থমকি ৰোৱা নাই তাৰকা আৰু পুত্ৰদ্বয়ো ; ক্ৰমাত বাঢ়ি আহিছে তাৰকাৰ বিভীষিকা । তাৰকাৰ ভয়ত অগস্ত্যই কৰিছে আত্মগোপন । তাৰকায়ো উন্মাদিনী হৈ চলাথ কৰিছে অগস্ত্যক । তেনে এক অভিযানতে আজি তাৰকাই প্ৰাণ লৈছে অন্য এক তপস্বীৰ । নৰ ৰক্তৰে স্নাতা হৈ বিশ্ৰাম লৈছেহি এই তাৰকাবনত -------- ।
পূব আকাশত দিনমণি উদিত হ’ব ধৰিছে ; আন্ধাৰ আঁতৰাই ক্ৰমে জগত পোহৰাই তুলিছে । অতীত ৰোমন্থন কৰি তাৰকাও বৰ্তমানত হৈছিল উপনীত । ওৰে ৰাত্ৰি কৰা অতীত ৰোমন্থনে তাৰকাৰ মন- মগজু কৰিছিল ভাৰাক্ৰান্ত ; নয়ন কৰি তুলিছিল সিক্ত । তেনে ক্ষণতে মাতৃৰ সমীপত পুনৰ উত্ৰাৱল হৈ উপস্থিত হ’লহি পুত্ৰ মাৰীচ-সুবাহু । মাতৃৰ চকুত অশ্ৰুকণা দেখি বিস্মিত ভাৱে মাৰীচে কৰিলে প্ৰশ্ন--
“ মাতৃ, সহস্ৰ দুখ মই সহিব পাৰোঁ, নোৱাৰো সহিব তোমাৰ নয়নৰ অশ্ৰু কণা ! কোৱা মাতৃ কিয় দেখো তোমাৰ নয়ন সিক্ত ?” -----তাৰকাই নিজকে চম্ভালি ললে আৰু শান্তভাৱে এইবাৰ পুত্ৰক ক’লে---- “ জীৱন লগৰী মোৰ এই অশ্ৰু ; তোমালোকে চিন্তা নকৰিবা পুত্ৰ, আগমণৰ উদ্দেশ্য কৰা ব্যক্ত ।”
মাৰীচে সুবাহুলৈ চালে । জ্যেষ্ঠৰ ইঙ্গিত কণিষ্ঠই বুজিলে । বিশেষ কিছু বাৰ্তা মাৰীচে নিজ মুখে ব্যক্ত নকৰে মাতৃৰ আগত ; সুবাহুকে দিয়ে দায়িত্ব । আজিও জ্যেষ্ঠই আগবঢ়াই দিছে সুবাহুকে । কিন্তু ৰাত্ৰি প্ৰহৰত মাতৃৰ সন্মূখলৈ আহি যি ক্ৰোধিত ৰূপ দেখিছিল মাতৃৰ তাৰ ভীতি এতিয়াও মাৰ যোৱা নাই সুবাহুৰ মনৰ পৰা । তথাপি সংকোচ মনে সুবাহুৱে ব্যক্ত কৰিলে-------------
“ মাতৃ , আমাৰ ভয়ত কোনো তপস্বীয়ে সাহস কৰা নাই যজ্ঞৰ আয়োজন কৰিবলৈ । যি কৰিছে তাকো আমি দিছো প্ৰাণদণ্ড । কোনো তপস্বীয়ে সাহস কৰা নাই আমাৰ বনৰ সমীপত আশ্ৰম পাতিবলৈ । কিন্তু-------
