অমৰমণ্ডলী যেন সভাসদগণৰ সন্মুখত দেৱেন্দ্ৰ যেন মৰতৰ ৰাজন শয্যাতি বহি আছে ৰাজ সিংহাসনত । মনুনন্দন শয্যাতি; এক বিশাল ৰাজ্যৰ গৰাকী এই শয্যাতি । মহান পূৰ্বজৰ পৰা লভা ৰাজ্য খন শয্যাতিয়ে সুকলমে শাসন কৰিছে । বসুন্ধৰাত বিয়পি পৰিছে এওঁৰ সুখ্যাতি । সাম্য সৌম্য শয্যাতিৰ মুখত জিলিকিছে সেয়ে প্ৰাপ্তিৰ সন্তুষ্টি । ৰাজ্যৰ কেওদিশে শান্তি বিৰাজমান । আনন্দিত মনে শয্যাতিয়ে সন্মূখত বহি থকা পাৰিষদগণক উদ্দেশ্যি ক'লে----
--- " হে পৰম পূজনীয় পাৰিষদ গণ, আপোনাসৱৰ সহযোগিতাত সুন্দৰভাৱে পৰিচালিত হৈছে ৰাজ্যৰ শাসন কাৰ্য । প্ৰজাগণে শান্তিৰে কৰিছে বাস; তপস্বীগণে নিৰ্ভীক হৈ কৰিছে তপ । সেয়ে ভাবিছো মানসিক তৃপ্তিৰ বাবে আমিও অৰণ্যত মৃগয়া চিকাৰ কৰি আনন্দ লভোঁ ।"
-- " অতি উত্তম চিন্তা কৰিছে ৰাজন । মৃগ চিকাৰে আপোনাক দিব মানসিক তৃপ্তি । ন উদ্যমেৰে পুনৰ ৰাজকাৰ্য চলোৱাত আপোনাক ই সহায় কৰিব ।"----জ্যেষ্ঠ তথা অভিজ্ঞ মন্ত্ৰীবৰে ৰাজনক উদগণি যোগালে ।
পাৰিষদ গণেও আনন্দেৰে সন্মতি জনালে ৰাজনৰ প্ৰস্তাৱত । সিদ্ধান্ত হ'ল পিছদিনা প্ৰাতঃ বেলাতে ৰাজ্যৰ পশ্চিম দিশে থকা বনত আৰম্ভ কৰিব মৃগ চিকাৰ অভিযান । সকলোকে কৃতজ্ঞতা জনাই মহাৰাজ শয্যাতিয়ে আজিলৈ সভা ভঙ্গ কৰিলে ।
ৰুণুক-জুনুককৈ নুপুৰ বজাই চঞ্চলা হৰিণীৰ দৰে লয়লাস ভঙ্গীৰে আগুৱাই আহিছে সুকন্যা , ষোড়শী সুকন্যা ; শয্যাতিৰ আলাসৰ জী এই সুকন্যা । ৰূপে গুণে বিভূষিতা । ৰাজকন্যা বুলিয়ে নহয় সহনশীলা, সুভাষিণী আৰু কিছু পৰিমাণে দুষ্টালিপূৰ্ণ সুকন্যা ৰজাৰ লগতে প্ৰজাৰো অতি প্ৰিয় । পিতৃয়ে ৰাজসভাত লোৱা সিদ্ধান্তৰ বিষয়ে যেতিয়া জ্ঞাত হ'ল এক মুহুৰ্ত পলম নকৰি পিতৃৰ সন্মুখত উপস্থিত হ'লহি সুকন্যা । ৰাজসভাৰ পৰা আহি চকু দুটা মুদি খন্তেক বিশ্ৰাম লৈ আছিল শয্যাতিয়ে । হঠাতে শিৰত আঙুলিৰ পৰশ অনুভৱ কৰিলে শয্যাতিয়ে । চকু মেলি চোৱাৰ প্ৰয়োজনবোধ নকৰিলে তেওঁ । কাৰণ কন্যাৰ হাতৰ পৰশ চিনি পায় পিতৃয়ে । কন্যাৰ হাতৰ স্পৰ্শানুভূতিত নিদ্ৰাই হেঁচি ধৰিছেহি শয্যাতিক । তেনেতে মৰমসনা মাতেৰে সুকন্যাই ক'লে--
--"পিতা, কালিলৈ তুমি বনলৈ যাবা?"
