হৈ পৰিছিল সুমালী ; ৰাৱণৰ জন্মত যি আশাৰ বন্তি জ্বলিব ধৰিছিল সুমালীৰ মনত সেই বন্তি যেন দিব নুমুৱাই যৌৱনপ্ৰাপ্ত ৰাৱণেই ! আচৰিত হৈছিল সুমালী , আশাহত হৈছিল সুমালী ; হৈছিল সন্দিহান ক'ত গ'ল ৰাৱণৰ মাতৃৰ পৰা প্ৰবাহিত ৰাক্ষসৰ ৰক্ত ! কাৰণ -- ৰাৱণ হৈছেচোন পিতা বিশ্ৰবাৰ দৰে নাৰায়ণৰ ভক্ত ! পূজাৰীচোন দেৱ সংস্কৃতিৰ !! সন্দেহ উপজিছিল সুমালীৰ কন্যা কৈকসীৰ ওপৰত । কিয় কৈকসীয়ে বাধা দিয়া নাই পুত্ৰগণক দেৱ সংস্কৃতিৰ পূজাৰী হোৱাত ? নে ঋষি বিশ্ৰবাৰ সান্নিধ্যত কৈকসীয়েও জলাঞ্জলি দিলে ৰাক্ষস সংস্কৃতিক !! পাহৰি গ'ল পিতৃক দিয়া প্ৰতিশ্ৰুতি ?
সুমালীৰ ধাৰণা আছিল ভুল । বিশ্বাসঘাতক নহয় কেতিয়াও কৈকসী । বুকুত লৈ আছিল প্ৰতিশোধৰ অগনি । কেনেদৰে সহে সতিনীৰ পুত্ৰ কুবেৰৰ ইমান প্ৰতিপত্তি । যি লংকাৰ গৰাকী আছিল এসময়ত কৈকসীৰ পিতৃ , সেই লংকা এতিয়া সতিনী পুত্ৰৰ !! প্ৰতি পলে নৈৰাশ্যৰ কলীয়া ডাৱৰে কৈকসীক আৱৰি ধৰিছিল ; তথাপি আশাহত হোৱা নাছিল কৈকসী । নিজৰ ৰক্ত, নিজৰ দুগ্ধৰ ওপৰত দৃঢ় বিশ্বাস আছিল কৈকসীৰ । যি ৰক্ত- দুগ্ধৰে সমৃদ্ধ তেওঁৰ সন্তান সি হ'ব নোৱাৰে কদাপি দেৱহিতৈষী । সেয়ে আশাহত পিতৃক কৰিছিল অনুৰোধ---
“ বিশ্বাস ৰাখা পিতৃ তুমি কন্যাৰ ওপৰত ; বিশ্ৰবাৰ বীৰ্য্যৰে কেৱল সন্তান জন্ম দিয়াই মোৰ উদ্দেশ্য নহয় । নাপাহৰো মোৰ কৰ্তব্য ; পাহৰা নাই মই তোমাক দিয়া প্ৰতিশ্ৰুতি ; দিয়া মাথো মোক কিছু সময় ।” --- কন্যাৰ দৃঢ়তা দেখি আশ্বস্ত হৈছিল সুমালী ।
চেষ্টাৰ ত্ৰুটি কৰা নাছিল কৈকসীয়ে ; অনৰ্গল দি গৈছিল সন্তানক দেৱ বিৰোধী পাঠ । কৰি গৈছিল ব্যাখ্যা কেনেদৰে নাৰায়ণে অসুৰ-ৰাক্ষসক অতীজৰেপৰা নিধন কৰি আহিছিল চলে - বলে- কৌশলেৰে । কৈছিল ৰাৱণক কেনেদৰে কণিষ্ঠ মাতামহ মালীক দেৱ-নাৰায়ণে চল কৰি কৰিছিল হত্যা । কৈকসীৰ প্ৰচেষ্টা সফল হৈছিল; দেৱ সংস্কৃতিৰ প্ৰতি ক্ৰমে বিদ্বেষী হৈ উঠিছিল ৰাৱণ ; আকৃষ্ট হৈছিল ক্ৰমে ৰাক্ষস সংস্কৃতিৰ দিশে । মাজু কুম্ভ আছিল সদায় ৰাৱণৰ ফলীয়া । কিন্তু নোৱাৰিলে সলাব কৈকসীয়ে কণিষ্ঠ বিভীষণক ; তেওঁচোন হাড়ে - হিমজুৱে হৈ পৰিছে নাৰায়ণৰ ভক্ত !
