এতিয়াই চাওক

6/recent/ticker-posts

সুকন্যা।। ৰাজীৱ গগৈ।। Sukanya||Rajib Gogoi ||Part-11||

              

 চ্যৱনক লগত লৈ অশ্বিনীকুমাৰদ্বয় উপস্থিত হ'লহি সৰোবৰৰ পাৰত। বিভিন্ন বনৌষধিৰে তেওঁলোকে  চ্যৱনৰ উপচাৰ আৰম্ভ কৰিলে  । দেৱ বৈদ্যৰ বিচিত্ৰ উপচাৰ । এজনে বনৌষধিৰে নিৰ্মিত মহৌষধ লেপন কৰিছে চ্যৱনৰ সৰ্ব শৰীৰত ; আনজনে বনৌষধি খুন্দি তাৰ ৰস পান কৰাইছে চ্যৱনক । কৈ গৈছে চ্যৱনক বনৌষধিৰ চমৎকাৰী গুণ আৰু তাক আয়ত্ব কৰি গৈছে চ্যৱনে । এবিধ বিশেষ বনৌষধিৰে নিৰ্মিত ৰস পান কৰিবলৈ আগবঢ়াই দিলে মহৰ্ষিক , " ঋষিবৰ, এই ঔষধ আপুনি পান কৰকচোন; ভগৱন্তইও আপোনাক যেন কৃপা কৰক ।" বিনাদ্বিধাই গভীৰ আস্থাৰে চ্যৱনে পান কৰিলে সেই  ৰস । 

              কিছু ক্ষণ পাছত চ্যৱনে উল্লাসেৰে চিঞৰি উঠিল, " প্ৰভু, প্ৰভু-- দেৱ, মই দৃষ্টিশক্তি ঘূৰাই পাইছো । ধন্যবাদ দেৱ, ধন্যবাদ প্ৰভু পুনৰ দেখা পাইছো মই আপোনাৰ সৃষ্টি ।" আনন্দাশ্ৰু নিৰ্গত হ'ল চ্যৱনৰ  । সফলতাৰ , সন্তুষ্টিৰ হাঁহি বিয়পি পৰিল অশ্বিনীকুমাৰৰ মুখতো ।

            উৎসাহিত হৈ এইবাৰ অশ্বিনীকুমাৰে  মহৰ্ষিক ক'লে ----- " ঋষিবৰ, যৌৱন প্ৰদানৰ বাবে বনৌষধিৰে আপোনাৰ সৰ্বশৰীৰ লেপন কৰি  আপোনাক লগত লৈ  আমি প্ৰৱেশ কৰিম সৰোবৰৰ জলত ।  ভয় নকৰিব , ডুব মাৰি ৰ'ম কিছু সময় আমি জলৰাশিত ।"

" নতুন জীৱন পাবৰ বাবে মই  সকলো কষ্ট সহিবলৈ সাজু আছো  দেৱ ।" উৎসাহেৰে ক'লে চ্যৱনে । চ্যৱনৰ অনুমতি পোৱাত দুয়ো ভাতৃয়ে চ্যৱনৰ হাতত ধৰি ডুব মাৰিলে সৰোবৰত ।

           আনফালে আশ্ৰমৰ কুটিৰত সুকন্যাই অস্থিৰতাৰে সময় কটাইছে  ; লৈছে  প্ৰভূৰ নাম ।  ঘনে ঘনে  ওলাই আহিছে কুটিৰৰপৰা । অপেক্ষাৰত দৃষ্টি সৰোবৰৰ  দিশে । হঠাত উজ্জ্বল হৈ উঠিল সুকন্যাৰ নয়ন । দেখিছে আঁতৰত তিনি মনুষ্যৰ মূৰ্তি আহি আছে আশ্ৰমৰ দিশে । ক্ৰমে  হৈছে দৃশ্যমান ; চিনিলে সুকন্যাই --- অশ্বিনীকুমাৰ ! কিন্তু এয়া কি  ? তিনিজন ! তিনিওৰে একে ৰূপ, একে কলেৱৰ  !! বিবুধিত পৰিল সুকন্যা । ক'ত গ'ল তেওঁৰ  বৃদ্ধ স্বামী ? সুকন্যাৰ অসহায়তাত আমোদ পালে তিনিও জনে । তাৰে এজন আগুৱাই আহিল সুকন্যাৰ সন্মুখলৈ আৰু ক'লে, " দেৱী, চিনাক্ত কৰা আমাৰ মাজৰ পৰা তোমাৰ  স্বামীক ।" 

