অপেক্ষা কৰি কৰি ভাগৰি পৰিল চ্যৱন । মনলৈ আহিছে নানা দুশ্চিন্তা । সুকন্যাৰ কিবা বিপদ হোৱা নাইতো ! পত্নীক নিৰাপত্তা প্ৰদান কৰাটো স্বামীৰ প্ৰথম দায়িত্ব; কিন্তু----বৰ অসহায় অনুভৱ কৰিলে চ্যৱনে । নিজৰ বৃদ্ধত্ব আৰু অন্ধত্বৰ ওপৰত ক্ৰোধ জন্মিল তেওঁৰ ।
এনেতে সুকন্যা আশ্ৰম আহি পালেহি । স্বামীৰ অস্থিৰ ৰূপ দেখি বুজিলে পলম হোৱা বাবে স্বামী চিন্তিত হৈছে । ওচৰ চাপি গ'ল সুকন্যা " ক্ষমা কৰিব নাথ, আজি স্নান কৰি আহোঁতে মোৰ বহু পলম হ'ল ।"
সুকন্যাৰ মাত শুনি চ্যৱন আশ্বত্ব হ'ল , " পালাহি প্ৰিয়ে, কিবা বিপদ হৈছিল নেকি তোমাৰ ? "
" বিপদ---!!" উচপ খাই উঠিল সুকন্যা । জ্ঞাত হ'ল নেকি স্বামী সেই ঘটনাৰ ! স্বামীৰ মুখ নিৰীক্ষণ কৰি বুজিবৰ চেষ্টা কৰিলে । দেখাত তেনে যেন নালাগিল ; হয়তো পলম হোৱাৰ বাবেই স্বামীয়ে এনেদৰে সুধিছে । স্বস্তিৰ নিশ্বাস পেলালে তাই । "কোনো বিপদ হোৱা নাই নাথ; ৰ'ব মই পুৱাৰ আহাৰৰ কৰোঁ যোগাৰ ।" কোনোমতে কথাষাৰ কৈ সুকন্যা আঁতৰি যাব বিচাৰিলে ।
" ৰ'বা প্ৰিয়ে----।"
স্বামীৰ মাতত সুকন্যাৰ বুকুখন কঁপি উঠিল । ৰৈ গ'ল দুখোজ আগুৱাই । কিবা উমান পাইছে নেকি বাৰু স্বামীয়ে---!!
" প্ৰিয়ে , নয়নে নেদেখিলেও তোমাৰ প্ৰত্যেকটো কাৰ্য মোৰ অন্তৰে অনুভৱ কৰিব পাৰোঁ । কোৱা প্ৰিয়ে, কি হৈছে তোমাৰ ? অনিহা জন্মিছে নেকি তোমাৰ এই বৃদ্ধৰ লগত থাকি ? "
হতবাক হ'ল সুকন্যা । কি কৈছে এয়া স্বামীয়ে ? বুজিলে তাই এতিয়া আৰু গোপন কৰি লাভ নাই । "স্বামী , লগ পাইছিলো আজি মই দেৱ বৈদ্য অশ্বিনীকুমাৰদ্বয়ক । তেওঁলোকে দিছে মোক এক প্ৰস্তাৱ-----।" একে উশাহতে ক'লে কথাখিনি ।
" কি প্ৰস্তাৱ--! মোক যে এতিয়াও অৱগত নকৰিলা । "
" নাথ, প্ৰস্তাৱ দিছে ---দূৰ কৰিব পাৰিব তেওঁলোকে আপোনাৰ অন্ধত্ব ।"
উৎফুল্লিত হৈ পৰিল চ্যৱনৰ বদন । " কি ক'লা মোৰ অন্ধত্ব দূৰ কৰিব । অৰ্থাৎ তোমাৰ শ্ৰীমুখ মই কৰিব পাৰিম দৰ্শন !"
