এতিয়াই চাওক

6/recent/ticker-posts

মহাভাৰতৰ কাহিনীৰ আধাৰত "ভীষ্ম ||জয়ন্ত বৰা||খণ্ড -0১||

মহাভাৰতৰ কাহিনীৰ আধাৰত "ভীষ্ম ||জয়ন্ত বৰা||খণ্ড -0১||Mohabharot ||



                   মহাভাৰতৰ যুগৰ কথা। এটা সময় আছিল প্ৰাচীন ভাৰতত হস্তিনাপুৰ নামৰ এখন বিশাল সাম্ৰাজ্য আছিল।য'ত শান্তনু নামৰ এজন মহাপ্ৰতাপি ৰজাই কৰিছিল। শান্তনু আছিল ধৰ্মপৰায়ণ ৰজা তেওঁ প্ৰজাসকলক পুত্ৰ ব্ৰত পালন কৰিছিল। শান্তনু আছিল ভাৰত বংশৰ উত্তৰাধিকাৰী।সেই শান্তনুৰে পুত্ৰ আছিল পিতামহ ভীষ্ম। আহকচোন আমি সকলোৱে মহাভাৰতৰ কাহিনীৰ আধাৰত ভীষ্মৰ বিষয়ে অলপ মান শিকোঁ।

                 ভীষ্ম আছিল পুৰ্ব জন্মত মহাতেজা অষ্টবসু।মহামুনি বশিষ্ঠৰ অভিশাপ ৰূপে শান্তনুৰ পুত্ৰ হৈ বসুন্ধৰাত জন্ম হয়। এবাৰ নিজৰ পত্নী সকলৰ লগত অষ্ঠবসু বশিষ্ঠ মুনিৰ আশ্ৰমত উপস্থিত হয়।সেই সময়ত বশিষ্ঠ মুনিৰ আশ্ৰমত এজনী কামধেনু বান্ধি থোৱা আছিল।কামধেনু জনীক দেখি অষ্টবসুৰ পত্নী সকলৰ লগতে অষ্টবসুৰ লোভ ওপজে ।আৰু দ্যু নামৰ এজনী পত্নীৰ অনুৰোধত এজন বসুৱে সেই কামধেনু জনীক অপহৰন কৰে।সেই কথা পিছত বশিষ্ঠই জানিব পাৰি অষ্টবসুক মত্যত মানৱ ৰূপে জন্ম গ্ৰহণ কৰিবলৈ অভিশাপ দিয়ে।শাপগ্ৰস্ত হৈ অষ্টবসুৱে বশিষ্ঠৰ ভৰিত পৰি কাতৰ গ্ৰস্তে প্ৰাৰ্থনা জনায়। তেতিয়া তেওঁলোকৰ কাতৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ক্ৰোধ সামৰি বশিষ্ঠই এইদৰে কয়।"এবাৰ মুখৰ পৰা ওলোৱা অভিশাপ কেতিয়াওঅভিশাপ কেতিয়াও ওভতাই ল'ব নোৱাৰি যি জন কামধেনু অপহৰণকাৰী সেইজনৰ বাহিৰে বাকী কেইজন মত্যত জন্ম হৈয়ে পুনৰ স্বৰ্গলোকলৈ গমন কৰিব আৰু পাপ মুক্ত হ'ব । কিন্তু যি জনে কামধেনুক অপহৰন কৰিছিল সেইজন দীৰ্ঘ কাল ধৰি মনুষ্য লোকত থাকিবলৈ বাধ্য হ'ব।এই কথা শুনি অষ্টবসুৱে বশিষ্ঠৰ ওচৰত শৰণাপন্ন হৈ প্ৰস্থান কৰে।

           মহাভিষ নামৰ এজন ইক্ষাক্কু বংশীয় ৰজাই বহুত যজ্ঞ কৰি স্বৰ্গত স্থান লাভ কৰিছিল। এদিন মহাভিষে স্বৰ্গৰ দেৱতাসকলৰ লগত ব্ৰক্ষ্মাৰ সভাত বহি আছিল।তাত গংগাও উপস্থিত আছিল।তেনে সময়তে বায়ুৰ প্ৰভাৱত সভাত উপস্থিত থকা গংগা দেৱীৰ সুক্ষ্ম বস্ত্ৰ সুলকি পৰে। তেতিয়া ব্ৰক্ষ্মাৰ প্ৰমুখ্যে সকলো দেৱ গনে তলমুৰ কৰে। কিন্তু মহাভিষে একেথিৰে গংগা দেৱীৰ নগ্ন শৰীৰৰ ফালে চাই ৰয়।সেই কথা ব্ৰক্ষ্মাই লক্ষ্য কৰি আছিল। তেতিয়া ব্ৰক্ষ্মাই ক্ৰোধিত হৈ মহাভিষ স্বৰ্গত থকাৰ যোগ্য নহয় বুলি কৈ মত্যতসময়তে বায়ুৰ প্ৰভাৱত সভাত উপস্থিত থকা গংগা দেৱীৰ সুক্ষ্ম বস্ত্ৰ সুলকি পৰে। তেতিয়া ব্ৰক্ষ্মাৰ প্ৰমুখ্যে সকলো দেৱ গনে তলমুৰ কৰে। কিন্তু মহাভিষে একেথিৰে গংগা দেৱীৰ নগ্ন শৰীৰৰ ফালে চাই ৰয়।সেই কথা ব্ৰক্ষ্মাই লক্ষ্য কৰি আছিল। তেতিয়া ব্ৰক্ষ্মাই ক্ৰোধিত হৈ মহাভিষ স্বৰ্গত থকাৰ যোগ্য নহয় বুলি কৈ মত্যত জন্ম ল'বলৈ অভিশাপ দিয়ে। ব্ৰক্ষ্মাৰ কথা শুনি মহাভিষে মত্যত গৈ এজন মহাপ্ৰতাপি ৰজাৰ পুত্ৰ হোৱাৰ কামনা কৰিলে। মহাভিষে প্ৰাচীন ভাৰতৰ হস্তিনাপুৰ ৰাজ্যৰ একছত্ৰী সম্ৰাট মহাৰজা প্ৰতীপৰ ঔৰষত ৰাণী সুনন্দাৰ গৰ্ভত তৃতীয় পুত্ৰ হিচাপে জন্ম হয়।

