মানসিক যন্ত্ৰনাত চটফটাইছে সুকন্যাই । নিজ কক্ষত আৰু সোমাই থাকিব তাই নোৱাৰিলে । ভৱনৰ চাদলৈ ওলাই আহি দৃষ্টি প্ৰসাৰিলে ৰাজবাটত । হতাশ হ'ল সুকন্যা ; দৃষ্টিৰ প্ৰসাৰলৈকে নপৰিল পিতৃৰ ৰথ । হঠাত মনলৈ আহিল কিজানি পিতৃয়ে নিজ কক্ষত আহি লৈছেহি বিশ্ৰাম ! খৰধৰকৈ ধাৱমান হ'ল তাই পিতা শয্যাতিৰ কক্ষলৈ ।
সত্য অনুমান কৰিছিল সুকন্যাই । কক্ষৰ একোণত বহি আছে পিতৃ ; কিন্তু ইমান বিষাদগ্ৰস্ত- চিন্তাম্বিত ৰূপ । পিতৃৰ অৱস্থাই উদ্বিগ্ন কৰিলে সুকন্যাক । নানা দুশ্চিন্তা মনলৈ আহিল । তথাপি এখোজ এখোজকৈ আগবাঢ়ি গ'ল তাই পিতৃৰ কাষলৈ---" পিতা, তুমি পালাহি !"
ভাৱত বিভুৰ হৈ থকা শয্যাতি কন্যাৰ মাতত উচপ খাই উঠিল । সুকন্যাক দেখি মূৰ দুপিয়ায় মাথো সঁহাৰি দিলে ।
" পিতা, মহৰ্ষিৰ মঙ্গলনে ? আপোনাক ক্ৰোধ কৰিলে নেকি মহৰ্ষিয়ে ? নে ক্ৰোধাম্বিত হৈ মহৰ্ষিয়ে মোকে দিছে অভিশাপ ?"
সুকন্যাৰ প্ৰশ্নত অশ্বস্তিত পৰিল শয্যাতি । কেনেদৰে ক'ব কন্যাক----? ভাবিব পৰা নাই তেওঁ ।
" পিতা, তোমাৰ মৌনতাত সকলো বুজিছো মই । মহৰ্ষিয়ে মোক দিছে অভিশাপ । তুমি চিন্তা নকৰিবা পিতা ; মই তাৰবাবে বিচলিত নহওঁ । কৰ্মফল ভূগিবলৈ সাজু আছো মই । কওক পিতা কি অভিশাপ দিছে মোক ? "
" কি ক'ম আই আমাৰ আশংকা বাস্তৱত পৰিণত হ'ল । সিদিনাৰ দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱালে চ্যৱনে । সান্ত্বনা দিবলৈ চেষ্টা কৰোঁতে যি প্ৰস্তাৱ পালোঁ মই ঋষিৰ পৰা সি হ'ব অভিশাপতকৈও ভয়ংকৰ তোমাৰ আৰু মোৰ বাবে ।"
অনুশোচনাত দগ্ধ হ'ল সুকন্যা ; অন্তৰাত্মা তাইৰ কঁপিব ধৰিলে । কম্পিত স্বৰে তাই সুধিলে , " কি ---প্ৰ..স্তাৱ পিতা !!"
