মহিষাসুৰ হিন্দু মহাকাব্যৰ এক উল্লেখযোগ্য চৰিত্ৰ।আচলতে মহিষাসুৰক হিন্দু সকলে অপদেৱতা হিচাপে গন্য কৰে।মহিষাসুৰৰ অৰ্থ হৈছে ওপৰৰ অংশ মহ আকৃতিৰ আৰু তলৰ অংশ মনুষ্যৰ আকৃতিৰ।মহিষাসুৰৰ পিতৃৰ আছিল ৰম্ভাসুৰ । আৰু মাতৃৰ নাম শ্যামলা।
মহিষাসুৰৰ পিতৃ ৰম্ভাসুৰৰ কোনো সন্তান নাছিল সেইবাবেই সমস্ত থাকিও যেন তেওঁৰ একো নাছিল। তেওঁ বহু ৰজাক যুদ্ধত পৰাস্ত কৰি বহুতো ৰাজ্য নিষ্কন্তক কৰিছিল । কিন্তু তেওঁৰ সমস্ত ৰাজ্যৰ উত্তৰাধিকাৰী কোনো নাছিল। সেইবাবেই তেওঁ পুত্ৰ পোৱাৰ কামনাত বহু বছৰ বিশাল অৰণ্যৰ মাজত তেওঁৰ প্ৰভূ শিৱক তপস্যা কৰে। ৰম্ভাসুৰৰ তপস্যাত মহাদেৱ সন্তুষ্ট হৈ ৰম্ভাসুৰক ত্ৰিলোকবিজয়ী পুত্ৰ হোৱাৰ বৰ প্ৰদান কৰিলে। মহাদেৱৰ বৰত সন্তুষ্ট হৈ ৰম্ভাসুৰ অসুৰ ৰাজ্যলৈ ঘূৰি আহে। কিন্তু বাটত আহি থাকোঁতেই মহ ৰূপি এজনী অপেস্বৰীৰ কামনা বাসনাৰ বলী হৈ পৰিল।আৰু কাম ভাৱত আকৃষ্ট হৈ তৎক্ষণাৎ সেই মহ ৰূপি অপেস্বৰী জনীক ৰম্ভাসুৰে হৰণ কৰি বনৰ মাজত সংগ্ৰম কৰাত লিপ্ত হয়।তাৰ পিছত মহ ৰূপি অপেস্বৰী জনীক ৰম্ভাসুৰে বিবাহ কৰায়। বিবাহৰ পিছত পুনৰ সংগ্ৰম কৰাত সেই মহ ৰূপি অপেস্বৰী জনীৰ পিতৃ মহিষে ৰম্ভাসুৰক বধ কৰে।
ৰম্ভাসুৰৰ মৃত্যুৰ পিছত এজন যক্ষই সেই মৰা শ টো দাহ কৰিবলৈ উদ্যত হয়।পতিৰ মৃত্যুৰ শোকত মহ ৰূপি অপেস্বৰী জনীয়েও একেখন চিতাতে জপিয়াই পৰে।চিতাত অগ্নি সংযোগ কৰাৰ লগেলগে মহ ৰূপি অপেস্বৰী জনী চিৎকাৰ কৰি উঠে আৰু তাইৰ গৰ্ভ নিষ্ক্ৰান্ত হৈ মহ ৰূপি অপেস্বৰী আৰু ৰম্ভাসুৰৰ মিলনত আধা মানুহ আৰু আধা মহৰ আকৃতিৰে মহিষাসুৰৰ জন্ম হয়। তেতিয়া ৰম্ভাসুৰ পুত্ৰ স্নেহত আকৃষ্ট হৈ পুনৰ বাৰ জন্ম গ্ৰহণ কৰে ৰক্তবিজ নামেৰে।
মহাদেৱৰ বৰৰ প্ৰভাৱত মিলন কালতেই গৰ্ভ সংস্বাৰ হৈছিল মহ ৰূপি অপেস্বৰী জনীৰ। সেইবাবেই পশুৰ লগত সংগ্ৰম কৰাৰ বাবেই জলন্ত চিতাৰ পৰা অৰ্ধ মানুহ অৰ্ধ পশুৰ ৰূপ লৈ মহিষাসুৰৰ সৃষ্টি হয়।শিৱৰ বৰৰ প্ৰভাৱত জন্ম হোৱাৰ বাবে মহিষাসুৰ অতি দুৰ্দান্ত হৈ পৰে আৰু মত্যৰ সকলো ৰজাক বধ কৰি চলে বলে কৌশলে মত্য আৰু পাতালৰ অধিপতি হৈ পৰে। অৱশেষত স্বৰ্গ আক্ৰমণ কৰি দেৱতাসকলক খেদি স্বৰ্গৰো অধিপতি হয়।মহিষাসুৰৰ অত্যাচাৰত স্বৰ্গৰ দেৱতা,মত্যৰ মানৱ ,আৰু পাতালৰ নাগ সকলো ভয় ভিত হৈ পৰে। দেৱতাসকল উপায়ান্তৰ হৈ পৰম পিতা বিষ্ণুৰ কাষ চাপে।দেৱতা সৱৰ দুৰ্গতিৰ কথা শুনি তেওঁ লোকক অভয় দান দি বিষ্ণু কাত্যায়ণী কন্যা পাৰ্বতীৰ কাষ চাপে। পাৰ্বতিয়ে নিজৰ তেজ দান কৰে পাৰ্বতীৰ তেজ হাতত লৈ দেৱতাদেৱ দেৱতাৰাই কায়ামুৰ্তী চণ্ডীৱৰ আবিৰ্ভাৱ হয়।দেৱীয়ে চণ্ডী মুৰ্তি ধাৰণ কৰি প্ৰৱল প্ৰতাপি মহিষাসুৰক বধ কৰি দেৱতাসকলৰ লগতে সকলোকে উদ্ধাৰ কৰে।
0 Comments