শয্যাতিৰ ৰাজভৱনত উখল মাখল পৰিৱেশ ; নিমন্ত্ৰিত মিত্ৰ ৰাজন, ঋষি - মুনি সকলৰ আগমণ ঘটিছে । দেৱৰ্ষিৰো আগমণ ঘটিল । সকলোকে সেৱা-সৎকাৰ কৰি যথাযোগ্য আসনত বহুৱাইছে স্বয়ং শয্যাতিয়ে ।
যথা সময়ত সুকন্যা সহিতে মহৰ্ষি চ্যৱনো আহি উপস্থিত হ'ল । স্বামীক যজ্ঞ স্থলিতে এৰি সুকন্যা গ'ল অন্তেষপুৰলে ।
নিমন্ত্ৰিত সকলো অতিথি আহি উপস্থিত হ'ল । যজ্ঞৰ লগ্নও ওচৰ চাপিল । সকলোকে সম্ভাষণ জনাই শয্যাতিয়ে যজ্ঞ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিলে চ্যৱনক । শুভাকাংক্ষীগণৰ শুভেচ্ছা আৰু ভগৱন্তৰ চৰণত আশীষ বিচাৰি চ্যৱনে যজ্ঞৰ কাম আৰম্ভ কৰিলে । আনফালে চ্যৱনৰ পুৰোহিতালিত আশাম্বিত হৈছে অশ্বিনীকুমাৰ ; কিন্তু উৎকণ্ঠিত হৈছে দেৱগণ ।
যজ্ঞৰ পূৰ্ণাহুতি দিবলৈ আগবাঢ়িল চ্যৱন ; দেৱেন্দ্ৰইও কৰ্ণ ৰাখিছে জাগ্ৰত কৰি । --ঔম হৃষীকেশায় নম: , ঔম মহেশ্বৰায় নমঃ , ---চ্যৱনে দি গৈছে এনেদৰে যজ্ঞৰ ভাগ । হঠাত দেৱেন্দ্ৰক সচকিত কৰি চ্যৱনে কৰিলে ঘোষণা, " স্বৰ্গৰ দেৱগণৰ লগতে অশ্বিনীকুমাৰলৈও মই যজ্ঞৰ ভাগ আগবঢ়ালো ।"
অশ্বিনীকুমাৰ ! আঃ সহ্য কৰিব নোৱাৰিলে দেৱেন্দ্ৰই । স্থিৰেৰে ৰৈ থাকিব নোৱাৰিলে অমৰাৱতীত দেৱেন্দ্ৰই । হাতে বজ্ৰ ধৰি দেৱেন্দ্ৰই প্ৰতিশোধ লওঁ বুলি চ্যৱনৰ ওপৰত ক্ৰোধাম্বিত ৰূপে উপস্থিত হ'লহি শয্যাতিৰ যজ্ঞস্থলীত । দেৱেন্দ্ৰৰ ৰূপ দেখি অতিথি সকল সস্ত্ৰস্ত হ'ল । যজ্ঞ বিফলে যাব বুলি শংকিত হৈ শয্যাতিয়ে দেৱেন্দ্ৰক প্ৰণাম জনাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে । কিন্তু শয্যাতিৰ অভ্যৰ্থনাই দেৱেন্দ্ৰৰ ক্ৰোধাগ্নিত যেন ঘিঁউহে ঢালিল । গৰজি উঠিল দেৱেন্দ্ৰ, " আ: শয্যাতি, তয়ে অথন্তৰৰ মূল । জোঁৱাই চ্যৱনৰ লগ হৈ চল কৰি যজ্ঞ পাতিছ । যজ্ঞ পাতি জোঁৱাইৰ হতুৱাই , অশ্বিনীকুমাৰৰ ঋণ শোধাই , দেৱতাৰ সন্মান লাঘৱ কৰিছ ।"