" ঋষিৰ ইচ্ছা আছিল সাংসাৰিক জীৱন যাপন কৰাৰ । কিন্তু কোনে এতিয়া কৰিব তেওঁক বিবাহ ? দিছে প্ৰস্তাৱ মোক তোমাৰ------" আৰু ক'ব নোৱাৰিলে শয্যাতিয়ে ।
সম্পূৰ্ণকৈ নক'লেও বুজি পালে সুকন্যাই পিতৃৰ কথনৰ তাৎপৰ্য । শিল পৰা কপৌৰ দৰে স্থবিৰ হৈ পৰিল সুকন্যা । নিস্তব্ধতাই বিৰাজ কৰিছে কক্ষত । কোনোৱে কাৰো মুখলৈ চাব পৰা নাই । তেনে ক্ষণতে সখীক বিচাৰি সুকীৰ্তিৰ আগমণ ঘটিল কক্ষলৈ । কিন্তু পিতৃ-কন্যাৰ মৌনতাই উদ্বিগ্ন কৰি তুলিলে সুকীৰ্তিকো । মাতিবলৈ সাহস নকৰি নিশ্চুপ হৈ ৰ'ল কক্ষৰ এটা কোণত । নিজকে সংযত কৰিলে সুকন্যাই ; নিস্তব্ধতা ভাঙি ঘোষণা কৰিলে , " পিতা, কিয় চিন্তা কৰিছা ? এয়াতো গৌৰৱৰ বিষয়; চ্যৱনৰ দৰে মহৰ্ষিক পতিৰূপে পালে ভাগ্যৱতী হ'ম মই ।"
' সুকন্যা '--- চিৎকাৰ কৰি উঠিল শয্যাতিয়ে । " কি কৈছা আই ! চ্যৱন এতিয়া নহয় তৰুণ । শীৰ্ণ দেহ , শুক্ল কেশেৰে তেখেত এতিয়া বৃদ্ধ । তাতে এতিয়া হ'ল অন্ধ । তেনে অৱস্থাত তুমি পতিবৰণ কৰিবা চ্যৱনক ?"
" পিতা, অপৰাধ কৰিছো মই, মহৰ্ষিক অন্ধত্ব প্ৰদান কৰিলো মই, সেয়ে তেখেতকে স্বামী ৰূপে বৰণ কৰি নিজকে মই কৰিম প্ৰায়শ্চিত্ত । মোৰ এই কাৰ্যৰ দ্বাৰা ৰাজ্যৰ প্ৰজাগণো হ'ব সুস্থ । "
" কিন্তু পিতৃ হৈ মই কেনেদৰে কুমলীয়া কন্যাক অৰ্পণ কৰোঁ এক বৃদ্ধৰ হাতত ? " আৰু বহু কথাৰে বুজাবৰ চেষ্টা কৰিলে পিতৃয়ে কন্যাক । কিন্তু পিতৃৰ বুজনি অসাৰ ; আঁকোৰগোজ সুকন্যা চ্যৱনকেই স্বামী ৰূপে বৰণ কৰি নিজ কৰ্মৰ কৰিব প্ৰায়শ্চিত্ত । অৱশেষত হাৰ মানিলে শয্যাতিয়ে । কন্যাৰ সিদ্ধান্তক সন্মতি দি ওলাই গ'ল কক্ষৰ পৰা ।
অতপৰে পিতৃ-কন্যাৰ বাৰ্তালাপ শুনি থকা সুকীৰ্তি এইবাৰ আগুৱাই গৈ সুকন্যাৰ কান্ধত হাত দিলে । পিতৃৰ সন্মুখত জোৰকৈ হেঁচি ৰখা কান্দোনৰ বেগে পাৰ ভাঙি দিছিল ; কান্দোনত ভাঙি পৰিল তাই । হঠাত চিনাকি হাতৰ পৰশ পাই ঘূৰি চালে পাছলৈ । সুকীৰ্তিক দেখি আৱেগত সাৱটি ধৰিলে সুকন্যাই । পিঠিত হাত বুলাই কৈ গ'ল সুকীৰ্তিয়ে-
" সখী, বাধা নিদিওঁ মই, স্বেচ্ছাই কৰা তুমি স্বামী নিৰ্বাচন । কিন্তু আছেনে মনত নিম বুলি কৈছিলা মোকো তোমাৰ লগত ! "
" সখী, নাথাকে মোৰ স্বামী ৰাজকাৰেঙত; নাহে শুকুলা ঘোঁৰাত উঠি । বনৰ তপস্বী তেওঁ । মোক ক্ষমা কৰি দিয়া সখী------" আৰু ক'ব নোৱাৰিলে সুকন্যাই । দুয়োজনীয়ে জোৰকৈ সাৱটি ধৰিলে উভয়ক । কান্দোনৰ ৰোল উঠিল কক্ষত ; কোনে কাক দিব সান্ত্বনা !!
0 Comments