এতিয়াই চাওক

6/recent/ticker-posts

ভাৱৰীয়াৰ মনৰ কথা -০২ ||আনন্দ হাজৰিকা|| Vaoriyar monor kotha|| Part-02 ||

                           ভাৱৰীয়াৰ মনৰ কথা   



                                                                                       ✍আনন্দ হাজৰিকা

        প্ৰৱেশৰ গীতত লাস্যময়ী গতিৰে নাৰী সাজত ওলাই লৰা জন।আজি যদি লক্ষ্মী কালিলৈ অন্য এটি নাৰী চৰিত্ৰৰ  ৰূপত।প্ৰতিনিশাই ভিন্ন ৰূপত সজাই তোলা হয় নিজক।প্ৰাণৱন্ত অভিনয়েৰে জীপাল কৰি তুলে প্ৰতিখন ভাওনা মঞ্চ‌।

       সেই লৰাজন যি জন লৰা কাষেৰে পাৰ হৈ গলে আপুনি তাচ্ছিল্যৰ হাঁহিটো বিনা দ্বিধাই এৰি দিয়ে,সেই লৰা জন যাৰ অভিনয়ৰ তাগিদাত ৰখা সামান্য দীঘল চুলি কেইডাল দেখি আপুনি বিৰূপ মন্তব্য কৰে।সেই লৰাজন যি জনে প্ৰতিনিশাই নাৰীৰ সাজ পিন্ধি অভ্যাস বশত: দুই এটা শব্দ নাৰীৰ দৰে ওলাই যায় যাক আপুনি অকুন্ঠিত ভাবে ই তৃতীয় লিংগ সজাই উপহাস কৰে।

        সেই লৰাজনৰ সপোন ভাৱৰীয়া হোৱা নাছিল।সংস্কৃতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু অবৰ্নণীয় দক্ষতাৰ বলত কোনোবা এটা নিশা নাৰীৰ সাজ পিন্ধি দৰ্শকৰ আগত ধৰা দিছিল।যাৰ অভিনয়ত মুগ্ধ হৈ আপুনি মই প্ৰতিখন ভাওনাত তেওঁৰ সন্ধান কৰিবলৈ ললো।সেই লৰাজনৰ আছে এখন নিজা ঘৰ,নিজা জীৱন,নিজা সংসাৰ।বাস্তৱ জীৱনত কোনোবা জন যদি আদৰ্শবান স্বামী তেন্তে আনজন দায়িত্বশীল পুত্ৰ।সুধিবচোন এদিন তেওঁলোকৰ ৰংতুলিকাৰ পৰশত নিজক লুকুৱাই আপোনাক আমোদ দি থকাৰ সময়ত তেওঁৰ অন্তৰত চলি থাকে কিমান খন যুদ্ধ।এনে জন ভাৱৰীয়া দেখিছেনে যি ওৰে নিশা লক্ষ্মীৰ ভাও কৰি পিছ দিনা ৰাতিপুৱাই বজাৰ খন ধৰিবলৈ যোৱা।নহলেযে ৰাতিলৈ আখলত নজ্বলে জুই।কান্ধত ওলমাই অনা কাপোৰৰ বেগটোতকৈ হাজাৰ গুনে বেছি গধূৰ চিন্তা কিছুমান কঢ়িয়াই আনে বুকুত।তথাপিও অভিনয়ত ক্ৰূটি নকৰে তেওঁলোকে।

       তেওঁলোকৰ ভোক আছে,ভয় আছে ,ভবিষ্যতৰ চিন্তা আছে।ভাও কৰি পোৱা সামান্যতম পাৰিশ্ৰমিক কেইটাত সপোন দেখে ৰুগীয়া মা জনীক চিকিৎসা কৰাৰ অথবা সহোদৰ ভাইটোক ভাল স্কুলত পঢ়োৱা।কোনোবা জনে জীৱনৰ আদিতেই পিতৃহাৰা হৈ জীৱনৰ সমস্ত দায়িত্ব মূৰ পাতি লৈ বুকুত দুখৰ কবৰ খান্দি উচ্চ স্বৰে ভাওনাৰ সংলাপত কয় এই বিশ্বৰ ময়েই সুখী মানুহ।

       আচৰিত লাগে ন ভাৱৰীয়াৰ জীৱন বৃতান্ত।নাৰী সাজ জোৰ পিন্ধি অভিনয় কৰাৰ বাবেই বিপৰীত দৃষ্টিৰে চোৱা হে সৰ্বজ্ঞ সকল মাত্ৰ অনুৰোধ কৰিছো এবাৰ মাত্ৰ আপুনি সেই সাজ জোৰ পিন্ধি ভাও কৰি দেখুৱাব চোন।এইয়াও ধ্ৰুৱ সত্য যে অভিনয়ৰ আদি পাঠ নপঢ়াকৈয়ে এশজনৰ এজনে ভাওনা জগতত ভৰি দিয়ে।বাস্তৱ জীৱনতো তেনে দৰেই থাকিব খুজে।অনুৰোধ কৰিছো পুনৰ এজন ৰ বাবে নিৰানব্বৈ জনক যেন একেই শাৰীত নাৰাখে।

        তেওঁলোক দক্ষ।সেই বাবেই বিচাৰিছো আমি প্ৰতিখন মঞ্চত।কিন্তু আৰু দুটা বছৰ পিছত এই সকলে এসময়ত ভাওনা কৰিছিল বুলিও কোনোজনে কব নে নকয় সেইয়া সন্দেহ হয়।ৰাতিটোৰ বাবে হে তেওঁলোকৰ প্ৰয়োজন।যেতিয়াই পৰিবৰ্তনৰ বতাহ বলিব এইসকল সেই বতাহত জাহ যোৱাটো নিৰ্ঘাত যেন লাগে।

         মাজ নিশা যৱনিকা পৰা ভাওনা খনৰ শেষত তেওঁলোক ঘৰলৈ যাবলৈ সন্মুখীন হোৱা সমস্যাই কেতিয়াবা আপোনাক স্পৰ্শ কৰিছেনে।অসহ্য ভোক সহিব নোৱাৰি ব্ৰেডৰ পেকেট আৰু এবটল পানী খাই ওৰে ৰাতি বাছ আস্থানত বহি ৰাতিপুৱাৰ প্ৰথম খন বাছতে ঘৰলৈ ঘূৰি যোৱাৰ অপেক্ষা কৰি থকা বহু জনৰ জীৱনত ঘটিছে।প্ৰৱল ধুমুহা...সময়ত ভাওনা ঘৰ পাবগৈ লাগিব!শিলাবৃষ্টি...অভিনয় ভাল হব লাগিব...!পাৰিশ্ৰমিকৰ কথা একো নকলে...বুজি পাব চাগে...!!!আমি ভাৱৰীয়া।

         আচলতে কি জানে তথাপিও ভাল পাও ভাওনা।তথাপিতো সুখী আমি।যি কণ সুখৰ স্বাৰ্থতে নিজৰ সৰ্বস্ব এৰি ভাও দিও হাঁহি বিৰহৰ।।।আমি যে ভাৱৰীয়া।।।

Post a Comment

0 Comments