-- " অ , যাম ---।" নিদ্ৰাৰ জাল ফালি কোনোমতে শয্যাতিয়ে চমুকৈ উত্তৰ দিলে ।
-- " তেন্তে পিতা সখীৰ সৈতে ময়ো যাম তোমাৰ লগত । "
আচম্বিতে পোৱা এই প্ৰস্তাৱত চকু মেলি শয্যাতিয়ে চালে সুকন্যালৈ---- " আই , অৰণ্য নহয় আমাৰ ৰাজ উদ্যানৰ দৰে । থাকে হিংস্ৰ জন্তু তাত । পদে পদে থাকে বিপদ । তেনেস্থলত কেনেদৰে নিম তোমাক ? "
পিতৃৰ বাক্যই ব্যথিত কৰিলে সুকন্যাক । তথাপি আশাহত নহ’ল তাই । পুনৰ অভিমানী সুৰত ক'লে পিতৃক, " সেই কথা হ'বই নোৱাৰে । মইতো আনৰ লগত যাব বিচৰা নাই ; পিতাৰ লগতহে যাম । পিতা থাকোতে কন্যাৰ কি হ'ব পাৰে বিপদ ? " ---নিৰুপায় হ'ল শয্যাতি সুকন্যাৰ যুক্তিত । কন্যাৰ আগ্ৰহক আৰু বাধা দিব নিবিচাৰিলে পিতৃয়ে । অৱশ্যে আজিলৈকে কন্যাৰ কোনো প্ৰস্তাৱতে না বুলি ক'ব পৰা নাই শয্যাতিয়ে । হয়তো এয়া কন্যাৰ প্ৰতি থকা পিতৃৰ স্নেহ ! সন্মতি দিলে সুকন্যাসহ ইচ্ছুক নাৰীগণকো লৈ যাব অৰণ্যৰ মাজলৈ । সুকন্যা আনন্দিত হ'ল । কৃতজ্ঞতাৰ চিন স্বৰূপে পিতৃৰ কপালত এক চুম্বন যাঁচি উল্লাসিত হৈ সখীক বাৰ্তা দিবলৈ ল'ৰি গ'ল সুকন্যা । কন্যাৰ উল্লাস দেখি সুখানুভূতিৰ হাঁহি বিয়পি পৰিল পিতৃৰ মুখত ; আলফুলে নিদ্ৰাদেৱীয়েও জপাই ধৰিলেহি শয্যাতিৰ নয়ন ।
ৰাতিটো বৰ দীঘল যেন লাগিছে সুকন্যাৰ । নিদ্ৰা দেৱীও আজিচোন অহা নাই সুকন্যাৰ কাষলৈ !! উদগ্ৰীৱ-উৎকণ্ঠিত হৈ আছে সুকন্যা কেনে হ'ব অৰণ্যৰ পৰিৱেশ ! নাজানে সুকন্যাই , অৰণ্য বুলি ক'লেই কিয় আলোড়িত হৈ উঠে তাইৰ প্ৰাণ ? এক আকৰ্ষণ , এক বুজাব নোৱাৰা শিহৰণ জাগি উঠে দেহত । চকু দুটা মুদি জোৰকৈ নিদ্ৰা যাবলৈ চেষ্টা কৰিলে তাই । নাই নাহে নিদ্ৰা! সুকোমল শেতেলীত ইকাটি সিকাটি কৰি আমনি লাগিল সুকন্যাৰ । কিমান আৰু চেষ্টা কৰিব । অতিষ্ঠ হৈ এসময়ত উঠি আহি খিৰিকীয়েদি বাহিৰলৈ চালে সুকন্যাই । বাহিৰত ফৰিংফুটা জোনাক ; চাৰিওফালে