কৈকসী আনন্দিত হৈছিল । সপোন বাস্তৱায়িত হোৱাৰ পথত; জ্যেষ্ঠ আৰু মাজু পুত্ৰ সম্পূৰ্ণৰূপে হৈছিল দেৱবিৰোধী, নাৰায়ণৰ বিৰোধী । মাতৃৰ পৰামৰ্শতে দেৱতাৰ ওপৰত বিজয় পোৱাৰ উদ্দেশ্যে ৰাৱণ-কুম্ভকৰ্ণই কৰিছিলগৈ সৃষ্টিকৰ্তাক তপ । তপস্যাৰ প্ৰতি সদা আগ্ৰহী বিভীষণেও জ্যেষ্ঠ ভাতৃ গণক দিছিল সঙ্গ, কিন্তু বিভীষণৰ তপৰ উদ্দেশ্য নাছিল বিশ্ববিজয়ী হোৱা ।
কৈকসীৰ আনন্দ যেনেদৰে স্বাভাৱিক ; ৰাৱণ আৰু কুম্ভকৰ্ণৰ নাৰায়ণ বৈৰীতাও অৱশ্যম্ভাৱী , পূৰ্বে নিৰ্ধাৰিত । বৈৰী আচৰণ কৰি লক্ষ্মীনাৰায়ণৰ মুকুতি লভিব লাগিব বৈকুণ্ঠৰ শাপিত প্ৰহৰী জয় আৰু বিজয়ে । ঘটনা বৈকুণ্ঠ ধামৰ --------
বৈকুণ্ঠৰ সপ্তম দ্বাৰৰ দ্বাৰপাল জয় আৰু বিজয়ৰ মনত উন্মেষ ঘটিছিল অহং ভাৱৰ । অহং ভাৱ পতনৰ মূল; অহংভাৱ ভক্তি পথৰ শূল । তাতে নাৰায়ণৰ প্ৰিয় দ্বাৰপাল দুজনৰ জন্মিছে অহংভাৱ!! নাৰায়ণ জানো নিৰ্বিকাৰ হৈ থাকিব ? সেয়ে এদিন চাৰি সিদ্ধৰ ( সনক , সনাতন , সনত, সনন্দ ) আগমণ ঘটিছিল ( নে ঘটাইছিল) বৈকুণ্ঠ ধামলৈ ! উদ্দেশ্য নাৰায়ণক সাক্ষাতৰ । কিন্তু নাৰায়ণৰ বিশ্ৰামৰ দোহাই দি দ্বাৰপাল জয় আৰু বিজয়ে চাৰি সিদ্ধক নিদিলে সাক্ষাতৰ অনুমতি । অহংকাৰত মত্ত হৈ জয় আৰু বিজয়ে নিচিনিলে চাৰি সিদ্ধৰ মহত্বক ; কৰিছিল অপমান আৰু তাৰ পৰিণাম----- “ অহংকাৰী দ্বাৰপাল; বৈকুণ্ঠত থকাৰ তহঁত নহয় যোগ্য । দিলো অভিশাপ স্খলিত হ’বি তহঁত বৈকুণ্ঠৰ পৰা; অনাৰ্য হৈ তহঁতে ধৰাত ল’বিগৈ জনম ।” ---- চাৰি সিদ্ধই দিছিল অভিশাপ ।
শাপিত হৈ চেতনা আহিছিল জয় আৰু বিজয়ৰ । কি ভুল, কি পাপ কৰিলো আমি ? ক্ৰন্দন কৰিছিল দুয়ো ; ক্ষমা মাগিছিল দুয়ো । কিন্তু অভিশাপ যে নহয় খণ্ডন !! অভিশাপ দি চাৰি সিদ্ধই বৈকুণ্ঠৰপৰা কৰিছিল প্ৰস্থান । শোকাতুৰ জয় আৰু বিজয়ক অৱশেষত নাৰায়ণেই দিছিল বিধান -------------- “ আমাকেই বৈৰী চিন্তি তিনিটা শাপিত জীৱন কটাবা ধৰাত । আমাৰেই হাতে দুয়ো মুকুতি লভিবা তিনিও জনমত । ”---- ইতিপূৰ্বে বৰাহ
ৰূপেৰে হিৰণ্যাক্ষক আৰু নৰসিংহ ৰূপেৰে হিৰণ্যকশিপুক এটা শাপিত জীৱনৰপৰা নাৰায়ণে মুক্তি দিছে জয় আৰু বিজয়ক । সেই শাপিত জয়ে ৰাৱন আৰু বিজয়ে কুম্ভকৰ্ণ ৰূপত পুনৰ ধৰাত লৈছেহি দ্বিতীয় জনম !!
