সুকন্যা আৰু সুকীৰ্তিক লগত লৈ পিছদিনা শয্যাতিয়ে চ্যৱনৰ আশ্ৰমলৈ যাত্ৰা কৰিলে । বন একেখন, পথো একেটাই । পাছে সিদিনাৰ যাত্ৰাত দুয়ো সখী আছিল চঞ্চলা হৰিণীৰ দৰে ; কিন্তু আজিৰ যাত্ৰা পথত সকলো মৌন; নিজ নিজ ভাৱ সাগৰত ডুবি গৈছে সকলো । সঁচাকৈয়ে পৰিস্থিতিয়ে মানুহক সলনি কৰে । বনৰ জন্তুৱেও যেন কৰিছে অনুভৱ ; সমীহ কৰা নাই আজি সিহঁতে মনুষ্যলৈ । ৰথৰ কাষতেই হৰিণে কৰিছে বিচৰণ; ম'ৰাই ধৰিছে চালি । হয়তো আদৰণি জনাইছে সিহঁতেও সুকন্যাক বন্য জীৱনলৈ ! মৌনতাক যাত্ৰাৰ সঙ্গী কৰি আশ্ৰমৰ বাটচ'ৰাত সকলো উপস্থিত হ'ল । ভাঁহি আহিছে বতাহত ভগৱন্তৰ স্তুতি----
' ওঁম নমো বিষ্ণুদেৱায় নম: ।
ওঁম নমো নাৰায়ণায় নম: ।।'
অন্ধ চ্যৱনে শ্ৰীহৰিক আৰাধনা কৰি আছে । লাহে লাহে ওচৰ চাপি শয্যাতিয়ে মহৰ্ষিক সেৱা জনালে । কাৰোবাৰ আগমনৰ উমান পায় হৰি স্তূতিত বিৰাম লগালে চ্যৱনে । সুযোগ বুজি শয্যাতিয়ে মাত লগালে , " প্ৰণাম ঋষিবৰ , শয্যাতিৰ সেৱা গ্ৰহণ কৰক ।"
চ্যৱনে কল্পনা কৰা নাছিল শয্যাতিৰ যে পুনৰ আগমণ ঘটিব তেওঁৰ আশ্ৰমলৈ । সেয়ে আচৰিত হৈ চ্যৱনে প্ৰশ্ন কৰিলে , " ৰাজন ! পুনৰ কিয় আহিল আপুনি মোৰ ওচৰলৈ ? "
" ঋষিবৰ, কন্যাৰ লগত মই বাৰ্তালাপ কৰিলো । মোৰ কন্যা সুকন্যা মান্তি হৈছে আপোনাৰ পত্নী হ'বলৈ । "
শয্যাতিৰ কথা শুনিতো চ্যৱন প্ৰসন্ন হ'ব লাগিছিল ; কিন্তু তাৰ পৰিবৰ্তে দেখা গ'ল মহৰ্ষিৰ মুখত ক্ৰোধৰ দাবানল আৰু তাৰ বহি:প্ৰকাশ ঘটিল এনেদৰে, " ৰাজন , এয়া আপুনি উচিত কাৰ্য কৰা নাই । পতি নিৰ্বাচনত নাৰীৰো থাকিব লাগে অধিকাৰ । পিতৃৰ কৰ্তৃত্বৰে কন্যাক বাধ্য কৰাতো উচিত হোৱা নাই ।"
ইতিমধ্যে তপস্বিনীৰ সাজে উপস্থিত হৈছেহি সুকন্যা । আগবঢ়াই আনিছে সখী সুকীৰ্তিয়ে । পিতৃক মহৰ্ষিয়ে ক্ৰোধ কৰিছে ! সজাগ হ'ল সুকন্যা ; পুনৰ কিবা অঘটন ঘটাৰ পূৰ্বে সেয়ে সুকন্যাই সম্বোধিলে , " ঋষিবৰ, কোনোৱে মোক বাধ্য কৰা নাই ; স্বেচ্ছাই মই আপোনাক পতি ৰূপে বৰণ কৰিবলৈ প্ৰস্তুত হৈছো ।"
হঠাত নাৰীৰ কণ্ঠ স্বৰ ! আৰু সুকন্যাৰ বচনে চ্যৱনক আচম্বিত কৰি তুলিলে । ক্ষণিক মৌনতাৰ পাছত চ্যৱনে ক'লে, " এয়া কি কৈছা সুকন্যা ? তুমি হৈছা উদিত সুৰুযৰ দৰে উদ্ভিন্ন যৌৱনা আৰু মই হৈছো অস্তগামী সুৰুযৰ দৰে মৃত্যুমুখী এক বৃদ্ধ, তাতে আকৌ অন্ধ ! কেনেকৈ সুখী হ'বা তুমি মোৰ লগত ? "
" মোৰ দোষতে আপুনি হেৰুৱালে দৃষ্টিশক্তি । সেয়ে ময়ে হ'ব খোজো এতিয়া আপোনাৰ দৃষ্টি । অন্তৰত বহুৱাই লৈছো স্বামী ৰূপে আপোনাৰেই মূৰ্তি । বিষয় বাসনাৰ উৰ্দ্ধত প্ৰেম আৰু স্বামী ভক্তি । চিন্তা নকৰিব , আপোনাৰ লগত মই নিশ্চয় সুখী হ'ম ।"
প্ৰত্যুত্তৰৰ ভাষা বিচাৰি নাপালে চ্যৱনে । সন্তুষ্টিৰ হাঁহি মুখত বিয়পি পৰিল " ধন্য ধন্য সুকন্যা , ধন্য তোমাৰ চিন্তাধাৰা । তোমাৰ দৰে নাৰীক পত্নী ৰূপে পালে মোৰ জীৱন ধন্য হ'ব ।"
স্বস্তিৰ নিশ্বাস পেলালে শয্যাতিয়ে । সুকন্যাৰ হাত আগবঢ়াই দিলে চ্যৱনলৈ । পতি মানি সুকন্যাই মহৰ্ষিৰ পৰা আশীষ ল'লে । মঙ্গল বাদ্য বাজি উঠিল গগণ মণ্ডলত, পুস্পবৃষ্টি হ'ল আকাশৰ পৰা । সাক্ষী হৈ ৰ'ল শয্যাতি, সুকীৰ্তিসহ আশ্ৰমৰ যত জীৱকুল চ্যৱন - সুকন্যাৰ বিবাহৰ । বিবাহ কাৰ্য সম্পন্ন কৰি শয্যাতিয়ে সুকন্যা আৰু মহৰ্ষিৰ ওচৰত বিদায় মাগিলে । বিদায় ক্ষণ যে বেদনাদায়ক; অশ্ৰুসিক্ত নয়নেৰে সুকন্যাই বিদায় জনালে পিতা আৰু সখী সুকীৰ্তিক
0 Comments