           জানিলে সুকন্যাই স্বামীয়ে পৰীক্ষা ল'ব বিচাৰিছে তাইৰ । পতিব্ৰতা নাৰীৰ পৰীক্ষা !! সিদ্ধান্ত ল'লে সুকন্যাই , দিব পৰীক্ষা আৰু উত্তীৰ্ণ হৈও স্বামীক  দেখুৱাব  । তিনিজন কিয় সহস্ৰজনৰ মাজতো চিনি উলিয়াব নিজ স্বামীক । আগবাঢ়ি গ'ল তাই তিনিওৰে সন্মুখলৈ ।  তীক্ষ্ণ ভাৱে  নিৰীক্ষণ কৰিছে প্ৰতি জনকে । সঁচাই অতি জটিল চিনাক্ত কৰাটো কোনজন চ্যৱন ! তথাপি দৃঢ়তাৰে  তিনিওকে নিৰীক্ষণ কৰি মধ্য স্থানত থকাজনৰ চৰণত সুকন্যাই প্ৰণাম যাঁচিবলৈ , " পত্নীৰ সেৱা গ্ৰহণ কৰক স্বামী ।"

           সকলো  আচৰিত হ'ল ; চ্যৱনো । কাৰণ ইমান সাদৃশ্যতাৰ মাজতো সহজে সুকন্যাই চিনি উলিয়ালে তেওঁক , নিজৰ পতিদেৱক । " ধন্য ধন্য দেৱী, প্ৰমাণ কৰিলে আপুনি  পতিব্ৰতা নাৰীৰ বাবে নহয় একোৱেই অসম্ভৱ ।" ---- কৈ উঠিল  অশ্বিনীকুমাৰে ।

          পত্নীক আশীৰ্বাদ দি পুনৰ কৃতজ্ঞতা যাঁচিলে চ্যৱনে অশ্বিনীকুমাৰক, " পুনশ্চ ধন্যবাদ যাচিলোঁ আপোনাসৱক । কওক দেৱ , কি দি সুজিম মই  আপোনাসৱৰ  এই  ঋণ ? "

            এই ক্ষণলৈকে অধীৰ অপেক্ষা আছিল অশ্বিনীকুমাৰদ্বয়ৰ। সুযোগ পোৱাত দুয়ো ভাতৃয়ে  মহৰ্ষিক প্ৰণিপাত জনাই মনৰ অভিলাষ ব্যক্ত কৰিলে , " ঋষিবৰ, সূৰ্যদেৱৰ তনয় হৈও নাপালো আজিলৈকে আমি আমাৰ প্ৰাপ্য । যজ্ঞৰ ভাগ, দেৱত্ব প্ৰাপ্তি নহ'ল আমাৰ ভাগ্যত । দেৱগণেও কৰে আমাক তাচ্ছিল্য । গতিকে ঋষিবৰ মাগিছো ভিক্ষা সহায় কৰক আপুনি আমাক আমাৰ অধিকাৰ প্ৰাপ্তিত ।"

           মনোযোগেৰে শুনিলে চ্যৱনে দেৱদ্বয়ৰ বেথা । গভীৰ ভাবে চিন্তা কৰি মহৰ্ষিয়ে  অঙ্গীকাৰ কৰিলে , " হে দেৱ ,  কথা  দিছো আপোনাসৱক যেতিয়াই সুযোগ পাম যজ্ঞৰ ভাগ মই  আপোনাসৱলৈও আগবঢ়াম । তেনেদৰেই লভিব আপোনাসৱে নিজ  অধিকাৰ ।"

           মহৰ্ষিৰ বচনত আশাৰ বন্তি মনত জ্বলাই অশ্বিনীকুমাৰদ্বয়ে  বিদায় মাগিলে  । যথাযোগ্য সন্মানেৰে দেৱদ্বয়ক বিদায় দিয়াৰ পাছত চ্যৱন সুকন্যাৰ ওচৰ চাপিল ; হৃদয়ত উঠিছে  প্ৰেমৰ জোৱাৰ আৰু নয়নত ঘটিছে তাৰ বহিঃ প্ৰকাশ ।  নৱ  যৌৱনেৰে উদ্ভাসিত স্বামীৰ এনে ৰূপ দেখি লজ্জাবোধে আবৰি ধৰিলে সুকন্যাক । লাজত তলমুৰ কৰি ৰ'ল সুকন্যাই । বাহুত স্পৰ্শ কৰি সুকন্যাৰ মৰমেৰে  সুধিলে   চ্যৱনে, " প্ৰিয়ে , কেনেদৰে চিনিলা তুমি মোক ?" যৌৱনপুষ্ট স্বামীৰ স্পৰ্শত শিহৰণ জাগি উঠিল সুকন্যাৰ দেহত । ৰক্তাভ হৈ পৰিল সুকন্যাৰ বদন । কণ্ঠ যেন যাব ৰুদ্ধ হৈ ! কোনোমতে কণ্ঠৰ পৰা ওলাল স্বৰ, " স্বামী, নয়নে নকয় কেতিয়াও মিথ্যা । আপোনাৰ নয়নত প্ৰকাশিত হৈ আছিল মোৰ প্ৰতি নিভাঁজ প্ৰেম । তাতেই চিনাক্ত কৰিলো মই আপোনাক ।" সুকন্যাৰ উত্তৰে চ্যৱনক  আৱেগিক কৰি তুলিলে  । অ' প্ৰিয়ে--বুলি মৰমেৰে  সাৱটি ধৰিলে পত্নীক  । ধৈৰ্যৰ বান্ধ  চিঙিল সুকন্যাৰো । পৰম আকুলতাৰে সুকন্যাইও সাৱটি ধৰিলে স্বামীক ।

