অশ্বিনীকুমাৰ , দেৱতাৰ বৈদ্য ! মাথো ইমানেই আছিল তেওঁলোকৰ পৰিচয় । পোৱা নাছিল তেওঁলোকে দেৱত্ব প্ৰাপ্তি । দেৱগণেও দিব বিচৰা নাছিল সম স্থান অশ্বিনীকুমাৰক ; মনুষ্যইও আগনবঢ়াই যজ্ঞৰ ভাগ অশ্বিনীকুমাৰলৈ । এবাৰ অমৰাৱতীত দেৱেন্দ্ৰৰ পৰা নিজ প্ৰাপ্য বিচাৰি অপমানিত হৈছিল তেওঁলোক স্বয়ং দেৱতামণ্ডলীৰ হাততে । আনকি তাচ্ছিল্য কৰিছিল দেৱেন্দ্ৰইও এনেদৰে ' নীচভাৱে জন্ম আপোনাসৱৰ, বৈদ্য বুলি পাইছে পৰিচয় তাতে থাকক সন্তুষ্ট হৈ । বাওনা হৈ চন্দ্ৰলৈ নেমেলিব হাত ।"
দেৱেন্দ্ৰৰ কথা সত্য; জন্ম তেওঁলোকৰ অতি বিচিত্ৰ । যদিওবা পিতৃ - মাতৃৰ জন্তু ৰূপত সঙ্গমৰ ফচল তেওঁলোক তথাপি তেওঁলোক নহয় জাৰজ সন্তান । বৈধ মাতা - পিতাৰে পুত্ৰ তেওঁলোক ! তেনেস্থলত তেওঁলোকৰ প্ৰতি দেৱগণে কিয় ৰাখিছে ইমান ঘৃণা ?
ঘটনা সূৰ্যলোকৰ ; সূৰ্যদেৱে বিবাহ কৰিছিল দেৱশিল্পী বিশ্বকৰ্মাৰ কন্যা সংজ্ঞাক ( সৰন্যু / সন্ধ্যা নামেৰেও জনাজাত ) । তীব্ৰ জ্যোতিষ্মান দিনমণিৰ বিপৰীতে সংজ্ঞা আছিল শান্ত সমাহিত । অকৃত্ৰিম প্ৰেম কৰিছিল সূৰ্যদেৱে সংজ্ঞাক । পাছে সহিব পৰা নাছিল সংজ্ঞাই সূৰ্যদেৱৰ জ্যোতি । দহিছিল সংজ্ঞাৰ সুকোমল দেহ দিনমণিৰ তাপে । শ্বেতাংগিনী সংজ্ঞা হৈছিলগৈ তাম বৰণীয়া ! তথাপি দিনমণিৰ সান্নিধ্যত সংজ্ঞাই জনম দিছিল যম আৰু যমী (যমুনা) নামে এহাল পুত্ৰ-কন্যাক । কিন্তু কিমান সহিব ; অসহ্য হৈ পৰিছিল সংজ্ঞাৰ বাবে দিনমণিৰ তাপ । সেয়ে স্বামীৰ অজ্ঞাতে নিজৰে এক প্ৰতিবিম্ব ( ছায়া) সৃষ্টি কৰি সেই ছায়াক সূৰ্যলোকত ৰাখি সংজ্ঞা গুচি গৈছিল পিতৃ গৃহলৈ । পিতৃৰ পৰামৰ্শত সহনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সংজ্ঞাই উত্তৰকুৰু নামে ঠাইত অশ্বিনীৰ বেশেৰে কৰিছিলগৈ তপ ।