দেৱেন্দ্ৰৰ অহংকাৰ, শহুৰ শয্যাতিৰ অপমান আৰু সহ্য নহ'ল চ্যৱনৰ । অতপৰে মৌন হৈ থকা চ্যৱনে মাত লগালে, " স্তব্ধ হোৱা পুৰন্দৰ ,বহু অপমান আমাক দিলা । পাহৰিলা তুমি শিষ্টাচাৰ; সভ্যজন বিৰাজমান হৈ থকা এই যজ্ঞস্থলীত প্ৰকাশ কৰিছাহি তুমি ৰজগুণ । মনত ৰাখিবা অশ্বিনীকুমাৰ নহয় কাৰো অবৈধ সন্তান ----।"
চ্যৱনৰ কথা আৰু শুনিব নিবিচাৰিলে দেৱেন্দ্ৰই । বজ্ৰ দাঙি হুংকাৰ কৰিলে দেৱেন্দ্ৰই, " বজ্ৰপাণি মই, এই বজ্ৰৰে আজি মই চূৰ্ণ কৰিম চ্যৱনৰ দৰে ভণ্ড ঋষিৰ দম্ভ ।" ধৈৰ্য্যচ্যুতি ঘটিল চ্যৱনৰো ; অভিশাপ দিলে দেৱেন্দ্ৰক, " তই নিচিনিলি মোৰ তপোবলক । দিছো অভিশাপ যি বজ্ৰ লৈ তই ইমান দম্ভ কৰ সেই বজ্ৰ তোৰ হাততে লাগি ধৰিব ।"
মহৰ্ষিৰ অভিশাপ ! পাৰিব জানো দেৱেন্দ্ৰ বাচিব ? নিমিষতে বজ্ৰ লাগি ধৰিল ইন্দ্ৰৰ হাতত । পাৰ্যমানে দেৱেন্দ্ৰই চেষ্টা কৰিছে হাতৰ পৰা বজ্ৰ এৰুৱাবলৈ; কিন্তু অক্ষম হ'ল দেৱেন্দ্ৰ । এতিয়াহে দেৱেন্দ্ৰই বুজিলে কি অপৰাধ ঘটালে তেওঁ । সমীহ উপজিছে মনত । অনুশোচনাও জাগিছে মনত ; উপায়হীন হৈ তেওঁ চ্যৱনৰ চৰণত দীঘল দি পৰিল । ' ক্ষমা ' , ' ক্ষমা ' বুলি ভিক্ষা মাগিলে । অঙ্গীকাৰ কৰিলে অশ্বিনীকুমাৰৰ প্ৰতি আৰু বিদ্বেষ ভাৱ নাৰাখে তেওঁ; দেৱত্ব প্ৰদান কৰিব অশ্বিনীকুমাৰক ।
মহৰ্ষিৰ ক্ৰোধ শাম কাটিছিল ; দয়া উপজিছিল দেৱেন্দ্ৰৰ প্ৰতি । সেয়ে অভিশাপ মহৰ্ষিয়ে ঘূৰাই ল'লে । সকলোৰে ওচৰত ক্ষমা বিচাৰি আৰু সেৱা জনাই দেৱেন্দ্ৰ গ'ল অমৰাৱতীলৈ । যজ্ঞ ইতিপূৰ্বে সফল হৈছে বুলি ঘোষণা কৰি চিন্তাম্বিত শয্যাতিৰ চিন্তা দূৰ কৰিলে চ্যৱনে ।
সকলো আনন্দিত হ'ল । শেষ ভালেই সকলো ভাল । নিজ অধিকাৰ লাভ কৰি স্বৰ্গৰপৰাই অশ্বিনীকুমাৰে কৃতজ্ঞতা জনালে চ্যৱনক । ঋণ পৰিশোধ কৰিব পাৰি চ্যৱনো হ'ল সন্তুষ্ট । স- সন্মানেৰে অতিথিগণক বিদায় দি শয্যাতিয়ে আনন্দিত মনে জোঁৱাই চ্যৱনক লৈ গ'ল ৰাজভৱনলৈ ।
================== সমাপ্ত ==================
0 Comments