তিনিও ভাতৃ, বিশেষকৈ ৰাৱণৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈছিল সৃষ্টিকৰ্তা । যদিওবা অমৰত্ব বৰ লভিবলৈ সক্ষম হোৱা নাছিল ৰাৱণ, কিন্তু যক্ষ , ৰক্ষ, দেৱ, গন্ধৰ্ব, নাগ, কিন্নৰৰ হাতত অবধ্য হ’ব ৰাৱণ । ৰাক্ষস সংস্কৃতিৰ উত্থানৰ অৰ্থে এই বৰেই আছিল শক্তিশালী ৰাৱণৰ বাবে যথেষ্ট । বিভীষণেও লভিলে ভক্তি মাৰ্গে অবিচলিত থকাৰ বৰ । পাছে বাকদেৱীৰ কৃপাত সন্তুষ্ট হৈছিল দেৱেন্দ্ৰ ; আশাহত হৈছিল কুম্ভকৰ্ণহে । ‘ইন্দ্ৰাসন’ৰ সলনি ‘ নিদ্ৰাসন ' উচ্চাৰণেৰে বৰ লৈছিল কুম্ভকৰ্ণই !! ইয়াৰ দ্বাৰা ৰক্ষা পৰিছিল দেৱেন্দ্ৰ কুম্ভৰ উচ্চাকাংক্ষাৰ পৰা; ৰক্ষা পৰিছিল বসুন্ধৰা কুম্ভকৰ্ণৰ ভোজন বিলাসিতাৰ পৰা । ছমাহ শয়ন কৰি এদিনৰ বাবে জাগ্ৰত হৈ ভোজন কৰিব লগা হৈছিল কুম্ভকৰ্ণই !!
আনফালে বাধ্যত পৰি কুবেৰে স্বৰ্ণলংকাৰ দায়িত্ব ল'ব লগাত পৰিছিল বাবে মন বহোৱাব পৰা নাছিল লংকাত । সঘনাই মনত পৰিছিল নিজ ৰাজ্য অলকাপুৰীলৈ আৰু অমৰাৱতীৰ ভোগ বিলাসলৈ । সেয়ে এদিন যেতিয়া ৰাৱণৰ পৰা লংকা বিচাৰি পাইছিল প্ৰস্তাৱ , ক্ৰোধিত হোৱা নাছিল কুবেৰ । অৱশ্যে কুবেৰে ৰাৱণৰ অন্তৰ্নিহিত ৰাক্ষস প্ৰীতিৰ উমানো পোৱা নাছিল । ভাবিছিল বৈমাত্ৰেয় ভাতৃ ৰাৱণ লংকাৰ গৰাকী হৈ দেৱ সংস্কৃতিৰ ৰক্ষকহে হ’ব । এনেয়ো ৰাৱণৰ মাতামহ সুমালীৰে আছিল স্বৰ্ণলংকা ; সেই সূত্ৰে ৰাৱণৰ অধিকাৰ আছে লংকাত । এই আশাৰে কুবেৰে বিনা দ্বিধাই লংকা অৰ্পণ কৰিছিল ৰাৱণক ।
কুবেৰৰ ধাৰণা ভুল প্ৰমাণিত হ’বলৈ বেছি সময় নালাগিছিল । প্ৰকাশিত হৈছিল ক্ৰমে ৰাৱণৰ দেৱ বিৰোধী মনোভাৱ । কুবেৰৰ বিৰুদ্ধেও অস্ত্ৰ ধৰি ৰাৱনে কাঢ়ি লৈছিল পুস্পক ৰথ । জ্যেষ্ঠ পুত্ৰ মেঘনাদক সঙ্গী ৰূপে লৈ দেৱতাৰ বিৰুদ্ধে ৰাৱণে চলালে অভিযান । ইন্দ্ৰক পৰাস্ত কৰি মেঘনাদে ল’লে ইন্দ্ৰজিত নাম । বন্ধ কৰি জগতত দেৱযজ্ঞ আৰু নাৰায়ণৰ পূজা ৰাৱনে চলালে ত্ৰিজগতত সন্ত্ৰাস !!
0 Comments