যদিওবা দৃঢ়তাৰে , যুক্তিপূৰ্ণভাৱে সুকন্যাই লৈছিল তাইৰ সিদ্ধান্ত , কিন্তু তথাপি চ্যৱনৰ মনত সংশয় আছিল । পাৰিব জানো ৰাজ কাৰেঙৰ লাহ-বিলাহৰ মাজত পালিতা সুকন্যাই আশ্ৰমৰ কঠোৰ জীৱন যাপন কৰিব ! পাৰিব জানো সঁচাকৈ এক সুন্দৰী যৌৱনাই এক অন্ধ- বৃদ্ধৰ লগত জীৱন কটাব !
কিন্তু সুকন্যা ব্যতিক্ৰম; চ্যৱনৰ আশংকাক মিথ্যা প্ৰমাণিত কৰি সহজভাৱে লৈছে আকোঁৱালি তপস্বিনীৰ জীৱন । আগ্ৰহেৰে, ভক্তিভাৱে, প্ৰেমেৰে স্বামীৰ লৈছে যতন । অন্ধ চ্যৱনৰ দৃষ্টি হৈছে এতিয়া সুকন্যা ; বৃদ্ধ চ্যৱনৰ হাতৰ লাখুটি এতিয়া সুকন্যা । জন্মৰ পৰাই সুকোমল শেতেলীত শয়ন কৰা সুকন্যাই স্বামীৰ কুটিৰত ভূমিত কৰিছে শয়ন! এসময়ত দাসীৰ সহায়ত দুগ্ধৰে স্নান কৰা সুকন্যাই আজি নদীৰ জলত অকলে কৰিছে স্নান ! ভাবি আচৰিত হ'ল চ্যৱন । পত্নীৰ প্ৰতি প্ৰেম আৰু ভক্তিৰে গদগদ হ'ল চ্যৱন । হঠাত চ্যৱনৰ শংকা জাগিল । আশ্ৰমৰ কিছু নিলগত থকা নদীত স্নান কৰিবলৈ যোৱা সুকন্যা এতিয়াও চোন ঘূৰি অহা নাই ! কিবা বিপদ হোৱা নাইতো ? পত্নীক বিচাৰি যোৱাটো অলীক কল্পনা অন্ধ চ্যৱনৰ বাবে । একমাত্ৰ ভৰষা মাথো ভগৱন্তহে । চিন্তিত চ্যৱনে লৈছে সেয়ে ভগৱন্তৰ নাম ।
বনৰ পৰিৱেশত আপোনপাহৰা হয় সুকন্যা । আশ্ৰমৰ নাতি দূৰতে আছে এখন নদী । নদীখনৰ কিছু নিলগতে আছে সেই সৰোবৰটো যিটোৱে সুকন্যাক আকৰ্ষণ কৰি অন্ধত্ব প্ৰদান কৰিছিল চ্যৱনক । নিৰ্জন এই স্থানত কোনো মনুষ্যই প্ৰৱেশ নকৰে , পুৰুষেও ! সেয়ে নিৰ্ভীক , নি:সংকোচ ভাৱে ইয়াত স্নান কৰিব পাৰে সুকন্যাই । নদীৰ নিৰ্মল জলৰাশিত বহু পৰ জলকেলি কৰিলে সুকন্যাই ; সময়ৰ কথা পাহৰি গৈছিল । দিনমণিৰ উদয়ৰ পূৰ্বেই আহিছিল তাই । এতিয়া দিনমণিৰ প্ৰভাতী কিৰণ দেহত পৰাতহে চেতনা আহিল সুকন্যাৰ । লৰালৰিকৈ হাতত অনা কলহটোত পানী ভৰাই ডম্বৰু যেন কঁকালত কলহটো লৈ তিতা বস্ত্ৰৰে আশ্ৰমলৈ যাব ওলাল সুকন্যা ।
পদ সঞ্চালন ক্ৰমে বৃদ্ধি পাইছে সুকন্যাৰ; নিশ্চয় স্বামী হৈছে চিন্তিত । কিয় সময়ৰ মূল্য নুবুজে তাই ? পূৰ্বেও এই স্থানতে সময়ৰ মূল্য নুবুজি তাই কৰি থৈছে ভুল ! আৰু আজিও একেই----আ: নিজৰ ওপৰতে খঙ উঠিল সুকন্যাৰ । পূৰ্বতকৈও বেগাই খোজ ল'লে তাই । হেন্দোলনি উঠিছে যৌৱনৰ ; দিনমণিৰ আভাত জিলিকি উঠিছে সুকন্যাৰ নিভাঁজ যৌৱন !