নিজান- নিস্তব্ধ ; নিশ্চিন্তমনে সকলো নিদ্ৰা দেৱীৰ কোলাত । মাত্ৰ প্ৰহৰী কেইজনে দায়িত্বৰ খাতিৰত পায়চাৰী কৰি আছে কিছু আঁতৰত । আকাশলৈ মূৰ তুলি চালে সুকন্যাই ; খঙ উঠিল তাইৰ । চন্দ্ৰমা চোন আজি যাবই নোখোজে !! আনন্দ লভিছে যেন সুকন্যাৰ অস্থিৰতাত । কিছুপৰ খিৰিকীৰ কাষতে কটাই পুনৰ সুকোমল পালেঙত পৰিলগৈ সুকন্যা । ভাৱ সাগৰত ডুবি থাকোতে কেতিয়ানো নিদ্ৰা দেৱীয়ে কোলাত ল'লেহি তাৰ উমান নাপালে সুকন্যাই । হঠাত কাৰোবাৰ হাতৰ পৰশত সাৰ পালে তাই । চকু মেলি চাই আচৰিত হ'ল সুকন্যা-- মুখত ইতিকিঙৰ হাঁহি লৈ সখী সুকীৰ্তিচোন সাজি কাচি ৰৈ আছেহি তাইৰ কাষত !!
--" কি হ'ল সুকন্যা , আজি অৰণ্যলৈ নোযোৱা নেকি ? সকলো সাজু হ'ল । কি কৈছিলা কালি ? মোকহে পুৱা নিদ্ৰাৰ পৰা জগাবাহি তুমি--- আৰু এতিয়া হা: হা: । "
জোৰকৈ হাঁহি উঠিল সুকীৰ্তিয়ে ; গৌৰৱৰ হাঁহি ! যেন যুদ্ধ জয়ৰহে হাঁহি । কিবা খঙ উঠি গ'ল সুকন্যাৰ সুকীৰ্তিৰ প্ৰতি । কেনেদৰে বুজাব তাইক কিমান অস্থিৰতাৰে যে সুকন্যাই পাৰ কৰিছিল ৰজনীটো!!
পুৱাই যে পাব ইমান অপমান , তাকো প্ৰিয় সখীৰ হাতত, সেই কথা কল্পনা কৰা নাছিল সুকন্যাই । আৰু ৰৈ নাথাকিল তাই । সুকীৰ্তিক কোনো প্ৰশ্নৰ উত্তৰ নিদি একে জাপে পালেঙৰ পৰা নামি স্নানাগাৰলৈ ল'ৰি গ'ল । নিজৰ ওপৰতে খং উঠিল সুকন্যাৰ । কেনেদৰে ৰাত্ৰিৰ ইমান অস্থিৰতাৰ পাছতো শয়ন কৰিলে অত পৰলৈ !! আৰু পলম কৰিব নোৱাৰি ; খৰধৰকৈ স্নান কৰি সুকন্যা আহিল নিজ কক্ষলৈ । সুকীৰ্তি এতিয়াও আছে কক্ষতে । সুকন্যাক দেখি তাই ক'লে ---
--- " সখী, সাজ বিচাৰি আৰু পলম নকৰিবা । তোমাৰ বাবে মই এই সাজযোৰ নিৰ্বাচিত কৰি ৰাখিছো । এইযোৰ সাজত যে তোমাক বৰ ভাল লাগে ।"