' সুকন্যা ' ----এক তীব্ৰ আটাহত চক্ খাই উঠিল সুকন্যাই । চ্যৱনো হ'ল আচৰিত । দুয়োৰে বাহু বন্ধন হ'ল শিথিল । দৃষ্টি দিলে দুয়ো শব্দৰ উৎসলৈ ।

      ই কি ! এয়াচোন  শয্যাতি ৰাজন ; সুকন্যাৰ  পিতৃ !! ক্ৰোধত অগ্নিশৰ্মা হৈছে ৰাজন , যেন ক্ৰোধাগ্নিত  ভস্ম কৰি দিব আজি সুকন্যাক ।

    বৰ অস্বস্তিত পৰিল সুকন্যা । ছেঃ কি ৰূপত যে দেখিলেহি পিতৃয়ে  ! তথাপি ' পিতা ' বুলি জনালে সম্ভাষণ ।

 " পিতা বুলি মোক সম্বোধন নকৰিবি কুলাঙ্গিনী । ভবা নাছিলো মই  তোক এনে  দুশ্চৰিতা বুলি ।"

       ' কি কৈছে, কিয় কৈছে পিতৃয়ে ইমান নিষ্ঠুৰ ভাৱে ' -- একো বুজিব পৰা নাই  সুকন্যাই । " পিতা, আপুনি মোক ভুল বুজিছে ।"

 " নিজ দৃষ্টিৰে দেখিলো । ব্যভিচাৰিণী তই ! বৃদ্ধ স্বামী চ্যৱনক এৰি  দুষ্কৰ্ম  কৰিছহি  এই  যুৱকৰ লগত ।"

            পত্নীৰ মৰ্য্যাদা ৰক্ষা আৰু শয্যাতিৰ ধাৰণা যে ভুল  তাক প্ৰমাণিত কৰিবলৈ  আগবাঢ়ি গ'ল চ্যৱন । বিনয়েৰে ক'লে, " ৰাজন, সুকন্যাই কোনো  পাপ কৰা নাই ; পৰ পুৰুষৰ লগত প্ৰেমালাপ কৰা নাই । কৰিছে নিজ স্বামী চ্যৱনৰ লগতে । ময়ে আপোনাৰ জোঁৱাই চ্যৱন ।"

            মানি নলয় শয্যাতিয়ে চ্যৱনৰ কথা । কিয়নো মানিব  ? এজন অন্ধ  বৃদ্ধ জানো ইমান ৰূপহ যুৱকত পৰিণত হ'ব পাৰে  ? যিমানে চ্যৱন-সুকন্যাই বুজাব বিচাৰিছে সিমানে ক্ৰোধ বাঢ়িছে শয্যাতিৰ । কিবা যেন পুনৰ ঘটিব অঘটন । তেনেতে আকাশমণ্ডলৰ পৰা ভাঁহি আহিল   হৰি নামৰ ধ্বনি । ক্ৰমে  ওচৰ চাপি আহিছে ধ্বনি---

' হৰি নামে হৰি নামে হৰি নামে সাৰ 

হৰি নামে কৰি আছে জগত উদ্ধাৰ '