" ৰ'ব দেৱী, ইমান বেগেৰে ক'ত যায় আপুনি ?"
হঠাত অচিন পুৰুষৰ কণ্ঠস্বৰত হতচকিত হ'ল সুকন্যা । অতপৰে সুকন্যাৰ দৃষ্টি আছিল কেৱল নিজৰ পথত । ওপৰলৈ মূৰ তুলি চোৱা নাছিল তাই । কিন্তু অচিন মাতত দৃষ্টি প্ৰসাৰিত কৰি আচৰিত হ'ল সুকন্যা । ই কি , দুজন অচিন পুৰুষে সুকন্যাৰ পথ ৰুদ্ধ কৰি থৈছে । মুখলৈ চালে তেওঁলোকৰ---ছি: ইমান লুব্ধ চাৱনি সিহঁতৰ তাইৰ দেহৰ ওপৰত ।
নিজৰ দেহলৈ চালে সুকন্যাই । বৰ অস্বস্তি অনুভৱ কৰিলে তাই । সদ্যস্নাতা শৰীৰত তিতা বস্ত্ৰৰে উন্মুক্ত হৈ পৰিছে তাইৰ ভৰা যৌৱন । দেহৰ ভাঁজ বোৰ ঢাকিবলৈ অক্ষম হৈছে তাইৰ তিতা বস্ত্ৰ খানি । টানি টুনি ঢাকো বুলি দেহৰ যৌৱন চেষ্টা কৰোঁতে পিছলি পৰিল তাইৰ হাতৰ কলহ ! চূৰ্ণাকৃত কলহৰ পানীয়ে আৰু ভিজাই তুলিলে সুকন্যাক । অট্টহাস্য কৰি উঠিল নিৰ্লজ দুটাই । সৰ্ব শৰীৰ আৰু ঢকাতো সম্ভৱ নহয় । জিলিকি উঠা উঠন বুকুক দুয়ো হাতেৰে ঢকাৰ চেষ্টা চলালে সুকন্যাই । আশংকিত , ভীতিগ্ৰস্ত সুৰে তাই প্ৰশ্ন কৰিলে , " কোন আপোনালোক ? কিয় মোৰ বাট ধৰিছে আগচি ? নাজানে নেকি মই মহৰ্ষি চ্যৱনৰ পত্নী ।"
" জানো দেৱী, সেই বাবেইটো ধৰিছো বাট আগচি । পাৰিছে জানো মহৰ্ষিৰ বৃদ্ধ কলেৱৰে আপোনাৰ যৌৱনৰ তৃষ্ণা দূৰ কৰিব ? আমালৈ চাওক কেনে সুন্দৰ ৰূপ আমাৰ । আমাৰ দৰে ৰূপহ যৌৱনৰ এক কলেৱৰৰ লগত একাকাৰ হোৱাটো জানো আপুনি নিবিচাৰে ? "
ছি: কি কৈছে এয়া পাষণ্ডহঁতে । পতিব্ৰতা নাৰীয়ে দৰ্শন নসকৰে স্বামীৰ বিনে অন্য পুৰুষৰ । নাভাৱে এনে ঘৃণনীয় কাৰ্য ! খঙত তলমূৰ কৰি ৰ'ল সুকন্যাই ।
" দেৱী নালাগে ল'ব আৰু সেই জীৰ্ণ , শীৰ্ণ, অন্ধ আপোনাৰ স্বামীৰ স্পৰ্শ । আমাৰ দৰে সুঠাম যৌৱনক লওক আদৰি ।"
পতি নিন্দা আৰু শুনিব নোৱাৰিলে সুকন্যাই । এসোঁতা তপ্ত ৰক্ত বৈ গ'ল সুকন্যাৰ দেহত । চিৎকাৰ কৰি উঠিল তাই -------
" বহু সহিলো, আৰু নসহো পতিনিন্দা । অধম, বৰ্বৰ পতিব্ৰতা নাৰীক তহঁতে নকৰিলি সন্মান । স্বামীক কৰা সেৱাৰ পৰা যি পুণ্য লভিছো মই তাৰ জৰিয়তে তহঁতক দিম অভিশাপ ।" --- উগ্ৰমূৰ্তি ধৰিলে সুকন্যাই ।
অথন্তৰ ঘটাৰ পূৰ্বেই দুয়োজনে
'ক্ষমা', 'ক্ষমা ' বুলি সুকন্যাৰ চৰণত কৰিলে প্ৰণাম । দিলে বিনয়েৰে নিজৰ পৰিচয়--" দেৱী , ক্ৰোধ নকৰিব আমাক । দেৱতাৰ বৈদ্য আমি দুয়ো অশ্বিনীকুমাৰ । আপোনাৰ পতিব্ৰতা ধৰ্মৰ আমি লৈছিলো পৰীক্ষা !!"
