সাহিত্য -সংস্কৃতিয়ে একোটা জাতিৰ নিজস্ব ঐতিহ্যপূর্ণ পৰিচয় বহন কৰি উন্নতিৰ মানদণ্ড নিৰূপন কৰে আৰু এই কার্যৰ স্থায়িত্ব নির্ভৰ কৰে সুপৰিকল্পিত , প্ৰণালীবদ্ধ, বিজ্ঞানসন্মত দীর্ঘম্যাদী চিন্তা-চর্চাৰে সাহিত্য, সমাজ, সংস্কৃতিৰ সৃষ্টিৰাজি সম্পাদনাৰ ওপৰত। এয়াই জাতিটোৰ ধাৰক আৰু বাহক হ'ব পাৰে।দৰঙৰ পৰিবেশ্য কলাৰ অবিৰত চৰ্চা,প্রচাৰ-প্রসাৰ গুৰত্বপূর্ণ ভূমিকা লৈ অহা আজন্ম সাধক শিল্পী তথা ধাৰক-বাহক।জাতিটোৰ প্ৰতিজনেই যে এনে কাম কৰি পাৰিব সেয়া অসম্ভৱ।সম্ভৱ দুই এজন ব্যক্তিৰ যিয়ে নিজৰ জীৱন তুচ্ছ কৰি একাত্মতাৰে সাধনা কৰি সময়ৰ লগত খাপ খুৱাই গতিশীলতা দান কৰিব পাৰে, সাহিত্য-সংস্কৃতিকৃতি শিল্পৰ ৰেখাত পৰিণত কৰিব পাৰে।নিৰলস সাধনা কৰা তেনে এজন ব্যক্তি হ'ল লোকশিল্পী শ্রীহেমচন্দ্র ডেকা । তেওঁ দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্রৰ অন্তর্গত বৈৰাগীপাৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল।দুখীয়া অথচ সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহন কৰা ল'ৰাটোৱে ননৈ নদীৰ বালি-কঁহুৱাৰ মাজত খেলি-উমলি -জামলি ডাঙৰ হোৱা,সোণতলী পথাৰত পিতাকৰ সতে বোকা-পানী কেঁচা মাটিত সেউজীয়া সপোন ৰচি আগুৱাই গৈ সাহিত্য সংস্কৃতিৰ পথাৰখনতো একনিষ্ঠ, সততা আৰু প্রৱল আত্মবিশ্বাসেৰে এদিন খোপনি পুতিবলৈ সক্ষম হয়। সৰুৰে পৰা খুলীয়া ভাউৰীয়া, ব্যাসৰ ওজাপালি , নাঙেলী গীত, মহৌখুন্দা, সুকনান্নী ওজাপালি, কালিবাদন, অভিনয় আৰু সাহিত্যৰ প্রতি প্ৰবল নিচা থকা এই বহু প্ৰতিভাধাৰী ব্যক্তিজনেই দৰংৰ প্ৰায়বোৰ লোককলা-লোকসংস্কৃতিৰ বৰ্তমান গুৰি ধৰোতা। ১৯৭৩ চনত জন্ম গ্ৰহণ কৰা ডেকাদেৱে প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই দৰং জিলাৰ হাপামাৰা অর্জ্জুনতল খুলীয়া ভাউৰীয়াৰ ধুৰাগীত বচন, বিলাপগীত দেখি-শুণি আকৰ্ষণ বাঢ়ি গৈ পৰৱৰ্তী সময়ত হাপামাৰা অর্জ্জুনতল খুলীয়া ভাউৰীয়া, হাপামাৰা নৱজ্যোতি খুলীয়া ভাউৰীয়া দলৰ লগত জড়িত হৈ নাট্যাভিনয়, নাট আৰু নৃত্য পৰিচালনাৰ দায়িত্ব লৈ দৰং, কিমৰূপ, নলবাৰী, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বৰপেটা,ৰঙিয়া আদি জিলাত খুলীয়া ভাউৰীয়া পৰিৱেশন কৰাৰ উপৰিও দূৰদর্শন কেন্দ্ৰ গুৱাহাটী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ক্ষেত্রভিত্তিক অনুষ্ঠানত নাট্যাভিনয় পৰিৱেশন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। খুলীয়া ভাউৰীয়াৰ এই ধাৰা অব্যাহত ৰাখি জনসমাজক খুলীয়া ভাউৰীয়াৰ প্রতি যেনেদৰে আকৰ্ষিত কৰে আৰু একমাত্ৰা প্রদান কৰে তাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ জৰিয়তে ২০১৯ চনত "দৰঙীয়া খুলীয়া ভাউৰীয়াৰ গুৰু" ৰাষ্ট্ৰীয় সন্মান আগবঢ়াই।