           যেতিয়া মহাভিষে মত্যত আহি প্ৰতীপৰ পুত্ৰ ৰূপে জন্ম গ্ৰহণ কৰে। তেতিয়া সেই কথাকে ভাৱি ভাৱি এদিন গংগা মত্যলোকলৈ আহি আছিল।বাটতে গংগাই অষ্টবসুক মুৰ্চ্ছিত হৈ পৰি থকা দেখিলে।তেতিয়া অষ্টবসুক গংগাই তাৰ কাৰণ শুধিলে। অষ্টবসুৱে নিজৰ দুখৰ বৰ্ণনা কৰি গংগাৰ পুত্ৰ হোৱাৰ বাঞ্ছা কৰে। আৰু জন্মৰ পিছতেই তেওঁলোকক জলত বিসৰ্জন দিবলৈ অনুৰোধ জনায়। কিন্তু এটা পুত্ৰক জীয়াই ৰাখিবলৈ ক'লে আৰু ক'লে যে সেই সন্তান যিমান বীৰ্যবান হ'লেও বিয়া কৰাব নোৱাৰিব আৰু সেই পুত্ৰ জন সকলো বিদ্যাতে নিপুণ হ'ব। এই প্ৰস্তাৱত গংগা দেৱী সন্মত হ'ল আৰু তেওঁ মত্যলোকলৈ প্ৰস্থান কৰিলে।

            শান্তনু প্ৰতীপৰ ঘৰত ডাঙৰ দীঘল হ'ল। শান্তনুৰ পিতৃ প্ৰতীপৰ মৃত্যুৰ পিছত শান্তনুৰ ডাঙৰ ভ্ৰাতৃ দেৱাপিয়ে ৰাজকাৰেং ত্যাগ কৰি সন্ন্যাস জীৱন গ্ৰহণ কৰে আৰু সৰু ভ্ৰাতৃ বাহ্লীক বাহ্লীক প্ৰদেশৰ ৰজা হয়। সেইবাবেই শান্তনু হস্তিনাপুৰৰ সম্ৰাট হৈ পৰে।

          শান্তনু এদিন মৃগয়া কৰিবলৈ যাঁওতে ছদ্মবেশ ধৰি থকা গংগাৰ ৰূপ লাবন্যত প্লাবিত হৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে।গংগায়ো এটা চৰ্ত মতে শান্তনুৰ প্ৰস্তাবত সন্মতি প্ৰদান কৰে। কিন্তু চৰ্ত মতে গংগাই পুৰ্বতে অষ্টবসুক দি থৈ অহা কথামতে তেওঁলোকৰ সন্তান হ'লেও সেই সন্তানক নদীত বিসৰ্জন দিব লাগিব বুলি ক'লে।সেই প্ৰস্তাৱত শান্তনু মান্তি হ'ল আৰু ছদ্মবেশী গংগাক বিয়া কৰায়। বিবাহৰ পিছত শান্তনুৰ ঔৰষত গংগাই এটা সন্তানৰ জন্ম দিয়ে। কিন্তু পুৰ্বৰ প্ৰতিশ্ৰুতি মতে সেই সন্তানক নদী ত বিসৰ্জন দিয়ে। শান্তনু দুঃখিত হ'ল যদিও চৰ্ত মতে একো নকলে।তেনেদৰে শান্তনুৰ ঔৰষত আৰু ছটা সন্তান জন্ম দিয়ে গংগাই আৰু সেই ছটা সন্তানকো গংগাই নদীত বিসৰ্জন দিয়ে। শান্তনুৰ হৃদয়ে চিঞৰিবলৈ লাগিলে কাৰণ যিমান যি হ'লেও সেই সাটোতা সন্তান শান্তনুৰ পুত্ৰ।সেই দৃশ্য সহিব নোৱাৰি অষ্টম সন্তানটো জন্ম হ'লত গংগাৰ ওচৰত শান্তনুৱে প্ৰতিবাদ কৰিলে।আৰু সন্তানটো বিসৰ্জন নিদিবলৈ কাতৰ আহ্বান জনালে। তেতিয়া গংগাই নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰিলে।আৰু সন্তানটোক লৈ নদীত বিলীন হৈ যায়।যোৱাৰ পৰত গংগাই প্ৰতিজ্ঞা কৰিলে যে পুত্ৰ সন্তানটো ডাঙৰ হোৱাৰ লগে লগে ৰজাক ওভতাই দিব।


আপুনিও যদি এনেধৰণৰ লেখা আমাৰ ৱেবচাইটৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে।। আমাৰ হোৱাটচ এপ নং- ৭৮৯৬৮৮২৭৫৪ ।। মেইল- asomiyabhaonasanskriti@gmail.com ।।

Post a Comment

0 Comments