আমি বিৰোধিতা কৰা নাই।মৃত্যুৰ ভয়ে আমাকো খেদি ফুৰে।সমাজ খনেই যদি নাথাকে সুখত আমিবোৰো মূল্যহীন।মহামাৰীৰ সংক্ৰমণ আমাকো নালাগে।কাৰণ বজাৰত লগ পোৱা মানুহ বোৰে অচিনাকি ঘৰ খনৰ মানুহবোৰ কিন্তু একেবাৰেই আপোন ।প্ৰশাসনৰ নিৰ্দেশনাক মৌনতাৰে কৰিছো স্বীকাৰ।মাত্ৰ সন্দেহ হৈছে আহিবলগীয়া দিনবোৰলৈ।পেটৰ ভোকে যে নাজানে কি মহামাৰী কি নিৰ্দেশনা।
একান্তই ব্যক্তিগত অভিজ্ঞতাৰ পৰাই কও যোৱা বৰ্ষত অনাকাংক্ষীত বিপৰ্যয়ে বহু পৰিমাণে ধৰুৱা কৰিছিল একমাত্ৰ জীয়াই থকাৰ স্বাৰ্থত।কোনোমতে গাটো টঙোৱাৰ পৰতেই আকৌ যেন অতীতৰ পুনৰাবৃত্তি ঘটিব।
সেই মানুহজন যি শব্দযন্ত্ৰীৰ ভাড়া নাপালে লঘোণে থাকিব...সেই মানুহ জন যি ৰংতুলিকা বুলাবলৈ নাপালে লঘোণে থাকিব।সেই মানুহ জন যি ...
চৰম হতাশাই আগুৰি ধৰিছে এতিয়া।সংস্কৃতিৰ প্ৰেমিক হবলৈ শিকা সেই আদৰ্শ আজিৰ তাৰিখত অভিশাপ যেন লাগে।কান্ধৰ খোলটোৱেও যেন বুজিছে কিবা।যোৱাবাৰ ঘূণ দিয়া নহ'ল তাৰ।বন্ধ হওক।যি চিন্তাই সমাজৰ উন্নতি সাধে সেই কৰ্ম নি:সন্দেহে কৰক।মাথো ভাবক এবাৰ এই নি:কিন মানুহবোৰৰ কথা।
আৰু বেছি দিন নাই।আৰম্ভ হব নিস্তব্ধ ৰাতিবোৰৰ।আকৌ হয়তু ৰাতি ৰাতি বিচনাত চটফটাম।ভাল দিন অহালৈ বাট চাম।জীয়াইটো থাকিব লাগিব ভাল দিন অহালৈ।পৰৰ ওচৰত হাত পাতিবলৈ যাওঁতে বুকুখন বিষাই।অথবা খোচনীৰ বাহীটোয়ে উপহাস কৰে।
একো নাই।আমিবোৰ অভ্যস্ত এতিয়া ক্ৰমশঃ ।মাত্ৰ পৰিয়ালৰ ভোক বোৰৰ কথা ভাবিহে ভাবুক হৈ উঠো।
শেষত,ভালে থাকক সকলো।ভাল দিন আহিব সোনকালেই।আমিও অপেক্ষা কৰিম...😢😢😢...(আগলৈ...)
0 Comments