মানসিক তৃপ্তি পূৰ্ণ কৰি ৰাজ ভৱনলৈ ঘূৰি গ'ল শয্যাতি । ঘূৰি আহিছে বনলৈ পুনৰ আগৰ পৰিৱেশ । মনৰ পৰা বিভীষিকা আঁতৰাই বন্য জন্তুৱে পুনৰ মুক্ত মনে বিচৰণ কৰিছে । কিন্তু বন্ধ হোৱা নাই হাঁফলুৰ কঁপনি । ক্ৰমে বাঢ়িবহে ধৰিছে হাঁফলুৰ কম্পন । চপৰা চপৰে মাটি খহি পৰিছে ।
--" আ: আ:"--
যেন কাৰোবাৰ আৰ্তনাদ ভাঁহি আহিছে ! হয়, মৰণকাতৰ আৰ্তনাদ । হঠাত হাঁফলু ভাঙি আৰ্তনাদ কৰি ওলাই আহিল এক মনুষ্য । জীৰ্ণ বস্ত্ৰ , ৰুক্ষ ছাল, দীৰ্ঘ শুক্ল কেশ , ৰক্তাক্ত বদন আৰু খীণ কায়েৰে এয়াচোন এজন তপস্বী ! অ' এয়াচোন ভৃগুনন্দন চ্যৱন । দেৱৰ্ষিৰ পৰামৰ্শত কৰি আছিল তপ; উগ্ৰ তপ । যৌৱন কালতে আৰম্ভ কৰিছিল চ্যৱনে ভগৱন্তৰ আৰাধনা । ঘটিছিল ঘাত-প্ৰতিঘাত; পাৰ হৈ গৈছিল বহু প্ৰাকৃতিক দুৰ্যোগ , গাত উঁয়ে বাহ পাতিছিল । তাৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল চ্যৱনৰ; কৰি গৈছিল একান্ত চিত্তে ভগৱন্তক ধ্যান । অৱশেষত সফল হৈছিল তপ; লভিছিল তত্ত্ব জ্ঞান; ধ্যান সামৰি চ্যৱনে হাঁফলুৰ ভিতৰত চকু মেলিছিল আৰু কি দুৰ্ভাগ্য! সেই ক্ষণতে চ্যৱনৰ অত বছৰে জাপ খাই ৰঙা হৈ পৰা নয়নক চিনিব নোৱাৰি সুকন্যাই গছৰ ডালেৰে দিলে ফুটুৱাই !!
---" আ: কিহে বিন্ধিলে মোৰ অক্ষিত । যন্ত্ৰনাত মোৰ যেন প্ৰাণ যাব উৰি । হে প্ৰভু, কি ভুল কৰিছিলো মই ? তপস্যাৰ সমাপ্তিৰ পৰত কিয় দিলা মোক এনে দাৰুণ শাস্তি ? উস: কি পাপত হ'ল মোৰ এনে দশা -----"
ক্ৰমে অৱশ হৈ পৰিল চ্যৱন ; থিয় হৈ থাকিব আৰু নোৱাৰিলে তেওঁ । তীব্ৰ যন্ত্ৰনাত ভূমিত বাগৰি পৰিল চ্যৱন আৰু ক্ৰমে চেতনাহীন হৈ পৰিল ।
মহৰ্ষি ভৃগু আৰু পুলোমাৰ (পুলুমী) তনয় এই চ্যৱন । দুৰ্ভাগ্য যেন আজন্ম লগৰীয়া চ্যৱনৰ ! মাতৃৰ গৰ্ভত থাকোতেই তেওঁ লভিছিল ইয়াৰ অভিজ্ঞতা । পুলোমা গৰ্ভৱতী হৈ থকাৰ সময়তেটো ঘটিছিল এক অঘটন-----
পুলোমন নামে ৰাক্ষস এটাই পুলোমাৰ ওপৰত কামাতুৰ দৃষ্টি ৰাখিছিল । মহৰ্ষি ভৃগুৰ ভয়ত সি আছিল সুযোগৰ অপেক্ষাত । এদিন ভৃগু মুনি নাছিল আশ্ৰমত । সুযোগ পাই সেই সময়তে পুলোমনে পুলোমাক হৰণ কৰাৰ মানসেৰে আশ্ৰমত প্ৰৱেশ কৰিলে । অকলশৰীয়া পুলোমাক বলপূৰ্বকভাৱে ৰাক্ষসে হৰণ কৰিবলৈ উদ্যত হ'ল । পাৰ্যমানে