সমাপ্ত নকৰি বক্তব্য ৰৈ গ’ল সুবাহু ! তাৰকাই বুজিলে সুবাহুৰ মনোদশা আৰু বুজিলে নিশ্চয় আছে কিবা চিন্তনীয় সংবাদ । দুখোজ আগুৱাই গ'ল তাৰকা সুবাহুৰ ওচৰলৈ । মৰমেৰে ক’লে “ কোৱা বাচা, কি ক’ব বিচাৰিছা ।” মাতৃৰ মৰমসনা মাতত সাহস পালে সুবাহুৱে -- “ মাতৃ, বিশ্বামিত্ৰ নামে তপস্বী এজনে আমাৰ বনৰ সমীপত পাতিছে আশ্ৰম ------”
“ বিশ্বামিত্ৰ ! ক্ষত্ৰিয়ত্বক ত্যেজি ব্ৰাহ্মণত্বক আকোঁৱালি লোৱা সেই তপস্বীৰ ইমান দুঃসাহস ।” -----চিৎকাৰ কৰি উঠিল তাৰকাই । মাতৃৰ কথাত জিজ্ঞাসা জন্মিল সুবাহুৰ মনত । সেয়ে সাহস কৰি সুধিলে --“মাতৃ, কোন এই বিশ্বামিত্ৰ ?” পুত্ৰৰ জিজ্ঞাসাক সন্মান জনাই তাৰকাই ক’বলৈ ধৰিলে ঋষি বিশ্বামিত্ৰৰ জীৱন গাঁথা --------
শুনা পুত্ৰ, গাধিনন্দন এই বিশ্বামিত্ৰ । জাতত ক্ষত্ৰিয় , প্ৰথমে আছিলে নাম বিশ্বৰথ । পিতৃ গাধিৰ পাছত কান্যকুব্জৰ ৰজা হৈছিল বিশ্বৰথ । ৰজা হৈ এদিন যুদ্ধ জয় কৰি বিশ্বৰথ সসৈন্যে ৰাজ্যলৈ ঘূৰি আহোঁতে বাটতে পাইছিল ঋষি বশিষ্ঠৰ আশ্ৰম । ঋষিক সাক্ষাতৰ অভিলাষেৰে সৈন্যসহ ৰাজন প্ৰৱেশ কৰিছিল আশ্ৰমৰ ভিতৰত ।
বশিষ্ঠৰ আশ্ৰম অতি বিতোপন , যেন সৰগৰ নন্দন কানন । ফলে - ফুলে জাতিষ্কৃত; পক্ষীৰ কলৰৱে মুখৰিত আশ্ৰম । নিৰ্ভীকভাৱে বিচৰণ কৰে বন্য জীৱ জন্তুৱে । শাৰী-শাৰীকৈ ঋষিৰ শিষ্যগণৰ বাহৰ । দশোদিশে উচ্চাৰিত বেদ মন্ত্ৰ । এনেহেন পৰিৱেশত সোমাই দেহ - মন জুৰ পৰি গৈছিল ৰাজনসহ সৈন্যগণৰ । বশিষ্ঠই সৈন্যসহ ৰাজনক আদৰ সন্মানেৰে জনাইছিল সম্ভাষণ । লৈ গৈছিল আশ্ৰমৰ অতিথিচ’ৰালৈ । ইয়াৰ পাছৰ আতিথ্যত বিশ্বৰথে তবধ মানিছিল । কি আপ্যায়ন কৰোৱা নাছিল ঋষিয়ে ? সুমিষ্ট জল! সুমিষ্ট পৰমান্ন! যি বিশ্বৰথৰ ৰাজ কাৰেঙতো দুৰ্লভ । জাগিছিল উৎসুকতা বিশ্বৰথৰ মনত কেনেদৰে ঋষিয়ে এই বনৰ মাজত ৰাজনসহ সেনাগণক ইমান প্ৰাচুৰ্যপূৰ্ণ আতিথ্যৰ যোগাৰ কৰিছে !!