ক্ৰোধ শাম কটা নাই সুকন্যাৰ । ক্ৰোধাগ্নিত ফুঁপাইছে সুকন্যাই । অশ্বিনীকুমাৰদ্বয়ে বিপদৰ আশংকাত কৰিছে কাকূতি । লাহে-লাহে প্ৰকৃতস্থ হ'ল সুকন্যা । সতৰ্ক বাণী শুনালে দেৱক, " মনুষ্যই হওক বা দেৱতাই হওক কোনো নাৰীৰ প্ৰতি নকৰিব এনে ব্যৱহাৰ । "
আশ্বাস দিলে দেৱদ্বয়ে আৰু শুনালে আগমনৰ উদ্দেশ্য--" দেৱী, মহৰ্ষি চ্যৱনৰ দুখত আমিও দুখী । কিন্তু আপুনি যদি দিয়ে অনুমতি আৰু মহৰ্ষিয়ে কৰে আগ্ৰহ নিবাৰণ কৰিব পাৰোঁ আমি আপোনাসৱৰ দুখ ।"
" কিহৰ অনুমতি ? কি দুখ নিবাৰণ কৰিব আপোনাসৱে ? " বৰ বিশেষ আগ্ৰহ নেদেখুৱালে সুকন্যাই ।
সুকন্যাৰ আগ্ৰহ নেদেখিলেও এজনে দিলে প্ৰস্তাৱ, " দেৱী, দেৱতাৰ বৈদ্য আমি; জানো উপচাৰ । দিব পাৰোঁ আমি মহৰ্ষিক দৃষ্টিশক্তি ।"
" দৃষ্টিশক্তি !! " উৎফুল্লিত হৈ পৰিল এইবাৰ সুকন্যা । '' কি কৈছে দেৱ ? মোৰ স্বামীক দিব পাৰিব দৃষ্টি শক্তি !!"
" হয় দেৱী, যদি বিচাৰে মহৰ্ষি আৰু আপুনি কৰিব পাৰোঁ আমি মহৰ্ষিক যৌৱনো প্ৰদান ।"
" যৌৱনো ------!! "
বুজাব নোৱাৰা শিহৰণ জাগি উঠিল সুকন্যাৰ দেহত । স্বামীৰ দৃষ্টি ! স্বামীৰ যৌৱন ! কল্পনা কৰি ৰ'ল সুকন্যাই মনতে ।
সুযোগ বুজি অশ্বিনীকুমাৰে ক'লে, " দেৱী, মহৰ্ষিয়ে হয়তো উপযাচি নল'ব যৌৱন । কিন্তু আপুনি যদি কৰে অনুৰোধ----পাছে সকলো এতিয়া নিৰ্ভৰ আপোনাৰ ওপৰতে । আমি মাথো অপেক্ষা কৰিম অনুমতি পোৱালৈ । " এইদৰে সুকন্যাৰ মনত আশাৰ বন্তি জ্বলাই অশ্বিনীকুমাৰে বিদায় মাগিলে ।
স্থবিৰ হৈ ৰৈ থাকিল সুকন্যা । মনলৈ আহিল নানা ভাৱ । কি কৰিব এতিয়া সুকন্যাই ? অশ্বিনীকুমাৰে কৈ গ'ল সকলো এতিয়া তাইৰ ওপৰতে নিৰ্ভৰ । প্ৰতিগৰাকী নাৰীয়ে বিচাৰে নিজ স্বামী হৈ ৰওক চিৰ তৰুণ । কিন্তু কেনেদৰে সুকন্যাই ক'ব স্বামীক ! বিবাহৰ পূৰ্বে তায়েইটো কৈছিল স্বামীক বিষয় সুখ গৌণ বুলি ! এতিয়া কোন মুখে ক'ব স্বামীক যৌৱন প্ৰাপ্তিৰ বাবে উপচাৰ কৰিবলৈ । যদি স্বামীয়ে মনত পাই সন্তাপ ! নাই নাই কদাপি নকয় স্বামীক অশ্বিনীকুমাৰৰ প্ৰস্তাৱ । দৃঢ় সংকল্প লৈ সুকন্যাই যাত্ৰা কৰিলে আশ্ৰমলৈ ।
0 Comments