সূৰ্যদেৱ অজ্ঞাত আছিল এই সন্দৰ্ভত । ছায়াকেই সংজ্ঞা বুলি কৰি গৈছিল স্নেহ । পাছে এদিন কোনো কথাত যমৰ ওপৰত ছায়া ক্ৰোধিত হৈ যমক প্ৰহাৰ কৰাৰ উপৰি অভিশাপ দিবলৈও ছায়া হৈছিল উদ্যত । ছায়াৰ এনে উগ্ৰ ৰূপ দেখি দিনমণিৰ সন্দেহ উপজিল--------' কেনেকৈ মাতৃয়ে সন্তানক অভিশাপ দিব পাৰে!! ' ছায়াক সম্বোধন কৰি ক্ৰোধিত দিনমণিয়ে কৈফিয়ৎ বিচাৰিলে ; ভীতিগ্ৰস্ত হৈ ছায়াই সত্য বিৱৰি ক'লে --" প্ৰকৃততে মই সংজ্ঞাৰ প্ৰতিবিম্বহে, সংজ্ঞা আছে তপস্যা কৰি ।" এক মুহুৰ্তও পলম নকৰি সূৰ্যদেৱ ওলাল সংজ্ঞাৰ অন্বেষণত---
অনেক স্থানত অন্বেষণৰ অন্তত অৱশেষত উত্তৰকুৰু নামে স্হানত উপস্থিত হ'ল সূৰ্যদেৱ । অশ্বিনীৰূপী সংজ্ঞাক তপস্যাৰত দেখি প্ৰেম আৰু বিৰহত আতুৰ হ'ল সূৰ্যদেৱ। ল'লে নিজে এক অশ্বৰ ৰূপ আৰু কামভাৱে জড়িত হৈ অশ্বিনীৰূপী সংজ্ঞাৰ কাষ চাপিল । সংজ্ঞাইও নোৱাৰিলে নিজকে সংযত কৰিব । মিলন ঘটিল দুয়োৰে অশ্ব - অশ্বিনী ৰূপত । মিলনৰ পাছত সম্বিত ঘূৰাই পালে সংজ্ঞাই । অশ্বৰূপী সূৰ্যদেৱক তাই চিনি পোৱা নাই ; এয়া কি কৰিলো মই ? পৰৰ লগত মিলন হ'লো বুলি ক্ৰন্দন কৰি অশ্বৰ বীৰ্য্য নাকৰ নিশ্বাসেৰে উলিয়াই দিলে । ঈশ্বৰৰ কি মহিমা, সেই বীৰ্য্যৰ পৰাই জনম লভিলে দুই যমজ শিশুৱে । সূৰ্যদেৱে পৰিচয় দিলে আৰু দুই শিশুকো আকোঁৱালি ল'লে । দিলে দুই শিশুৰ নাম নাসত্য আৰু দস্ত্ৰ । পৰবৰ্ত্তী পৰ্যায়ত দুই শিশু অশ্বিনীকুমাৰ নামে জগতত পৰিচিত হ'ল আৰু পিতৃৰ আশীৰ্বাদত দেৱতাৰ বৈদ্য বুলি হ'ল পৰিচিত । দেৱেন্দ্ৰাদি দেৱগণে অশ্বিনীকুমাৰক বৈদ্য ৰূপে গ্ৰহণ কৰিলে যদিও সমস্থান এতিয়াও প্ৰদান নকৰিলে ।
অমৰাৱতীত দেৱতাৰ ওচৰত লাজ আৰু অপমানত জৰ্জৰিত হৈ দুয়ো ভাতৃ গৈছিল ন্যায় বিচাৰি বৈকুণ্ঠধামলৈ , নাৰায়ণৰ সমীপে । নাৰায়ণে সমিধান দিছিল তেওঁলোকক চ্যৱনৰ সহায় ল'বলৈ । সেয়ে নিজ অধিকাৰ পোৱাৰ আশাত অশ্বিনীকুমাৰদ্বয় আহিছে চ্যৱনৰ আশ্ৰমলৈ !! কল্পনা কৰিছে দুয়ো ভাতৃয়ে চ্যৱনক যৌৱন প্ৰদান কৰি তাৰ বিনিময়ত চ্যৱনৰ সহায়ত তেঁওলোকে দেৱেন্দ্ৰৰপৰা আঁজুৰি আনিব নিজৰ অধিকাৰ !!
0 Comments