সুকন্যাই সাজযোৰলৈ চালে-----অ' সেউজীয়া ৰঙৰ সাজযোৰ ! এইযোৰ সাজ সুকন্যাৰো প্ৰিয় । তাতে আকৌ যাব বনলৈ । শ্যামলী অৰণ্যত সেউজীয়া বসনেৰে একাকাৰ হৈ পৰিব সুকন্যা ! সঁচাই অপূৰ্ব নিৰ্বাচন সখীৰ । সুকীৰ্তিৰ প্ৰতি উঠা খঙ মাৰ গ'ল সুকন্যাৰ । মৰম জাগি উঠিল তাইৰ প্ৰিয় সখীজনীলৈ । মৰমেৰে আকোঁৱালি ল'লে সখীক ; এতিয়াহে লক্ষ্য কৰিলে সুকন্যাই সখী সুকীৰ্তিয়েও পিন্ধিছে শ্যামলী বসন !! হাঁহি বিৰিঙি উঠিল সুকন্যাৰ মুখত । কি যে নকৰে তাইৰ এই চঞ্চলা সখী জনীয়ে । কোনো কাৰ্যই কৰিব দিয়া নাই সুকীৰ্তিয়ে সুকন্যাক ---কেশসজ্জাৰ পৰা ৰূপ চৰ্চালৈকে সকলো অতি আগ্ৰহেৰে কৰি গৈছে সুকীৰ্তিয়ে ।
--" হ'ব আৰু সখী, কইনা সাজে নালাগে মোক সজাব । বনলৈহে যাম আমি ---।"--- অতিষ্ঠ হৈ বাধা দিলে সুকন্যাই ।
-" এহ নক'বা সখী, বনত যদি সাক্ষাত লভা বন দেৱতাৰ ! তেতিয়া----হাঃ হাঃ। " প্ৰাণঢালি হাঁহিলে ৰাংঢালী সুকীৰ্তিয়ে ।
--" বন দেৱতাৰ সলনি যদি বনৰজাৰ লভো সাক্ষাত ! তোমাৰ ৰূপসজ্জাত আকৃষ্ট হৈ যদি বনৰজাই মোক লয় আকোঁৱালি -------"
সুকন্যাক আৰু ক'বলৈ নিদি চিঞৰি উঠিল সুকীৰ্তি, " সাৱধান সখী ! কিয় এনে অমংগলীয়া কথা কৈছা যাত্ৰাৰ প্ৰাকক্ষণত ---- !! মই থাকোতে কি সাহস আছে বনৰজাৰ --- হে প্ৰভু, নজৰ নালাগক যেন কোনো বনৰজাৰ মোৰ সখীৰ ।" খঙ আৰু অভিমানেৰে চালে সুকীৰ্তিয়ে সুকন্যালৈ ।
সুকীৰ্তিৰ কাৰ্য্য আৰু অভিভাৱকৰ দৰে ব্যৱহাৰে নয়ন সিক্ত কৰি তুলিলে সুকন্যাৰ । নিজকে বহু ভাগ্যৱতী যেন অনুভৱ হ'ল তাইৰ ' হয়তো কিবা পুণ্যৰ ফলতহে সুকীৰ্তিৰ দৰে সখীক লভিলো ' এনে ভাৱ আহিল সুকন্যাৰ মনলৈ । সুকীৰ্তিৰ অভিমান ভাঙক বুলি সুকন্যাই ক'লে, " তোমাৰ দৰে সখী থাকোতে বনৰজাই জানো মোলৈ দিব দৃষ্টি । তোমাকহে ল'ব আদৰি বনৰজাৰ ৰূপসজ্জা কৰাবলৈ । " সুকন্যাৰ কথাত হাঁহিৰ খোৰাক পালে সুকীৰ্তিয়ে । " বাৰু এতিয়া ব'লা পিতাই চাগে আমাৰ বাবে কৰি আছে অপেক্ষা ।"
খঙ আৰু অভিমান সামৰি দুয়ো সখী লৰাল'ৰিকৈ কক্ষৰ পৰা ওলাই গ'ল ৰাজনৰ কাষলৈ ।
0 Comments