✍ আনন্দ হাজৰিকা
সন্ধিয়াৰ সাজ ভাগিলেই
কুৱাৰ পাৰত গাটো তিয়াই
ভাৱৰীয়া শুদ্ধি হয়
ৰাতিলৈ বৰনামঘৰৰ ভাওনা
দুৰ্যোধনৰ বচন ফাকি আওৰাই
ভাৱৰীয়া তেওঁ
ৰঙৰ প্ৰলেপ সানি লুকুৱাই থয় নিজক
ভাও দিয়ে হাঁহি বিৰহৰ
বছৰৰ পাছত বছৰ
শকুনীৰ প্ৰতিশোধ ভাওনা
অটহাস্য কৰি দুৰ্যোধন ওলাল
প্ৰৱেশৰ প্ৰথমটো খোজতেই মনত পৰিল
পুৱাই কঠিয়া কেইডাল নাপাৰিলে
লঘোণে থাকিব বছৰটো।
এই যে সিন্ধুৰা ৰাগটো প্ৰাণ ঢালি গাই থকা বায়ন জন
যোৱা মাহত তেওঁৰ পত্নীৰ দেহত
ধৰা পৰিছে কেঞ্চাৰ
কৃষ্ণৰ প্ৰৱেশত ব্যস্ত ভাৱৰীয়া জন
বলীয়া বানত ঘৰটো হেৰাইছে
নামঘৰৰ মজিয়াত শকুনীয়ে পাশা পাতিছে
অন্ধ ধৃতৰাষ্ট্ৰই দৰ্শকক ধুলি দি
শকুনীলৈ চাইছে
বেচেৰাৰ ছোৱালী জনীৰ যে বিয়া খন কিয় হোৱা নাই!
দৰ্শকৰ চাপৰি বোৰত
অৰ্জুনেও পাহৰি গৈছে
কৰ্মহীনতাৰ দুখ।
দ্ৰোপদীৰ বস্ত্ৰ টানি থকা
দু:শাষনে ভাবিছে
ৰঙ বোৰ নসনাকৈ এদিন ভাও দিব পৰা হলে।
শেষনিশা ভাওনা ঘৰ নিতাল মাৰিল
ছাল ছিগা আঠুটো মোহাৰি
দুৰ্যোধনে আটাহ পাৰিছে।
কৈল্যান খৰমানৰ শেষত
সেৱকীয়ে দিয়া গামোচা খন
ভাৱৰীয়া ই সযতনে সাচি ৰাখে
কত খন গামোচাত কত যে স্মৃতি
এটা মাহৰ সাধনাৰ পৰিণতি
এদিন হঠাৎ
ভাৱৰীয়াৰ বুকুলৈ বিষ এটা উজাই আহে
অভাৱী ভাৱৰীয়াই ঈশ্বৰকে চিন্তে
তেৰাই কৰিলে কৃপা মৰাও জীব
ভাৱৰীয়াৰ অগাধ বিশ্বাস
তিনি নিশা ভাওনা কৰি নাভাগৰা ভাৱৰীয়া
ভাগৰি পৰে সচা জীৱনত।
সিজনীৰ মূখলৈ চাবকে নোৱাৰে
অভাৱত ফপৰীয়া হৈছে
ঠিক যেন বিপ্ৰ দামোদৰৰ দৰে
সিদিনাৰ ছো ঘৰত কান্দিছিল ভাৱৰীয়া ই
ভাওনা খন বেয়া বোলাত
বাস্তৱত বিপ্ৰ সিদিনা
চৰিত্ৰত কৃষ্ণ
এইয়া ভাৱৰীয়া জনেহে পাৰে।
0 Comments