২০০৩ চনত দৰঙৰে স্বনামধন্য ব্যাসৰ ওজা শ্রীসুৰেন্দ্র নাথক গুৰু হিচাপে লৈ ওজাপালি আদিপাঠ গ্ৰহণ কৰি পৰৱর্তী সময়ত তেওঁৰেই এগৰাকী সূচক পালি হিচাপে প্ৰায় ১৬ বছৰ ওজাপালি পৰিৱেশন কৰাৰ অন্তত ২০১৮ চনত এই ৰাগ-ৰাগিনী যুক্ত উচ্চাংগ সংগীত বিধৰ ওজাশিল্পী হিচাপে ঐতিহ্যমণ্ডিত গোন্ধচৌপৰী সভাকে ধৰি দেশৰ বিভিন্ন সাংস্কৃতিক মঞ্চত ওজাপালি পৰিৱেশন কৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সংগীত নাটক একাডেমীৰ জৰিয়তে ভাৰতর্বষৰ বিভিন্ন ঠাই যেনে ভূপাল, নতুন দিল্লী, কলকাতা বাৰাণসী, আগৰতলা কটক আদি ঠাইত ব্যাস ওজাপালি পৰিবেশন কৰি দর্শকৰ সমাদৰ লাভ কৰে। গুৰু সুৰেন্দ্র নাথৰ দলত থাকোতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ওজাপালিৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্রতো ব্যাস ওজাপালি পৰিবেশন কৰে। বৰ্তমান "দৌৰঙ্গ ব্যাস ওজাপালি দল" নামেৰে দল এটি গঠন কৰি ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ গীত আৰু নাট শাখাৰ শিল্পী দল হিচাপে স্বীকৃতি লাভ কৰি আঁচনি সমূহৰ সজাগতামূলক অনুষ্ঠান পৰিবেশন কৰি আহিছে আৰু সংগীত নাটক একাডেমীৰ পৰা স্বীকৃতিপ্রাপ্ত গুৰু ধর্মেশ্বৰ নাথ ওজা আৰু গুৰু শাস্ত্রীৰাম নাথৰ পৰাও ব্যাস সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। সংগীত নাটক একাডেমী অন্তর্গত সত্ৰীয়া কেন্দ্রই প্রৱর্তন কৰা ব্যাস ওজাপালিৰ গুৰু শিষ্য পৰম্পৰা আঁচনিৰ সমন্বয়ক হিচাপে কাম কৰি আছে।
দৰঙৰ অনুপম লোক কৃষ্টি নাঙেলী গীতৰ শিল্পী হিচাপেও সকলোৰে চিনাকি হেমচন্দ্ৰ ডেকাই পাৰঙ্গত শিল্পী, শিল্পীপেঞ্চনাৰ দীনবন্ধু শর্মাৰ ওচৰত শিকি তাক ন-ৰূপত সজাই উৰিষ্যা, কলকাতা পৰিবেশন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও অসমৰ সকলোবিলাক বৈদ্যুতিক মাধ্যমত নাঙেলী গীত পৰিবেশনৰ লগতে এই গীতৰ কৰ্মশালা প্রদান কৰি আহিছে। ইতিমধ্যে "নাঙেলী অমিয়া" নামৰ ভি চি ডি ত অভিনয় কৰি মুগ্ধ কৰিব পাৰিছে ডেকাদেৱে। দৰঙৰ অন্যতম লোককৃষ্টি মহখেদা বা মহৌখুন্দা কৃষ্টি পৰিৱেশনেৰে লুপ্তপ্ৰায় এই কৃষ্টি জীয়াই ৰাখিছে ডেকাদেৱে। ভাৰত চৰকাৰৰ
তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ৰ অধীনত গীত আৰু নাট শাখাৰ পঞ্জীয়নভুক্ত শিল্পী হিচাপে স্বীকৃতি লাভ কৰে শ্রীডেকাই। ২০১১ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া নামৰ শিল্পীৰ স্বীকৃতি লাভ কৰা হেমচন্দ্ৰ ডেকা সুকনান্নী ওজাৰ লগতো জড়িত। তেওঁ গুৰু দ্ৰোণ ভূঞাৰ তত্বাৱধানত সংগীত নাটক একাডেমীৰ সহযোগত অসম সাহিত্য সভাই অনুষ্ঠিত কৰা ওজাপালি কৰ্মশালাৰ জৰিয়তে কৃষ্টিটি আগবঢ়াই নিয়াত গুৰি ধৰে।
