এতিয়াই চাওক

6/recent/ticker-posts

Sukanya Rajib gogoi||Part-04 ||

         


     শয্যাতিৰ  ৰাজসভা : আজি  এক ব্যতিক্ৰমী দৃশ্য ; বিৰাজমান এক গোমা পৰিৱেশ । ৰাজনসহ সকলোৰে মুখত দেখা গৈছে  চিন্তাৰ ৰেখা  । এনেতে প্ৰধান সেনাপতি বিক্ৰম সোমাই আহিল । দেখাতেই লাগিছে তেওঁক  অসুস্থ আৰু  উৎকণ্ঠিত যেন । প্ৰণাম জনাই ৰাজনক  তেওঁ    অনুৰোধ কৰিলে--

 --" মহাৰাজ, মহাৰাজ ,  ৰক্ষা কৰক ৰাজ্যৰ  প্ৰজাগণক । অস্ত্ৰৰদ্বাৰা  নোৱাৰি  এনে  বিপদৰ সন্মুখীন হ'ব ; কিবা এক উপায় উলিয়াই উদ্ধাৰ কৰক মোৰ লগতে ৰাজ্যৰ প্ৰজাগণক । "

              শয্যাতিৰ  চিন্তা দুগুণে বাঢ়িল । শংকিত  মনে জানিব বিচাৰিলে  প্ৰজাৰ লগতে বিক্ৰমৰ কষ্টৰ কাৰণ । আশংকা কৰাৰ দৰেই পালে দু:সংবাদ  সভাসদগণৰ দৰে  ৰাজ্যৰ  প্ৰজাগণো হঠাতে হৈছে অসুস্থ । সকলোৰে উদৰত হৈছে অসহ্য বিষ, কাৰোবাৰ উখহিছে উদৰ; হোৱা নাই বহু সংখ্যক প্ৰজাৰে মল-মূত্ৰ বাজ !! 

-- " মহাৰাজ, এয়া কোনো ৰোগ হ'ব নোৱাৰে । নিশ্চয়  ৰুষ্ট হৈছে অদৃশ্যজন আমাৰ ওপৰত । মোৰ মনে কৈছে এয়া কিবা  অভিশাপৰ পৰিণাম-----" অভিজ্ঞ মন্ত্ৰীবৰে বহু ভাবি চিন্তি  মত আগবঢ়ালে ।

' অভিশাপ !!' বিস্মিত নেত্ৰে শয্যাতিয়ে  মন্ত্ৰীলৈ  চালে  । 

' হয় ৰাজন, মোৰ মনে কৈছে এয়া কোনো তপস্বীৰ অভিশাপ । নিশ্চয় ৰাজ্যৰ কোনো  প্ৰজাই অপমান কৰিছে  কোনো তপস্বীক ---'

               মন্ত্ৰীবৰৰ বচন  অযুক্তিকৰ নহয় ; এই কথা উপলব্ধি কৰিছে শয্যাতিয়েও । কিন্তু   ৰাজ্যৰ কোনে জানি-বুজি কোনো তপস্বীক অপমান  কৰিব  ? যদিহে  কৰিছে কোনোবাই কেনেকৈ জানিব---! বিপাঙত পৰিল ৰাজনসহ  সভাসদগণ । 

               অৱস্থা বুজি  মন্ত্ৰীবৰে পুনৰ  ক'লে , " মহাৰাজ , ঘটনা ঘটিছে যোৱা ৰাত্ৰিৰ পৰা । ক্ষমিব মহাৰাজ, কৰোঁ এক প্ৰশ্ন, যোৱা কালিৰ মৃগ চিকাৰ অভিযানত লগ পাইছিল নেকি  আপোনাসৱে কোনো তপস্বীক ? অজানিতে কোনো তপস্বীক কালি কৰিছিল নেকি  আপোনাসৱৰ কোনোৱে অপমান ?"

        শয্যাতিয়ে  মনত পেলাবলৈ বহু চেষ্টা কৰিলে । কিন্তু ক'তো কোনো তপস্বীৰ সাক্ষাত লভা মনত নপৰিল।

--" মন্ত্ৰীবৰ, যোৱা কালিৰ কাৰ্য্য স্পষ্টকৈ আছে মনত । কোনো তপস্বীক আমি কৰা নাই সাক্ষাত ------ ।" 

                কথাষাৰ সম্পূৰ্ণ নকৰোঁতেই যেন শয্যাতিৰ মনলৈ আহিল ---" অ মনত পৰিছে, জিৰণি লৈছিলো আমি মহৰ্ষি চ্যৱনৰ আশ্ৰমৰ দাঁতিত । কিন্তু  তেখেতৰ সাক্ষাত লভিবলৈতো ----তেখেত আছে তপস্যা কৰি । গতিকে  তেওঁক অপমান কৰাটো সম্ভৱেই নহয় । তেনেস্থলত------" সমিধান উলিয়াব নোৱাৰি মৌন হৈ ৰ'ল শয্যাতি ।  পুনৰ মৌনতা বিৰাজমান হ'ল  ৰাজসভাত ।

