মণিৰাম দত্ত বায়ন মোক্তাৰ আতৈ ১৮০৩ শকৰ ২২ জেঠ শুক্ৰবাৰৰ দিনা বৰ্ত্তমান গোলাঘাট জিলাৰ পিতৃ যোগাই বৰ মেধিৰ ঘৰত জন্ম গ্ৰহণ কৰে। তেতিয়াৰ কমলাবাৰী সত্ৰৰ এজনা প্রসিদ্ধ সঙ্গীতবিদ ৰূপাই পাঠক আতৈয়ে ১৮০৭ শকত মোক্তাৰ আতৈক সত্ৰলৈ আনি নিজৰ তত্বাৱধানত ৰাখি গুৰু ভটিমা, দেৱ ভটিমা, গুণমালা, লীলামালা আৰু পৰ্যায়ক্রমে সত্ৰীয়া গীত, বাদ্য, নৃত্য, ওজাপালি, নামলগোৱা, পাঠক বিদ্যাৰ শিক্ষা দিয়ায়। ১২ বছৰৰ ভিতৰতে সেইজনা আতৈয়ে সত্ৰীয়া বিদ্যা শেষ কৰি সত্ৰৰ বিষয়া বাধ চলায়। ১৮৩৪ শকত তেতিয়াৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীচন্দ্রকান্ত দেব গোস্বামী প্ৰভুৰ মোক্তার হয় আৰু মৃত্যু পর্যন্ত সেই পদতে থাকে। “অকপটে গুৰুসেৱা যিজনে কৰয়, গুৰু সমান শক্তি শিষ্যত লভয়”, বাণী সাৰ্থক হ'ল। তেখেতৰ গুণ গৰিমা চৌদিশে বিয়পি গ'ল। গুণীৰ মোল বুজা মানুহ আছে। সবিতা বালা ৰাণী, ডঃ মহেশ্বৰ নেওগ, গোবিন্দ বিদ্যার্থী, প্রদীপ চলিহা, পুৰুষোত্তম দাস, বীৰেন্দ্ৰ নাথ, ফুকন আদি কলাপ্রেমী সকলে মোভাবক সত্ৰ চৌহদৰ পৰা বাহিৰলৈ উলিয়াই আনিলে। মোফাৰ আভৈয়ে দিল্লী, চিলং, চিলচৰ, গুৱাহাটী, কোকোৰাঝাৰ, নগাঁও, তেজপুৰ, লক্ষীমপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদিত সত্ৰীয়া নৃত্য বাদ্যৰ প্ৰচাৰ কৰিবলৈ সুবিধা পালে। ১৯৭৭ আৰু ১৯৭৯ চনত দিল্লী ৰাজধানীত সত্ৰীয়া নৃত্য দেখুৱাই মোক্তাৰ আতৈ সকলোৰে প্ৰশংসাভাজন হয়। মোক্তার আকৈ সকলো প্ৰকাৰৰ দিহা পৰামর্শ সহায় সহযোগিতা কৰাৰ ক্ষেত্ৰত ড° মহেশ্বৰ নেওগ ডাঙৰীয়াৰ বৰঙণি উল্লেখনীয়। সৌভাগ্যৰ বিষয় যে ড° মহেশ্বৰ নেওগদেৱৰ অপৰিসীম প্ৰচেষ্টাৰ ফলত ১৯৬৩ চনৰ ১০ নবেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি ড° বাধাকৃষণৰ পৰা সঙ্গীত নাটক একাডেমীৰ সৰ্বপ্ৰথম পুৰস্কাৰ নতুন দিল্লীত মোক্তাৰ আতৈয়ে গ্ৰহণ কৰে। পুৰস্কাৰৰ ভিতৰত এখন তাম্র পত্র, পাঁচহাজাৰ টকাৰ এখন চেক আৰু চন্দন কাঠৰ কুন্দোৱা এটি দীঘলীয়া টেমাত ভৰোৱা এখন প্রশংসা পত্র।
0 Comments