এতিয়াই চাওক

6/recent/ticker-posts

তাৰকা-পৌৰাণিক উপন্যাস।। ৰাজীৱ গগৈ।।খণ্ড-11

 


অযোধ্যাত  আৰম্ভ হৈছিল  ঋষ্যশৃংগৰ পৌৰোহিত্যত আড়ম্বৰপূৰ্ণ  যজ্ঞানুষ্ঠান । আনফালে বৈকুণ্ঠত  নাৰায়ণৰ শৰণাপন্ন হৈছিল  দেৱগণ ---- “ প্ৰভু, ৰক্ষা  কৰক আমাক ৰাৱণৰ ত্ৰাসৰ পৰা । ৰক্ষা কৰক মৰতৰ তপস্বীগণক  তাৰকাৰ অত্যাচাৰৰ পৰা ।” ----নাৰায়ণে আশ্বাস দিছিল দেৱগণক ।   দশৰথৰ যজ্ঞও সম্পন্ন হৈছিল । যজ্ঞৰ পৰমান্ন গ্ৰহণ কৰি কৌশল্যাৰ গৰ্ভত ৰাম, কৈকেয়ীৰ গৰ্ভত ভৰত আৰু সুমিত্ৰাৰ গৰ্ভত লক্ষ্মণ- শত্ৰুঘ্ন নামে  চাৰি পুত্ৰৰ পিতৃ হৈছিল দশৰথ  । নাৰায়ণৰ  চাৰি অংশই জন্ম লৈছিল দশৰথৰ পুত্ৰৰূপে । বৃদ্ধ বয়সত চাৰি পুত্ৰক পাই দশৰথ আত্মহাৰা হ’ল । বিশেষকৈ ৰাম আছিল দশৰথৰ বাবে নিজ প্ৰাণতকৈও মূল্যবান । চাওঁতে চাওঁতে চাৰি পুত্ৰই  কৈশোৰত দিলে ভৰি । 

              এদিন হঠাতে  দশৰথৰ ৰাজসভাত  উপস্থিত হৈছিল বিশ্বামিত্ৰ । দশৰথে  নিজে সেৱা সৎকাৰ কৰি ঋষিক অভ্যৰ্থনা  জনালে । বিশ্বামিত্ৰৰ আকস্মিক আগমনত দশৰথৰ  মনত অৱশ্যে শংকাও জাগিছিল । ক্ষণে তুষ্ট, ক্ষণে ৰুষ্ট  এই ঋষি । সেয়ে উপযাচি দশৰথে ঋষিক সন্তুষ্ট কৰাবলৈ কৈছিল---- “ কওক ঋষিবৰ, কি কাৰ্য্য সাধন  কৰিম মই ? কৰিছো প্ৰতিজ্ঞা যিবা আজ্ঞা দিয়ে কৰিম সাধন । ” দশৰথৰ আতিথ্যত সন্তুষ্ট হৈছিল বিশ্বামিত্ৰ । সন্তোষিত  মনে কৈছিল দশৰথক ----- “ৰাজন, কেইটামান দিনৰ বাবে মোক অৰ্পণ কৰক ৰামক ।” ঋষিৰ কথাত দশৰথৰ মুখৰ বৰণ নিমিষতে সলনি হৈছিল । উৎকণ্ঠিত মনে  দশৰথে সুধিছিল ঋষিক ---

“ কৃপা  কৰি জনাবনে ৰামক প্ৰয়োজন হোৱাৰ কাৰণ ।”  