বাধা দিছিল ৰাক্ষসক পুলোমাই ; স্বামী, স্বামী বুলি প্ৰাণটাকি চিঞৰিছিল তাই । কিন্তু স্বামী ভৃগু আছিল আশ্ৰমৰ পৰা বহু আঁতৰত । আশাহত হৈ পুলোমাই সতীত্ব ৰক্ষাৰ হেতু প্ৰাণেপণে যুঁজিছিল ৰাক্ষসৰ লগত । দুয়োৰে মাজত টনা আঁজোৰা লাগিল । টনা আঁজোৰাত পুলোমাই হঠাত অসহ্য বিষ অনুভৱ কৰিলে উদৰত । চিৎকাৰ কৰি উঠিছিল তাই । আচৰিত কৰি পুলোমাক, আচৰিত কৰি ৰাক্ষসক গৰ্ভস্খলন হৈ পুলোমাৰ এক পুত্ৰ সন্তান ভূমিষ্ঠ হৈছিল । বেদনাত মৃতপ্ৰায় হৈছিল পুলোমা । দুষ্ট ৰাক্ষসৰ তেতিয়াও দয়া ওপজা নাছিল । মৃতপ্ৰায় পুলোমাক কোলাত লৈ হৰণ কৰিবলৈ সি উদ্যত হৈছিল । তেতিয়াই ঘটিছিল চমৎকাৰ ; সদ্যজাত সন্তানৰ দেহৰ পৰা ওলাইছিল এক তীব্ৰ জ্যোতি । সূৰ্য্য সম উত্তপ্ত জ্যোতিয়ে ৰাক্ষসৰ দিশে যাব ধৰিলে । কিংকৰ্তব্যবিমুঢ় হৈ পৰিছিল পুলোমন । কি কৰিব কি নকৰিব ভাবি পোৱাৰ আগতেই ভস্মীভূত হৈ গৈছিল অধম ৰাক্ষস সেই জ্যোতিত । ভূমিষ্ঠ হৈয়ে যেন সন্তানে নিজ কৰ্তব্য পালন কৰিলে; ৰাক্ষসৰ হাতৰ পৰা মাতৃক উদ্ধাৰ কৰিলে । ক্ৰন্দন কৰিছিল সদ্যজাত সন্তানে; হয়তো মাতৃৰ দুৰ্দশা দেখি সি অবুজ ভাষাৰে অদৃশ্যজনক প্ৰাৰ্থনা কৰিছিল । কিছু ক্ষণ ভূমিত পৰি থকাৰ পাছত চেতনা ঘূৰাই পাইছিল পুলোমাই । আকুলতাৰে সন্তানক ভূমিৰপৰা কোলাত সাৱটি লৈছিল তাই আৰু কৰিছিল স্বামীৰ আগমনলৈ অধীৰ অপেক্ষা ।
অৱশেষত মহৰ্ষি ভৃগু আশ্ৰমলৈ ঘূৰি আহিছিল । দূৰৰ পৰাই তেওঁ লক্ষ্য কৰিছিল আশ্ৰমৰ বৈপৰীত ৰূপ । অজান আশংকাত মহৰ্ষিৰ অন্তৰাত্মা কঁপি উঠিছিল । খৰধৰকৈ তেওঁ কুটীৰত প্ৰৱেশ কৰিলে । পুলোমাই সদ্যজাত সন্তানক কোলাত সাৱটি পৰি আছিল ভূমিত ।
--" প্ৰিয়ে, প্ৰিয়ে কি হৈছে তোমাৰ ?"
স্বামীক দেখা পাই কান্দোন ৰাখিব নোৱাৰিলে পুলোমাই । সকলো ঘটনাৰ বিৱৰণ দিছিল তাই । পত্নীৰ মুখে সকলো কথা জানিব পাৰি সদ্যজাত পুত্ৰক মৰমেৰে কোলাত লৈছিল ভৃগুয়ে আৰু নাম ৰাখিছিল চ্যৱন (গৰ্ভচ্যুত হোৱা বাবে এই নাম) ; আৰু আজি সেই চ্যৱনেই ৰাজকুমাৰী সুকন্যাৰ ভুলত লভিলে অন্ধত্ব !! সঁচাই বিচিত্ৰ বিধিৰ বিধান । সঁচাই অদ্ভুত প্ৰভুৰ লীলা । নাজানো ইয়াত কি ৰহস্য নিহীত হৈ আছে । নহ'লেনো তপ কৰি জানো কোনোবাই লভে অন্ধত্ব !!
0 Comments