তীব্ৰ বেগেৰে শয্যাতিৰ ৰথ গৈছে চ্যৱনৰ আশ্ৰমলৈ । মনলৈ নানা আশংকা আহিছে । দোদুল্যমান মনে নিমিষতে উপস্থিত হ'লগৈ তেওঁ চ্যৱনৰ আশ্ৰমত । দূৰৰ পৰাই শয্যাতিয়ে দেখিলে শুকুলা কেশেৰে খীণ কায় এক বৃদ্ধ বহি আছে ভূমিত । আশংকিত মনে শয্যাতি বৃদ্ধৰ ওচৰ চাপি গ'ল । তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি নিশ্চিত হ'ল শয্যাতি এওঁৱেই চ্যৱন ; কাৰণ চকুৰ পৰা নিগৰি অহা তেজৰ কৰাল দাগ এতিয়াও বিদ্যমান হৈ আছে চ্যৱনৰ মুখত । ঋষিৰ অৱস্থা দেখি কি কৰিব কি নকৰিব ভাবিব নোৱাৰা হ'ল শয্যাতিয়ে । কিছুপৰ স্থবিৰ হৈ থকাৰ পাছত শয্যাতিয়ে ' হে ঋষিবৰ, ক্ষমা কৰক আমাক ' বুলি ঋষিৰ চৰণত দীঘল দি পৰি কান্দিব ধৰিলে ।
আচৰিত হৈ চ্যৱনে কোন, কোন বুলি প্ৰশ্ন কৰিলে । ঋষিৰ চৰণত ধৰিয়ে শয্যাতিয়ে ক'লে--
--" হে ঋষিবৰ, মোৰ কন্যাক আপুনি ক্ষমা কৰক । অবুজন তাই, অজানিতে তাই আপোনাৰ এই দশা কৰিলে । আমাক ক্ষমা কৰক ঋষিবৰ । আমাক দিয়া অভিশাপ আপুনি উঠাই লওক ---"
চ্যৱনে বুজিলে কোনে আহি ক্ষমা ভিক্ষা মাগিছেহি । সহজে ক্ৰোধ নকৰে চ্যৱনৰ দৰে মহান ঋষিয়ে । গম্ভীৰ স্বৰে ক'লে --
--" উঠক ৰাজন , তপোবলে আমি সকলো জানিব পাৰিলো । কাকো আমি ক্ৰোধ কৰা নাই, দিয়া নাই কোনো অভিশাপ---। ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছো এই অন্ধত্ব জীৱন----।"
চ্যৱনৰ ব্যৱহাৰত মনত সাহস পালে শয্যাতিয়ে । মহৰ্ষিয়ে যদি নাই দিয়া অভিশাপ তেন্তে ৰাজ্যত ঘটা অঘটনৰ কাৰণ কি ? নিশ্চিত হ'ল শয্যাতি ' বিধাতাৰ দৃষ্টিত কোনো সাৰি নাযায়; ভগৱন্তই দিছে আমাক দণ্ড ।' শয্যাতিক প্ৰবোধ দিয়াৰ উদ্দেশ্যে চ্যৱনে ক'লে --
--" চিন্তা নকৰিব আৰু ৰাজন, ভগৱন্তক প্ৰাৰ্থনা কৰিছো আপোনাৰ প্ৰজাৰ দুখ অচিৰেই দূৰ হ'ব । " মহৰ্ষিৰ মহানতাত কৃতজ্ঞতা জনালে শয্যাতিয়ে ।
পাছে আত্মগ্লানিত ভুগিছে শয্যাতি । যাৰ কন্যাই দিলে অন্ধত্ব, তেওঁক ক্ৰোধ নকৰি , নিদি অভিশাপ সেই ৰাজনৰ প্ৰজাৰ মঙ্গলৰ বাবে মহৰ্ষিয়ে কৰিছে প্ৰাৰ্থনা ! ঋষিৰ আগত শয্যাতিৰ নিজকে স্বাৰ্থপৰ যেন লাগিল । ধিক্কাৰ দিলে শয্যাতিয়ে নিজকে --- "ঋষিবৰ, আপোনাৰ অৱস্থা দেখি মই ব্যথিত হৈছো । কওক, কেনেদৰে মই আপোনাক সহায় কৰোঁ ?"
" ৰাজন, বিধাতাই নিদিলে মনুষ্যই কেনেদৰে সহায় কৰিব ! তপ কৰি লভিছিলো সাংসাৰিক জীৱন যাপন কৰাৰ জ্ঞান । কিন্তু বিধাতাই নিদিলে ; অন্ধত্বহে দিলে দান । কোন তিৰোতাই এতিয়া এই অন্ধ বৃদ্ধক বিবাহ কৰিব !!"
" কিয় কয় তেনেকৈ, আপোনাৰ দৰে মহৰ্ষিৰ সহধৰ্মিণী হ'বলৈ যিকোনো নাৰীয়ে প্ৰস্তুত হ'ব ।"
" কিয় তোষামোদ কৰিছে ৰাজন ? এয়া যে অসম্ভৱ ! "
" মই তোষামোদ কৰা নাই ঋষিবৰ; সত্যটোহে প্ৰকাশ কৰিছো ।" বিনয়েৰে ক'লে শয্যাতিয়ে ।
" ৰাজন, কোন নাৰীয়ে অন্ধ এক বৃদ্ধক স্বামী বৰণ কৰিব ! কোন পিতৃয়ে নিজ কন্যাক অৰ্পণ কৰিব মোৰ দৰে এক অন্ধৰ হাতত । কওক ৰাজন পাৰিব জানো আপুনিয়ে অৰ্পণ কৰিব আপোনাৰ কন্যাক মোৰ হাতত ? "
এয়া কি ক'লে চ্যৱনে !! এনে অবাঞ্চিত প্ৰস্তাৱটো আশা কৰা নাছিল শয্যাতিয়ে । হঠাত মহৰ্ষিয়ে দিয়া এই প্ৰস্তাৱ ব্ৰহ্মাস্ত্ৰতকৈও ভয়ংকৰ যেন লাগিল শয্যাতিৰ । বাক্ শূন্য হৈ পৰিল তেওঁ । শয্যাতিৰ মৌনতাত হাঁহিলে চ্যৱনে আৰু হাঁহি হাঁহিয়ে ক'লে--
" যাওক ৰাজন, ক'বলৈহে ভাল; নিজৰ বেলিকা সকলো আপোনাৰ দৰেই চিন্তিত হ'ব । ৰাজন, সহানুভূতি সকলোৱে প্ৰদৰ্শন কৰে ; কিন্তু বাস্তৱত ৰূপায়ণ কৰাটো অতি কঠোৰ । যাওক ৰাজন , চিৰ সত্যৰ অনুভৱহে জগালো আপোনাৰ । কষ্টকৰ একাকী জীৱনেই মই যাপন কৰিম ----"
বৰ অসহায় বোধ কৰিলে শয্যাতিয়ে । সৌজন্যতাৰ খাতিৰতে মাথো ক'লে, " ঋষিবৰ , এই সন্দৰ্ভত মই কন্যাৰ লগত বাৰ্তালাপ কৰি অচিৰেই শুভ সংবাদ আপোনাক জনাম । এতিয়া মই বিদায় মাগিছো ।"
' শুভ সংবাদ !!' এক বিষাদৰ হাঁহিৰে চ্যৱনে বিদায় দিলে ৰাজনক -----
0 Comments