----“ হে ৰাজন, আৰম্ভ কৰিম মই এক যজ্ঞ । কিন্তু মাৰীচ আৰু সুবাহু নামে দুই ৰাক্ষসে যজ্ঞত দি আহিছে বাধা । গতিকে ৰামক যজ্ঞৰ প্ৰহৰী ৰূপে লৈ মই যজ্ঞ কৰিম সমাপন ।” ---- বিশ্বামিত্ৰৰ মুখৰ পৰা উচ্চাৰিত হোৱা এনে বাণীত দুশ্চিন্তাত  কঁপি উঠিছিল দশৰথ । কেনেদৰে পঠাব বুকুৰ আমঠুক ভয়ংকৰ ৰাক্ষসৰ আগলৈ । কাকূতি কৰিছিল দশৰথে ---“ ঋষিবৰ, ৰামৰ ষোল বছৰ বয়সেই পূৰ হোৱা নাই । কেনেদৰে কৰিব ৰণ ৰাক্ষসৰ লগত । ৰামৰ পৰিবৰ্তে ময়ে যাওঁ; এতিয়াও আছে মোৰ শৰীৰত বল । নিশ্চয় মই ৰাক্ষসক কৰিম নিধন ।” কিন্তু  বিশ্বামিত্ৰ অলৰ অচৰ ; যোগবলে চিনিছে প্ৰভুক ; সেয়ে লাগে কেৱল ৰামক । দশৰথো অনিচ্ছুক পুত্ৰক দিবলৈ; দৰ্শাইছে নানান যুক্তি । বিশ্বামিত্ৰৰ ক্ৰোধ উঠিছিল দশৰথৰ ব্যৱহাৰত । সভাত উপস্থিত আছিল দশৰথৰ কুলগুৰু বশিষ্ঠ । উমান পাইছিল তেওঁ বিশ্বামিত্ৰৰ ক্ৰোধ । কিবা অঘটন ঘটাৰ পূৰ্বে সেয়ে বশিষ্ঠই মাত লগাইছিল ---“ ৰাজন , বিশ্বামিত্ৰৰ আশ্ৰয়ত আপুনি পঠাব ৰামক । গতিকে অনৰ্থক শংকা নানিব মনলৈ । প্ৰতিজ্ঞা ৰক্ষা কৰি ৰামক বিশ্বামিত্ৰৰ হাতত অৰ্পণ কৰক ।”  বশিষ্ঠৰ কথা পেলাব নোৱাৰি অৱশেষত দশৰথে ৰামক শংকিত মনে বিশ্বামিত্ৰৰ লগত পঠাবলৈ হৈছিল সন্মত । পিতৃৰ আজ্ঞা মানি ৰাম সাজু হৈছিল বিশ্বামিত্ৰৰ লগত যাবলৈ । সঙ্গীৰূপে লক্ষ্মণো ওলাল; কাৰণ অতুলনীয় ৰাম-লক্ষ্মণৰ ভাতৃপ্ৰেম ;  যেন এক আত্মা  দুটা দেহ ।

         এনে বহু ৰহস্য  বা ঘটনা নাজানিলেও দশৰথৰ তনয় ৰাম-লক্ষ্মণ , এই কথা শুনি চিন্তিত হ’ল তাৰকা । অগস্ত্য  নামধাৰী এক তপস্বীয়ে তাৰকাৰ কপাল কৰিছিল উকা আৰু এইবাৰ বিশ্বামিত্ৰই যদি দশৰথ তনয়ৰে  মিলি তাৰকাৰ কোলা কৰে ৰিক্ত !! আৰু ভাবিব নোৱাৰিলে তাৰকাই । প্ৰকৃতিয়ে যেনেকৈ দিয়ে বিপদৰ  আগজাননী, মহাকালেও দিয়ে তেনেদৰেই জীৱক সংকটৰ জাননী । তাৰেই যেন উমান পাইছে তাৰকাই । অজান আশংকাত  দুৰু দুৰুকৈ তাৰকাৰ হৃদয় কঁপিব ধৰিছে যেনেকৈ কঁপিছিল পূৰ্বে এবাৰ স্বামীৰ মুখত শুনি পুত্ৰৰ  নাম!!

     “ নাই নাই পুত্ৰ, মাতৃ থাকোতে জীৱিত কিয় যাব পুত্ৰ মৰণ যজ্ঞলৈ ? নিজে গৈ মই  কৰোঁ প্ৰত্যক্ষ কিমান শক্তিশালী সেই  ৰাম-লক্ষ্মণ ? ”--চিঞৰি উঠিল তাৰকাই । দুখোজ  গৈ পুনৰ ঘূৰি আহিল পুত্ৰদ্বয়ৰ সমীপে -- “ শুনা পুত্ৰ, যদি মোৰ ঘটে কিবা অথন্তৰ কৰিছো অনুৰোধ সন্মুখীন নহ'বা তোমালোক ৰাম - লক্ষ্মণৰ । ” পুত্ৰদ্বয়ক কোনো সুযোগ নিদি  এইবাৰ বেগেৰে যাত্ৰা কৰিলে তাৰকাই । কিংকৰ্তব্যবিমুঢ় হৈ পৰিল মাৰীচ । মাতৃৰ এয়া কেনে অনুৰোধ!! নাই নাই ই কদাপি হ’ব নোৱাৰে । মাতৃক অকলে শত্ৰুৰ সন্মুখলৈ-----আৰু ভাবিব নোৱাৰিলে মাৰীচে; ভবাৰ সময়ো নহয় । ভাতৃক  লগত  লৈ  মাৰীচে  মাতৃৰ  পথ অনুসৰণ  কৰিলে ।

Post a Comment

0 Comments