ৰাজনৰ উৎসুকতা জানিব পাৰি বশিষ্ঠই লৈ গ’ল বিশ্বৰথক শবলা ( নন্দিনী) ৰ কাষে আৰু ক’লে---“ৰাজন, আমাৰ আশ্ৰমৰ গৌৰৱ এই শবলা ( নন্দিনী) । এই গাইজনীৰ বাবেই আপোনাসৱৰ আতিথ্য হৈছে সম্ভৱ । শবলা হৈছে আমাৰ প্ৰাচুৰ্যৰ ভঁৰাল । “ বশিষ্ঠৰ কথা শুনি বিশ্বৰথৰ মনত লালসা জাগিল; যিকোনো প্ৰকাৰে শবলাক লাগিব বিশ্বৰথক আৰু মনৰ ভাৱ ব্যক্ত কৰিলে বশিষ্ঠক --- “ঋষিবৰ, এই ধেনুজনীক মোক অৰ্পণ কৰক । তপস্বীতকৈ ৰজাকহে প্ৰয়োজন হয় এনে ধেনুৰ ।”
কোনো মূল্যৰ বিনিময়ত বশিষ্ঠই বিশ্বৰথক অৰ্পণ নকৰে শবলাক । স্পষ্টকৈ বশিষ্ঠই জনাইছিল বিশ্বৰথক । বশিষ্ঠৰ প্ৰত্যাখ্যানত ক্ৰোধাম্বিত হৈ বিশ্বৰথে শবলাক জোৰ কৰি নিবলৈ আদেশ দিলে সৈন্যগণক । শবলাৰো প্ৰিয় ঋষিৰ আশ্ৰম ; যাবৰ ইচ্ছা নকৰিলে ৰাজনৰ লগত । কাতৰ দৃষ্টিৰে চালে শবলাই বশিষ্ঠলৈ । উপায়হীন হৈ বশিষ্ঠই শবলাক দিলে আদেশ------- “ শবলা, তোমাক ৰক্ষাৰ বাবে মই কৰিম চেষ্টা । সৃষ্টি কৰা তুমিও সৈন্য নিজ ৰক্ষাৰ হেতু । “ বশিষ্ঠৰ আজ্ঞা পাই শবলাই সৃষ্টি কৰিলে অজস্ৰ সেনা । শবলাৰ দ্বাৰা সৃষ্ট অক্ষয় সেনা আৰু বশিষ্ঠৰ তপ শক্তিৰ আগত পৰাস্ত হ’ল বিশ্বৰথৰ সেনা । লজ্জিত হৈছিল বিশ্বৰথ । সমস্ত সেনাক হেৰুৱাই অধোমুখে ঘূৰি গৈছিল বিশ্বৰথ ৰাজকাৰেঙলৈ ।
কাৰেঙতো মনত শান্তি পোৱা নাছিল বিশ্বৰথে । বাৰে বাৰে মনলৈ আহিছিল বশিষ্ঠৰ হাতত পোৱা অপমানৰ কথা । ল’লে সিদ্ধান্ত পৰাজয়ৰ পোতক তুলিব বশিষ্ঠৰ ওপৰত । সেই উদ্দেশ্যে বিশ্বৰথে পুত্ৰক ৰাজ্য ভাৰ দি শক্তি আহৰণৰ হেতু মহাদেৱক তপস্যা কৰিবলৈ যাত্ৰা কৰিছিল । কঠোৰ তপেৰে মহাদেৱক সন্তুষ্ট কৰি বিশ্বৰথে লৈছিল দৈৱশক্তি সম্পন্ন কিছু অদ্ভুত অস্ত্ৰ । তাৰ পাছত বুকু ফুলাই যাত্ৰা কৰিছিল বশিষ্ঠক পৰাজয়ৰ হেতু আৰু অগ্নি বাণেৰে বশিষ্ঠৰ আশ্ৰমত লগাইছিল হাহাঁকাৰ ।
বিশ্বৰথৰ অহংকাৰ চূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ হৈছিল বশিষ্ঠও । হাতত ব্ৰহ্মদণ্ড লৈ বশিষ্ঠ সন্মুখীন হৈছিল বিশ্বৰথৰ । ক্ৰোধাম্বিত বিশ্বৰথে মহাদেৱ প্ৰদত্ত সকলো অস্ত্ৰ এফালৰ পৰা প্ৰহাৰ কৰি গৈছিল । কিন্তু আচৰিত; তিল মাত্ৰ ক্ষতি কৰিব নোৱাৰিলে বশিষ্ঠৰ । হতবুদ্ধি হৈছিল বিশ্বৰথ ; অনুতপ্ত হৈছিল বিশ্বৰথ ------------- “ ক্ষত্ৰিয়ৰ অস্ত্ৰত কি আছে পৰাক্ৰম ? এক ব্ৰহ্মদণ্ডৰ আগত সকলো হৈছে ব্যৰ্থ !!” হাতৰ অস্ত্ৰ ভূমিত দলিয়াই বিশ্বৰথে লৈছিল সংকল্প ক্ষত্ৰিয়ত্বক পৰিহাৰ কৰি তেওঁ আদৰি ল’ব ব্ৰাহ্মণত্বক!! গুচি গৈছিল হিমালয়ৰ দিশে; ঘটিছিল বহু ঘাত - প্ৰতিঘাত ! বাৰম্বাৰ কৰিছিল কঠোৰ তপ । অৱশেষত সৃষ্টিকৰ্তাই ব্ৰহ্মৰ্ষি প্ৰদান কৰিছিল বিশ্বৰথক । ইতিমধ্যে বিশ্বৰথ পৰিৱৰ্তন হৈছিল ঋষি বিশ্বামিত্ৰলৈ !
0 Comments