স্পষ্টকৈ দেখা পালে সকলোৱে, হাতে বীণা আৰু মুখত হৰি নাম লৈ আশ্ৰমত প্ৰৱেশ কৰিছে দেৱৰ্ষিয়ে । সকলোৱে যথাযোগ্য সন্মানেৰে আদৰি নিলে দেৱৰ্ষিক । উচিত স্থানত উচিত ক্ষণত উপস্থিত হয় দেৱৰ্ষি । আজিও পৰিস্থিতিৰ গুৰুত্ব বুজি আশ্ৰমত উপস্থিত হৈছেহি । আদৰ আতিথ্য গ্ৰহণ কৰি দেৱৰ্ষিয়ে চালে শয্যাতিলৈ । নাই, শয্যাতিৰ ক্ৰোধ এতিয়াও শাম কটা নাই । শয্যাতিক উদ্দেশ্যি দেৱৰ্ষিয়ে ক'লে," ৰাজন, আপোনাৰ কন্যা পৰম পতিব্ৰতা । এনেহেন নাৰীক সন্দেহ কৰাটোও মহাপাপ । মহৰ্ষি চ্যৱনৰ কথাও সত্য । দেৱবৈদ্য অশ্বিনীকুমাৰৰ কৃপাত চ্যৱনৰ দূৰ হ'ল অন্ধত্ব আৰু লভিলে যৌৱন । গতিকে অনৰ্থক ক্ৰোধ আৰু সন্দেহ আপুনি নকৰিব ।"

           দেৱৰ্ষিৰ কথাত বিশ্বাস জন্মিল শয্যাতিৰ । নিজকে অপৰাধী যেন লাগিল শয্যাতিৰ । কিমান যে কটু ব্যৱহাৰ কৰিলে জী-জোঁৱাইক ! অৱশ্যে ক্ষমা খুজিবলৈ সংকোচ নকৰে ৰাজনে । সেয়ে বিনয়েৰে চ্যৱনৰ ওচৰত ক্ষমা   বিচাৰিলে শয্যাতিয়ে  আৰু চেনেহৰ জী সুকন্যাক ? কন্যাক  সাৱটি ধৰি   শয্যাতিয়ে ক্ৰন্দন কৰিব ধৰিলে ' অ'হ আই , মোক ক্ষমা কৰি দিবা তুমি । সন্দেহৰ আবৰ্ত্তত ককৰ্থনা কৰিলো তোমাক ।" 

            পিতৃৰ কান্দোন জানো কন্যাই সহিব পাৰে । পিতৃক সাৱটি সুকন্যাইও কান্দিব ধৰিলে । পিতৃ-কন্যাৰ আৱেগিক দৃশ্যই নয়ন সিক্ত কৰি তুলিলে দেৱৰ্ষিকো । স্বতঃস্ফুৰ্ত ভাৱে ওলাই আহিল বাণী দেৱৰ্ষিৰ মুখেৰে " পুত্ৰ পুত্ৰ বুলি খোৱা হাবাথুৰি, চোৱা জগতবাসী কন্যাই বঢ়াইছে গৌৰৱ পিতৃৰ । ধন্য ধন্য সুকন্যা , তুমি পিতাৰ গৌৰৱ, তুমি স্বামীৰ গৌৰৱ ।" অৱশেষত  দেৱৰ্ষিৰ বুজনিত দুয়ো  শান্ত হ'ল । সংযত কৰি ল'লে  শয্যাতিয়ে নিজকে আৰু ক'লে আগমণৰ উদ্দেশ্য--" ঋষিবৰ, জগতৰ কল্যাণৰ হেতু আমি এক যজ্ঞৰ আয়োজন কৰিছো । আজিৰপৰা এপষেক পাছত হ'ব যজ্ঞানুষ্ঠান। পাৰিষদ গণৰ পৰামৰ্শত যজ্ঞৰ প্ৰধান পুৰোহিতৰ দ্বায়িত্বভাৰ আপোনাকেই অৰ্পণ কৰিব বিচাৰো । আশা কৰিছো আপুনি আমাক নিৰাশ নকৰিব ।" 

             চ্যৱন আচৰিত হ'ল । অশ্বিনীকুমাৰক দিয়া প্ৰতিশ্ৰুতি পালনৰ ইমান সহজ আৰু সোনকালে যে সুযোগ আহিব তাৰ কল্পনা কৰা নাছিল তেওঁ । গ্ৰহণ নকৰাৰ প্ৰশ্নই নুঠে । সাদৰেৰে গ্ৰহণ কৰিলে ৰাজনৰ প্ৰস্তাৱ । সুযোগ আৰু সুবিধা পাই শয্যাতিয়ে দেৱৰ্ষিকো নিমন্ত্ৰণ দিলে ।

             নিমন্ত্ৰণ গ্ৰহণ কৰি দেৱৰ্ষিয়ে সকলোৰে পৰা বিদায় মাগিলে । কিছু সময় আশ্ৰমত থাকি শয্যাতিও উলটি গ'ল ৰাজ্যলৈ । অতদিনৰ মূৰত পিতৃ গৃহলৈ যোৱাৰ সুযোগ অহাত সুকন্যাও আনন্দিত হ'ল ।

Post a Comment

0 Comments