দৰঙৰ পুৰাতন কৃষ্টি কালিয়া বৰ্তমান লুপ্তপ্ৰায়। এই কৃষ্টি বিধৰ ২০ দিনীয়া কৰ্মশালা এটি অসম সাংস্কৃতিক সঞ্চলকায়ৰ জৰিয়তে ছিপাঝাৰ কেন্দ্ৰত অনুষ্ঠিত হয় য'ত কালিয়া গুৰু শ্রীকুলেন্দ্র নাথৰ পৰা কালিবাদন শিকিছিল কিন্তু বাদ্যযন্ত্রটিৰ অভাৱত এই কৃষ্টি ধৰি ৰাখিব নোৱাৰিলে শিল্পী গৰাকীয়ে। সৰুৰ পৰা নাটক আৰু অভিনয়ৰ স'তে জড়িত হোৱা শিল্পী গৰাকীয়ে দৰঙৰ নটসূৰ্য নাট্যগোষ্ঠী, উদিত নাট্যগোষ্ঠী, শঙ্কৰ-মাধৱ নাট্যগোষ্ঠী আৰু ভ্ৰাম্যমাণ নাট্যদল "সমন্বয় থিয়েটাৰ" ৰ মঞ্চত মুঠ ৩০ খন নাটকত অভিনয় কৰি "অসমৰ নাট্য বিদ্যালয় স্কুল অৱ ড্রামা" আৰু এবছৰীয়া ডিপ্লমা গহণ কৰে। শ্রীডেকাই "ভয়ানক" নামৰ এখন অসমীয়া ভিচিডি ত অভিনয় কৰে। এনেদৰে সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত শ্রীহেমচন্দ্র ডেকা বৰ্তমান দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সহকাৰী সম্পাদক, তক্ষশীলা অসমৰ মঙ্গলদৈ শাখাৰ সম্পাদক, দৰংজ্যোতি কৃষ্টি বিকাশ ছ'চাইটি আৰু দৌৰাঙ্গ কালচাৰেল চেন্টাৰৰ সম্পাদক।
কলা-সংস্কৃতিৰ সাধক ডেকাদেৱৰ সাহিত্যৰ পথাৰখনতো আছে অগাধ বুৎপত্তি। আনবোৰৰ দৰে সাহিত্যৰ সাধনা সমানে কৰি যোৱা ডেকাদেৱে ইতিমধ্যে প্ৰায় আঠখন গ্ৰন্থ লিখি প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ ভিতৰত আছে উপন্যাস-"অন্য এক তেজীমলা", গল্পপুথি- "ননৈৰ পাৰে পাৰে" আৰু "কহুঁৱাৰ আঁৰে আঁৰে", কবিতাপুথি- "নদীৰ পাৰত এটা জাতি ", একাঙ্কিকা নাট- "প্রেম আৰু সন্ত্রাস", "তেজৰ চেকুৰা "আৰু "ফুল-চন্দন তুলসী" । সাহিত্য সাধক ডেকাই সাহিত্যনুষ্ঠানৰ স'তে জড়িত হৈ আহিছে। তেওঁ দৰং জিলাৰ অন্যতম শাখা সাহিত্য সভা 'ননৈ পৰীয়া সাহিত্য সভা' ৰ তিনিটা কার্যকালৰ সম্পাদক, এটা কার্যকালৰ উপ-সভাপতি আৰু পত্ৰিকা সম্পাদক আছিল। দৰং জিলা সাহিত্য সভাৰ ক্ৰমে সাংগঠনিক, সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক, সাংস্কৃতিক উপদেষ্টা গ্রন্থাগাৰ, গেৱষণা কেন্দ্ৰৰ সম্পাদকৰ পদত অধিস্থিত হৈছিল। ইয়াৰ উপৰিও সংবাদ জগতখনৰ লগতো তেওঁ বহুবছৰ জড়িত হৈ আছিল। সাপ্তাহিক মঙ্গল বাতৰি, আজিৰ দৈনিক বাতৰি, আজিৰ অসম, পূৰ্বাঞ্চল প্রহৰী(হিন্দী), দৈনিক বাতৰি কাকত আদিৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। মাজতে শিক্ষকতা,নিৰ্মাণ শ্ৰম আগবঢ়োৱা ডেকাদেৱ দুগৰাকী কন্যা সন্তানৰ পিতৃ।চৰকাৰী কোনো সংস্থাপন নোহোৱা আর্থিকভাৱে দৈন্য অথচ সাংস্কৃতিকভাৱে বহু চহকী ডেকাদেৱে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি থাকিব লগা হৈছে। চৰকাৰী কিবা সা-সুবিধা পালে কলা-সংস্কৃতি, সাহিত্য পথাৰখনত একাত্মতাৰে লাগি থাকি এদিন হয়টো সর্বভাৰতীয় পৰ্য্যায়ত নিজৰ সাধনাৰে চিনাকি দি দেশৰ নাম উজ্জ্বলাই তুলিব পাৰিলেহেতেঁন। আমি আশা কৰিছো এওঁৰ ওপৰত চৰকাৰৰ সু-দৃষ্টি পৰক।
0 Comments