স্বামীৰ উৎসাহ দেখি সাহস পালে সুকন্যাই । নিম্ন স্বৰে লাজ আৰু সংকোচ ভাৱে ক'লে দেৱদ্বয়ে আগবঢ়োৱা দ্বিতীয়টো প্ৰস্তাৱ । আহ্লাদিত হৈ উঠিল চ্যৱন । স্বামীৰ আগ্ৰহে সুকন্যাৰ অন্তৰতো নতুন আশাৰ সৃষ্টি কৰিলে ।
সুযোগৰ অপেক্ষাত আছিল অশ্বিনীকুমাৰদ্বয় । চ্যৱনৰ আগ্ৰহে তেওঁলোককো সাহস দিলে । সেয়ে আগবাঢ়ি আহি চ্যৱনক সেৱা জনালেহি --" প্ৰণাম মহৰ্ষি, অশ্বিনীকুমাৰৰ সেৱা কৰক গ্ৰহণ ।"
" আহক , আহক দেৱ । পত্নীৰ মুখেৰে জানিব পাৰিছো মই আপোনাসৱৰ ইচ্ছা ।" উষ্ম আদৰণি জনালে চ্যৱনে ।
" ঋষিবৰ, মানৱ কল্যাণ, দেৱ কল্যাণেই আমাৰ উদ্দেশ্য । যদি দিয়ে অনুমতি আপোনাৰ উপচাৰ আমি আৰম্ভ কৰিম ।"
" কিয় অনুমতি নিদিম দেৱ ? ভগৱন্তৰ সৃষ্টিক এই দুটা নয়নেৰে পুনৰ উপভোগ কৰিব বিচাৰো।" চ্যৱনৰ উত্তৰত আনন্দিত হ'ল অশ্বিনীকুমাৰ ; আনহাতে দেৱদ্বয়ৰ সন্মুখত লাজ আৰু আনন্দৰ আৱেগত তলমূৰ কৰি ৰ'ল সুকন্যাই-----
" তেন্তে মহৰ্ষি আজিৰ পৰাই আপোনাৰ উপচাৰ আমি আৰম্ভ কৰিম । তাৰবাবে আপুনি আমাৰ লগত কিছুদিন থাকিব লাগিব । যাব লাগিব আশ্ৰমৰ দাঁতিত থকা সৰোবৰটোলৈ ।"
পুনৰ সৰোবৰটোলৈ ! চক্ খাই উঠিল সুকন্যা । ' হে দেৱ, আশ্ৰমতে স্বামীৰ উপচাৰ কৰিব নোৱাৰিনে ?' উৎকণ্ঠিত মনে সুধিলে সুকন্যাই । পত্নীৰ মনোভাৱ বুজি চ্যৱনে ক'লে, " তুমি চিন্তা নকৰিবা প্ৰিয়ে । দেৱ বৈদ্যৰ ওপৰত মোৰ বিশ্বাস আছে । তুমি মাথো অপেক্ষা কৰিবা মোৰ আগমনলৈ ।"
সুকন্যাক কোনো কথা কোৱাৰ আৰু সুযোগ নিদিলে অশ্বিনীকুমাৰে । চ্যৱনক হাতত ধৰি লৈ গ'ল দুয়ো সৰোবৰৰ দিশে । দৃষ্টিৰে দেখা লৈকে চাই ৰ'ল সুকন্যাই তেওঁলোকক । আগে নহা বহু প্ৰশ্নও আহিল মনলৈ । কিয়, কি উদ্দেশ্যত অশ্বিনীকুমাৰে আমাৰ প্ৰতি কৰিছে ইমান দয়া ! আছে নেকি ইয়াত কিবা ষড়যন্ত্ৰ ! সমিধান বিচাৰি নাপালে সুকন্যাই । ভগৱন্তক চিন্তি পতিদেৱৰ কুশল কামনা কৰি সুকন্যা সোমাই গ'ল কুটিৰলৈ ।
0 Comments