                ৰুণুক জুনুককৈ বাজি উঠিল নুপুৰ নিস্তব্ধ ৰাজসভাত । ভাৱৰ তন্ময়তা ভাঙিল সকলোৰে । পৰিচিত ধ্বনি, কিন্তু ৰাজসভাত কিয় ? কোনোকালে ৰাজসভালৈ নহা সুকন্যাৰ আগমণত অবাক  হৈছে সকলো । চঞ্চলতা নাই আজি সুকন্যাৰ গাত । চিন্তিত বদনেৰে গহীন গম্ভীৰ খোজেৰে সুকন্যা আগবাঢ়ি গ'ল শয্যাতিৰ সন্মুখলৈ । দোষী ভাৱেৰে ৰাজনৰ ওচৰত মূৰ দোঁৱাই ক'লে --

 --" মহাৰাজ , ৰাজ্যৰ প্ৰজাগণৰ কষ্টৰ কাৰণ হয়তো ময়ে । অনুমান কৰিছো মোৰদ্বাৰাই ঘটিল অঘটন যি ঘটনা মই  লুকুৱাই ৰাখিছিলোঁ ।"  

      সুকন্যাৰ আচৰণত হতবাক হ'ল শয্যাতি ।  সভাসদগণৰো উৎসুকতা বাঢ়িল । এক মৃদু কোলাহলৰ সৃষ্টি হ'ল ৰাজসভাত । অপ্ৰস্তুত হ'ল শয্যাতি --

--  " এয়া  কি ক'ব বিচাৰিছা আই ?  প্ৰজাৰ কষ্টৰ কাৰণ তুমি কেনেকৈ হ'বা  !" -- স্নেহ বিগলিত কণ্ঠেৰে শয্যাতিয়ে   প্ৰশ্ন কৰিলে কন্যাক ।

  " পিতা, যোৱা কালি বনত যেতিয়া তোমাৰ পৰা অনুমতি লৈ সখীসহ মই  গৈছিলো সৰোবৰৰ পাৰলৈ তাতে ঘটিছিল মোৰদ্বাৰা এক অনুচিত কাৰ্য ------" 

     সুকন্যাৰ কথাত এইবাৰ মনত সংশয় জাগিল শয্যাতিৰ । শংকিত মনে, কম্পিত স্বৰে সেয়ে সুধিলে কন্যাক--- 

--" কি অনুচিত কাৰ্য ঘটিছিল  আই ? "

--" পিতা, মূৰ্তিৰ দৰে এক উঁই হাঁফলু  দেখিছিলো তাত । নাজানো  হাঁফলুৰ ভিতৰত দুটা ৰঙাকৈ কি জিলিকি আছিল ? মনৰ উৎসুকতা মই দমাব নোৱাৰিলো  পিতা ; এডাল ঠাৰিৰে খুঁচি দিছিলো----ভাবিছিলো জোনাকী পৰুৱা; কিন্তু পিতা, আচৰিত কৰি আমাক কঁপি উঠিছিল হাঁফলু আৰু বৈ আহিছিল ভিতৰৰপৰা দুধাৰি ৰঙা ৰক্ত ! তাৰপাছত আৰু চাবলৈ সাহস নহ'ল আমাৰ । মায়াবী ৰাক্ষস বুলি ভয়তে আমি দৌৰিছিলো মাথো  তোমালোকৰ  কাষলৈ----"

                কন্যাৰ কথাত আশ্বৰ্যাম্বিত হ'ল পিতা । নিশ্চিত হ'ল সুকন্যাৰদ্বাৰাই ঘটিল অঘটন। আশংকা কৰিলে  শয্যাতিয়ে হাঁফলুৰ ভিতৰত সেয়া চ্যৱনেই হ'ব ।

-- " অ'হ আই, এয়া কি কাৰ্য কৰিলা তুমি ! নিশ্চিতভাৱে তুমি মহৰ্ষি চ্যৱনকে আঘাত কৰিলা ! ঋষিৰ ক্ৰোধ জন্মিছে  আমাৰ ওপৰত । সেয়ে  ৰাজ্যত প্ৰাদুৰ্ভাৱ ঘটিছে এনে অচিন ৰোগৰ  !! হে প্ৰভু, কি কৰোঁ  এতিয়া মই ? মহৰ্ষিৰ ক্ৰোধ নিশ্চয় পৰিব মোৰ কন্যাৰ ওপৰতো। "       

               হতাশগ্ৰস্ত  হৈ পৰিল শয্যাতি । কিংকৰ্তব্যবিমুঢ় হ'ল সুকন্যাও, দুধাৰি অশ্ৰু বৈ আহিছে তাইৰ দুনয়নে । আৰু চিন্তা নকৰিলে শয্যাতিয়ে ; ঘোষণা কৰিলে এতিয়াই তেওঁ যাত্ৰা কৰিব চ্যৱনৰ কাষলৈ । কন্যাৰ ভুলৰ বাবে ক্ষমা ভিক্ষা মাগিব ঋষিৰ ওচৰত । তথাপি যদি মহৰ্ষি সন্তুষ্ট নহয় প্ৰজাৰ কল্যাণ, কন্যাৰ কল্যাণৰ বাবে শয্যাতিয়ে মূৰ পাতি ল'ব অভিশাপ । পিতৃক অকলে যাব দিবলৈ সমীহ কৰিলে সুকন্যাই ; ভাবিলে  নিজেও যাব  পিতৃৰ লগত  । এবাৰ বনলৈ নি কন্যাই  ঘটালে অঘটন, পুনৰবাৰ নিবলৈ সাহস নকৰিলে শয্যাতিয়ে । সকলোৰে পৰা বিদায় লৈ ততাতৈয়াকৈ বিচলিত মনে শয্যাতি গ'ল চ্যৱনৰ আশ্ৰমলৈ ।

আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments