আমনি দায়ক সময়বোৰ।সন্ধিয়া হলেই মনটোৱে জীয়া মাছৰ দৰে ছটফটাই।নামঘৰৰ সন্ধিয়াৰ প্ৰসংগৰ শব্দ শুনিলেই মনৰ মাজত দুখ এটাই খুন্দিয়াই।কিমান দিন যে পিন্ধা নাই সেই সাজ যি সাজত ধুনীয়া দেখো নিজক।
আজি অতীত ৰোমন্থন কৰি যন্ত্ৰণাময় হৈ উঠে সময়।বহুদিন সন্ধিয়া বেগটো হাতত লৈ ওলাই যোৱা নাই।অগ্নিগড়ৰ চাকিবোৰ জ্বলি উঠা নাই,গায়নবায়নেৰে মূখৰিত হোৱা নাই নামঘৰ।আৰকাপোৰ ভেদী ভাৱৰীয়াৰ সাজত ওলোৱা নাই বহুদিন।কতদিন হ'ল হৰিচন্দ্ৰই দানৱীৰ খ্যাতি লভা নাই।সেউজ কক্ষৰ ধেমালীবোৰ,ৰঙীন লাইটৰ পোহৰবোৰ,ৰংতুলিকাৰ পৰশবোৰ,ভাওনা শেষৰ ভাত সাজ সকলোবোৰে আজি হাতবাউলী মাতিছে।
ইমান নিস্তব্ধতা এতিয়া জীৱনত।বিৰক্তিকৰ।সময়ৰ অসুখ।আমি আশাবাদী নতুন পুৱালৈ।যি পুৱাই আনে সুখৰ বতৰা।অৱশ্যে নিজক নিজৰ সতে চিনাকি কৰাই দিয়া সময় এইয়া।ভাৱৰীয়াৰ সাজত কাৰোবাৰ প্ৰিয় হৈ পৰা আমিবোৰ আজি কাৰোবাৰ ভালে আছেনে বোলা মেছেজটোৰ পৰাও বঞ্চিত।একো নাই মাথো ধৈৰ্য্য ধৰিছো।
কেতিয়াবা নিজলৈ পুতৌ জন্মে।সংস্কৃতিৰ পথাৰত দৌৰিবলৈ আহোতে হাজাৰ মানুহৰ সমাগম আছিল।কিন্তু সেই পথাৰত যেতিয়া নপানী উঠিল সমাগম শূন্য হৈ পৰিল।
কিছু বিপৰীত চিন্তা...
এইবাৰলৈ যদি বাচি থাকো অনাগত দিনলৈ শিকিম নে জীৱনৰ পাঠ।শিকিম নে মনৰ সন্তোষ্টি আৰু পেটৰ ভোক দুয়োটাই পৃথক বুলি।শিকিম নে আমাৰ ভিন্ন পৰিচয়ৰ কথা।আমাৰ সন্তানক কম নে সংস্কৃতিৰ উগ্ৰ সমৰ্থক হবলৈ।নাইবা আহিবলগীয়া প্ৰজন্মক শিকাম নে পেচা আৰু নিচাৰ সংজ্ঞা।
সৰুতে শুনিছিলো নান্দনিক উপাদান নিহিত হৈ থকা মানুহৰ প্ৰতিটো কৰ্মৰাজীকে সংস্কৃতি বুলি অভিহিত কৰা হয়।কেনেকৈ জানো সেই সংজ্ঞাই ঠিকনা হেৰুৱালে হঠাৎ।কিন্তু আজি চোন আমাৰ পৰিচয়ক লৈও আসন্ন সংকট।
কৰবাত ভুল এটা আমিয়েই যে কৰিছো সেইটো নিশ্চিত।মাথো বিচাৰি ওলিয়াব পাৰিলে আমাৰে মংগল।হলেও আকৌ এইয়া বিপৰীত চিন্তাহে।
পুনশ্চ:
সময় বোৰ ঘূৰি অহাৰ বাবে পৰম আশাৰে বাট চাই আছো।কৰুনাময়ে কৃপা কৰিব।আকৌ এবাৰ সন্ধিয়াৰ নামঘৰত বাজিব খোলতাল।সূত্ৰধাৰিয়ে কৰিব নৃত্য।আৰম্ভ হব সিন্ধুৰা একতাল...সেই দিনটোলৈ কিমান দূৰ....(আগলৈ...)
0 Comments